Logo
image

নৱবৰ্ষ উদযাপনৰ নামত আইন ভংগ নকৰিবঃ গুৱাহাটীৰ অলিয়ে-গলিয়ে চলিব আৰক্ষীৰ অভিযান, সুৰপায়ী চালকৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা

ডিজিটেল সংবাদ, গুৱাহাটীঃ নতুন বছৰটোলৈ মাজত মাথোঁ এটা দিন। কাইলৈ ৩১ ডিচেম্বৰ। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰস্তুতি চৌদিশে। নৱবৰ্ষৰ প্ৰাকক্ষণত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আজি এক সংবাদমেল সম্বোধন কৰে। নতুন বছৰ উদযাপনক লৈ আৰক্ষীৰ ফালৰ পৰা কিছুমান নিৰ্দেশনা জাৰি কৰাৰ লগতে সকলোকে সজাগ হ’বলৈ আহ্বান জনাইছে।

সংবাদ মেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, ‘‘নতুন বছৰত ফুৰ্তি কৰক, কিন্তু কোনো আনন্দৰ মাজত যাতে বিষাদ নাহে তাৰ বাবে সজাগ হ’ব লাগিব। একাদশ, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমাগত,গতিকে আনন্দ কৰোঁতে যাতে আনৰ অসুবিধা নহয় তাৰ বাবে সজাগ হওক। ৰোগীয়া লোকৰো যাতে অসুবিধা নহয় সেইটো গুৰুত্ব দিব।’’ লগতে সুৰাপান কৰি গাড়ী নচলাবলৈও আহ্বান জনালে আৰক্ষী আয়ুক্তই। কোনো লোকে যাতে আইন ভংগ নকৰে তাৰ প্ৰতিও সজাগ হ’বলৈ সকীয়াই দিলে তেওঁ। কাৰণ ৩১ ডিচেম্বৰত চলিব আৰক্ষীৰ অভিযান। সুৰাপন কৰি গাড়ী চলালে বাতিল হ'ব অনুজ্ঞাপত্ৰ। একেদৰে বাতিল হ'ব বাহনৰ আৰ চি।  আৰক্ষী আয়ুক্তগৰাকীয়ে  জনায় যে অসামৰিক পোচাকতো আৰক্ষীয়ে চলাব অভিযান।

ইফালে বাৰ, ৰেস্তোঁৰাসমূহৰ ক্ষেত্ৰতো নিয়ম বান্ধি হৈছে। সময় মতে বন্ধ কৰিব লাগিব বাৰ-ৰেস্তোঁৰা। নহ’লে কঠোৰ আইনগত ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিয়ে দিগন্ত বৰাই।