Logo
image

অসমৰ শান্তনুৰ সৈতে গোপনে বিবাহত আবদ্ধ শ্ৰুতি হাছান!

দক্ষিণৰ চলচ্ছিত্ৰজগত আৰু বলীউডৰ স্বনামধন্য অভিনেত্ৰী শ্ৰুতি হাছানে গোপনে বিবাহ পাশত আৱদ্ধ হোৱা বুলি ছ’চিয়েল মিডিয়াত বহু গল্প-গুজৱ ভাইৰেল হৈছে৷ অসম সন্তান শান্তনু হাজৰিকাৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি অভিনেত্ৰী শ্ৰুতি হাছান? শ্ৰুতি হাছান-শান্তনুৰ বিবাহক লৈ গৰম খবৰ ওলাইছে বলীউডত৷ বলীউড ছেলিব্ৰেটীৰ লগত সততে দেখা পোৱা উৰহান আৱাত্ৰামানি ওৰফে অৰীৰ এটা পোষ্টক লৈ শ্ৰুতি-শান্তনুয়ে বিবাহৰ সম্পৰ্ক গোপনে ৰখা বুলি চৰ্চা চলিছে৷ ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় ছাইট ইষ্টাগ্ৰামত অৰিয়ে শ্ৰুতি হাছান বিবাহিত বুলি প’ষ্টটো শ্বেয়াৰ কৰিছিল৷ পোষ্টটোত অৰীয়ে শ্ৰুতি হাছানৰ প্ৰেমিক শান্তনু হাজৰিকাক স্বামী বুলি উল্লেখ কৰিছিল৷ অৰীয়ে সামাজিক মাধ্যমত দিয়া এটা পোষ্টত লিখিছিল যে শ্ৰুতি হাছানে মোৰ লগত পঅজ দিয়া নাছিল কাৰণ মই তেওঁক এই বিষয়ে সোধাও নাছিলোঁ৷ এটা অনুষ্ঠানত তেওঁ মোক অভদ্ৰ আচৰণ কৰিছিল আৰু মই তেওঁক চিনিও পোৱা নাছিলোঁ৷ মোৰ বৰ বেয়া লাগিছিল৷ কিন্তু এয়া হয়তো ভুল বুজাবুজি আছিল, কাৰণ মই তেওঁৰ স্বামীৰ সৈতে বহুত ভাল আছিলোঁ৷ মই শুনিছিলোঁ যে তেওঁ মোক স্পটবয় বুলি মাতিছিল৷ অৰীৰ এই পোষ্টক লৈ সামাজিক মাধ্যমত শ্ৰুতি-শান্তনুৰ বিবাহক লৈ যথেষ্ট চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে৷ ইফালে বিবাহ বিতৰ্কক লৈ মৌনতা ভংগ কৰিছে অভিনেত্ৰী শ্ৰুতি হাছানে৷ শান্তনুৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ চৰ্চা নসাৎ কৰিছে শ্ৰুতিয়ে৷ ইনষ্টাগ্ৰাম ষ্ট'ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি বলীউড অভিনেত্ৰীগৰাকীয়ে কয়,মই বিবাহিত নহয়৷ যিগৰাকী মানুহে সকলো কথা মুকলি কৰি ৰাখে, এই বিষয়টো কিয় লুকুৱাই ৰাখিব৷ যিসকলে মোৰ বিষয়ে নাজানে, শান্ত থাকক৷