Logo
image

ৰিয়ানৰ নেতৃত্বত অসম ৰঞ্জি দল ঘোষণা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, ৩১ ডিচেম্বৰঃ ছত্তিশগড় আৰু কেৰালাৰ বিৰুদ্ধে খেলিব লগা ৰঞ্জি ট্ৰফীৰ প্ৰথম দুখন মেচৰ বাবে শনিবাৰে অসম দলটো ঘোষণা কৰা হৈছে৷ প্ৰথম মেচত অসমে পাঁচ জানুৱাৰীৰ পৰা ছত্তিশগড়ৰ বিৰুদ্ধে অংশ ল’ব৷ মেচখন অনুষ্ঠিত হ’ব ৰাইপুৰত৷ অসম দলৰ নেতৃত্বত আছে ৰিয়ান পৰাগ৷ ঘোষিত দলটোঃ ৰিয়ান পৰাগ [অধিনায়ক], আকাশ সেনগুপ্তা, ৰাহুল হাজৰিকা, ঋষভ দাস, স্বৰূপম পুৰকায়স্থ, ডেনিছ দাস, বিশাল ৰয়, মৃন্ময় দত্ত, সুনীল লাচিত, ৰাহুল সিং, সিদ্ধাৰ্থ শৰ্মা, মুখতাৰ হুছেইন, কুনাল শৰ্মা, কুনাল শইকীয়া [উইকেটৰক্ষক], সুমিত ঘাদিগাঁওকৰ [উইকেটকক্ষক]৷