Logo
image

পৰেশ বৰুৱা আহি আছে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ ডিচেম্বৰঃ কিছুমান সংগঠনক যিদৰে ৰাষ্ট্ৰযন্ত্ৰই গড়ালত ভৰাই, নিজৰ কব্জাত ৰাখি আলোচনাৰ নামত কৰা অৰ্থনৈতিক চুক্তিত স্বাক্ষৰ কৰাইছে, তেনে আলোচনাত পৰেশ বৰুৱা নাই৷ অসমৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত যদি আলোচনা হয় আৰু সেই আলোচনা যদি কিছুমান নীতি নিয়মৰ আধাৰত হয়, তেন্তে আলফা স্বাধীন ভাৰত ৰাষ্ট˜ৰ সৈতে আলোচনাত বহিব পাৰে৷ অন্যথা নৈব নৈব চ৷ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত শুকুৰবাৰে স্বাক্ষৰ হোৱা ত্ৰিপাক্ষিক চুক্তিক সম্পূৰ্ণৰূপে নসাৎ কৰি আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই এদিন পাছত দিয়া প্ৰথম প্ৰতিক্ৰিয়াত এইদৰে নিজৰ মনোভাৱ প্ৰকাশ কৰিছে৷ পিছে পৰেশ বৰুৱাৰ এই বক্তব্যৰ সম্পূৰ্ণ বিপৰীত ভাষ্য দাঙি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে –পৰেশ বৰুৱা আহি আছে৷ এটা ৰাষ্ট˜ীয় চেনেলৰ সৈতে হোৱা বাৰ্তালাপত হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে–‘পৰেশ বৰুৱাৰ সৈতে আমাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ যোগাযোগ স্থাপন হৈছে৷ তেওঁ আলফাৰ আলোচনাপন্থী গোটৰ সৈতে চৰকাৰৰ শান্তি চুক্তি সম্পন্ন হোৱাটো বিচাৰিছিল, যাতে তাৰ পাছত তেওঁৰ সৈতেও আলোচনা আৰম্ভ হ’ব পাৰে৷ তাৰ পৰা এটা ধাৰণালৈ আহিব পাৰি, এই চুক্তি সম্পন্ন হ’লে পৰেশ বৰুৱাৰ সৈতে পৰৱৰ্তী পৰ্যায়ৰ আলোচনা হোৱাৰ পথ মুকলি হ’ব পাৰে৷ যিহেতু শুকুৰবাৰে সম্পাদিত চুক্তিত ৯০ শতাংশ আলফা অন্তৰ্ভুক্ত হৈ আছে, সেয়ে এটা বিষয়ত মই আত্মবিশ্বাসী, আমি আলোচনাৰ মেজত পৰেশ বৰুৱাকো বহুৱাব পাৰিম৷’ 

একেদিনাই কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ ভাষ্য ইমানেই পৰস্পৰবিৰোধী যে, দুয়োজনৰে বক্তব্য শুনিলে যিকোনো লোকেই বিভ্ৰান্ত হ’ব৷ অসমৰ স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পৰেশ বৰুৱাই শুকুৰবাৰে সম্পাদিত চুক্তিখনক  পোনে  পোনে নস্যাৎ কৰিছে৷ তেওঁ কৈছে –‘ডেৰ লাখ কোটি টকাৰ পেকেজ বা উন্নয়নমূলক আঁচনি অসমলৈ অনাৰ বাবে চুক্তিত স্বাক্ষৰ কৰিবলৈ এনে দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন নাই৷  এই চুক্তি অনুসৰি কেন্দ্ৰই অসমক যি যি দিব বুলি কৈছে, সেয়া অসমৰ প্ৰাপ্য৷ চৰকাৰৰ উন্নয়নমূলক আঁচনিত এইবোৰ দিয়েই থাকে৷ গণতান্ত্ৰিক প্ৰক্ৰিয়াত এইবিলাক পায়৷ আমাৰ যি সম্পদ আছে, তাৰ তুলনাত এই পেকেজৰ কোনো ‘ভেল্যু’ নাই৷ আমাৰ কিমান সম্পদ তেওঁলোকে নি আছে হিচাপটো দিয়কচোন৷ এবছৰত তেওঁলোকে অসমৰ পৰা তেলৰ জৰিয়তে ৩৬৫ বিলিয়ন মাৰ্কিন ডলাৰ নি আছে৷ এন আৰ এলৰ পৰাও নি আছে৷ এইটো পেকেজৰ কাৰণে সংযুক্ত মুক্তি বাহিনীয়ে সশস্ত্ৰ সংগ্ৰাম কৰা নাছিল৷ অৱশ্যে আলফা স্বাধীন আছে বাবেহে  এইবিলাক দিছে৷ নহ’লে একো  নুলিয়ায়েই তেওঁলোকে৷’ আলোচনাপন্থী আলফাৰ এসময়ৰ সতীৰ্থৰ সৈতে হোৱা চুক্তিক অতি হাস্যকৰ আখ্যা দিয়া পৰেশ বৰুৱাই কয়–‘মই অৰবিন্দ ৰাজখোৱাক ফোন কৰোতে চিনি নাপাও বুলি ক’লে৷ নগাৰ দৰে সম্পদৰ অধিকাৰ বিচাৰিবলৈ কৈছিলো৷ কিয় জাতিটোক ইমান তললৈ নমালে, তেওঁলোকেহে জানিব৷ আমি হূদয়ৰ পৰা আঘাত পাইছো৷ বন্দী হৈ আলোচনা কৰিলে এনেকুৱাই হয়৷ শক্তি চাইহে ভক্তি৷ যিমান শক্তি সিমানহে আদায় কৰিব পাৰিব৷’ তেওঁ পুনৰ কয়–‘আজি এনএছচিএনে কিয় এৰি দিয়া নাই৷ নিজৰ দাবীত অবিচল হৈ আছে৷ সেয়ে চুক্তিৰ ৰূপৰেখা তৈয়াৰ হোৱাৰ পাছতো ইমানদিনে চুক্তিত স্বাক্ষৰ হোৱা নাই৷ তেওঁলোকে নেৰে৷ এনএছচিএনে নিজৰ শক্তি দেখুৱাই আছে৷ আমি এনে আলোচনালৈ নাযাও৷ অসমৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত আলোচনা হ’লে বেলেগ কথা৷ কিন্তু চৰকাৰৰ ফান্দত সোমাবলৈ, প্ৰতাৰণাৰ সন্দেহ থকা অৱস্থাত আলফা স্বাধীনে আলোচনা নকৰে৷ জনগণৰ যিটো ‘মেণ্ডেট’ আছে, যি জনাদেশ আছে, সেইমতে আলফা স্বাধীন আগবাঢ়িব৷’