Logo
image

আজিৰ পৰা গুৱাহাটীত চলিব ২০০ গ্ৰীন বাছ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জানুৱাৰীঃ পহিলা জানুৱাৰীৰ পৰা গুৱাহাটীত চলিব শীত তাপ নিয়ন্ত্ৰিত ২০০ খন (গ্ৰীন) বৈদ্যুতিক বাছ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পুৱা ১০ বজাত ৰূপনগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদত ২০০খন বৈদুতিক বাছৰ চলাচলৰ শুভাৰম্ভ কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেউজ শক্তি ভাৰতৰ স্বপ্ন পূৰণ কৰি ৰাজ্য চৰকাৰে দুবছৰৰ ভিতৰত গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণৰূপে জীৱাশ্ম ইন্ধনৰ পৰা মুক্ত কৰাৰ প্ৰয়াসৰ অংশ হিচাপে এই গ্ৰীণ বাছ সেৱা সোমবাৰৰ পৰা মুকলি কৰা হ’ব৷ কাজেই জীৱাষ্ম ইন্ধনৰ পৰা আতৰি এয়া হ’ব অসমৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত এয়া ৰাজ্য চৰকাৰৰ অভিনয় সংযোজন হ’ব৷ উল্লেখ্য যে এখন সেউজ গুৱাহাটীৰ বাবে ২০২৩ বৰ্ষৰ পহিলা জানুৱাৰীতো গুৱাহাটীত ১০০ খন চি এন জি বাছৰ চলাচল আৰম্ভ কৰা হৈছিল৷ পুনৰ পহিলা জানুৱাৰী, ২০২৪ত ২০০খন বৈদ্যুতিক বাছৰ চলাচল আৰম্ভ কৰাত সেউজ বাছৰ সংখ্যা মাত্ৰ দুটা বছৰতে গুৱাহাটীত ৩০০ খনলৈ বৃদ্ধি পালে৷ এই বৈদ্যুতিক বাছ সমূহৰ সূচল চলাচলৰ বাবে বিভিন্ন ঠাইত অত্যাধুনিক চাৰ্জিং পইণ্টৰো ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে চৰকাৰে নতুন ইলেকট্ৰিক বাছ চলোৱাৰ সময়তে ২০০ খন পুৰণি চিটি বাছৰ সেৱা বন্ধ কৰিবলৈ ওলোৱা বুলিও অভিযোগ উঠিছে৷ ইয়াৰ পৰিণতিত ২০০টা ড্ৰাইভাৰ, হেণ্ডিমেনৰ পৰিয়াললৈ অমানিশা নামি আহিব বুলি আশংকা ঘনীভূত হৈছে৷