Logo
image

পৰেশ বৰুৱাৰ ৩টা চৰ্ত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ ডিচেম্বৰঃ এসময়ৰ সতীৰ্থ কিন্তু এতিয়া বন্দিত্বৰ গঁড়ালত সোমাই কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ সৈতে নিঃচৰ্ত আলোচনা কৰি আলফাৰ আলোচনাপন্থী গোটে ভাৰত ৰাষ্ট্ৰৰ পৰা আৰ্থিক পেকেজ লোৱাৰ দৰে নিঃচৰ্ত আলোচনাত নবহে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা৷ অসমৰ স্বাধিকাৰৰ বাবে ৪৪ বছৰ ধৰি সশস্ত্ৰ সংগ্ৰাম কৰা পৰেশ বৰুৱাই অসমৰ স্বাৰ্থত ব্যক্তিগত আপোচ নকৰে আৰু কোনো পৰিস্থিতিতে চৰ্তহীন আলোচনা নকৰে৷ পৰেশ বৰুৱাই স্পষ্ট কৰি দিছে– তিনিটা চৰ্ত পূৰণ হ’লে তেওঁ আলোচনাৰ মেজলৈ আহিব পাৰে৷ (১) অসমৰ ৰাজনৈতিক অধিকাৰ আৰু পৃথক সংবিধান, (২) অসমৰ পৃথক পতাকা আৰু (৩) অসমৰ সম্পদৰ অধিকাৰ৷ অন্যথা আন কোনো বিষয়ত আলোচনা নহয়৷ যোৱা শুকুৰবাৰে আত্মসমৰ্পণকাৰী আলফা, ভাৰতীয় সেনাৰ হাতত বন্দী আলফা, বাংলাদেশৰ নিৰাপত্তাবাহিনীৰ হাতত গ্ৰেপ্তাৰ হৈ প্ৰত্যৰ্পনৰ জৰিয়তে এতিয়া অসমত থকা আলফাৰ আলোচনাপন্থী গোটে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে কৰা ত্ৰিপাক্ষিক চুক্তিক সামান্যতমো গুৰুত্ব দিয়া নাই আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই৷ তেওঁ এই চুক্তিক তাচ্ছিল্য কৰি কৈছে, তেওঁলোকে যি পাইছে লৈছে৷ পৰেশ বৰুৱাৰ বক্তব্য, আলোচনাপন্থীয়ে কেতিয়াবাই ৰাজনৈতিক ‘এজেণ্ডা’ ত্যাগ কৰিছে, নীতি-আদৰ্শ জলাঞ্জলি দিছে৷ সেই স্থিতিত থাকি অৰ্থাৎ বন্দীদশাত থাকি তেওঁলোকে ইয়াতকৈ অধিক কি পাব বুলি মন্তব্য কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ 

অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ‘পৰেশ বৰুৱা আহি আছে’ বুলি যি এটা ৰাজহুৱা ধাৰণা দি আছে তাৰ প্ৰকৃত সত্যতা নাই বুলি মন্তব্য কৰিছে পৰেশ বৰুৱাই৷ পৰেশ বৰুৱাৰ দাবী, সেয়া হিমন্তবিশ্ব শৰ্মাই নিজা ‘কনফিডেন্সে’ৰে কৈছে৷ কিন্তু সকলোতো তেওঁ ভবাৰ দৰে নহয়৷ কিন্তু হিমন্তবিশ্ব শৰ্মাৰ সৈতে যোগাযোগ হৈ থকাৰ কথা স্বীকাৰ কৰে পৰেশ বৰুৱাই৷ তেওঁ কয়– ‘মোৰ যেনেদৰে সাৰ্বভৌম স্বাধীন অসমৰ ওপৰতহে কথা পাতিম বুলি আত্মবিশ্বাস আছে, তেনেদৰে হয়তো আমাৰ লগত আলোচনা কৰিব বুলি তেওঁৰ আত্মবিশ্বাস আছে৷ কিন্তু আমাৰ ফালৰ পৰাতো আমি কোৱা নাই যে, আমি আলোচনাত বহিম৷ হয়তো তেওঁ নিজৰ ফালৰ পৰা কোনো পথ উলিয়াবও পাৰে৷ তাৰবাবে ধৈৰ্য ধৰিব লাগিব, খৰখেদা কৰিলে নহ’ব৷ অসমৰ মানুহে কি বিচাৰিছে, আমি সাৰ্বভৌমত্বৰ ওপৰত আলোচনা হোৱাটো বিচাৰিছোঁ, সেয়া মুখ্যমন্ত্ৰীয়ে দিল্লীৰ ওচৰত মুকলিকৈ কওঁক৷’

অতি স্পষ্টভাৱে পৰেশ বৰুৱাই কৈছে, ৰাজনৈতিক আলোচনা অবিহনে তেওঁ চৰকাৰৰ সৈতে মুখামুখিকৈ বৈঠকত বহা অসম্ভৱ৷ আৰ্থিক পেকেজৰ বাবে আলোচনা কৰিবলৈ তেওঁ নাহে৷ পৰেশ বৰুৱাই কয়– ‘আমি আগতেও কৈছো, পুনৰ কৈছো, আলফা স্বাধীনে সাৰ্বভৌম অসমৰ বিষয়ে আলোচনা বিচাৰে৷ অসমৰ সকলোৱে কওক, স্বাধীন অসমৰ ওপৰত, সাৰ্বভৌমত্বৰ ওপৰত আলোচনা হ’ব লাগে৷’ পৰেশ বৰুৱাই কয়, অসমৰ ৰাজনৈতিক অধিকাৰ আৰু সংবিধানৰ বিষয়ত আলোচনা হ’লে তেনে আলোচনাত তেওঁৰ সন্মতি আছে৷ তদুপৰি অসমক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এখন পৃথক পতাকাৰ দাবী মানিব লাগিব৷ সৰ্বশেষত অসমৰ সম্পদৰ অধিকাৰক লৈ চয়-নিচয় হ’ব লাগিব৷ পৰেশ বৰুৱাৰ মতে অসমৰ পৰা বছৰি ৩৬৫ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ তেল নি আছে৷ সেই সম্পদৰ অধিকাৰ অসমৰ হাতত থাকিব লাগিব৷ এই তিনিটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা হ’লে পৰেশ বৰুৱাই আলোচনাত অংশগ্ৰহণ কৰিব পাৰে বুলি মন্তব্য কৰে৷ পৰেশ বৰুৱাই কয়, আলোচনাপন্থী সতীৰ্থই আলোচনাকালত তেওঁৰ পৰা সহায় বিচাৰিছিল৷ পৰোক্ষভাৱে তেওঁকো আলোচনালৈ আহিবলৈ আহ৩ান জনাইছিল৷ তাৰ বাবে পৰেশ বৰুৱাক আলোচনাপন্থীৰ প্ৰতিনিধি হিচাপে ৰাজু বৰুৱাই ডেৰ-দুমাহ পূৰ্বে সাক্ষাৎ কৰিছিল৷ তেতিয়াই পৰেশ বৰুৱাই তেওঁৰ এই তিনিটা চৰ্তৰ বিষয়ে জনাইছিল৷ এই তিনিটা চৰ্ত পূৰণ নহ’লে তেওঁ আলোচনালৈ নাহে বুলি ৰাজু বৰুৱাক  ডেৰ-দুমাহ পূৰ্বেই জনাইছিল৷ এতিয়াও পৰেশ বৰুৱাৰ স্থিতি সলনি হোৱা নাই বুলি তেওঁ স্পষ্ট কৰি দিছে৷ আনহাতে, স্বাধীন অসম হ’লে হিমন্তবিশ্ব শৰ্মাই অসমৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি পূৰ্বে কৰা মন্তব্য পৰেশ বৰুৱাই পুনৰ দোহাৰিছে৷