Logo
image

সমালোচকক এজাউৰি দিলে চুক্তি স্বাক্ষৰকাৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জানুৱাৰীঃ পৰেশ বৰুৱা অবিহনে দিল্লীত মীমাংসা চুক্তি কৰা আলফা অৰবিন্দ ৰাজখোৱা বাহিনীৰ পৰিকল্পনা কৰা মতেই আলফাৰ কেইবাশ প্ৰাক্তন নেতা-কৰ্মীয়ে চুক্তি স্বাক্ষৰকাৰী দলটোক গুৱাহাটীৰ বিমান বন্দৰত আদৰণি জনায়৷ মীমাংসা চুক্তি স্বাক্ষৰকাৰী দলটোক বিমান বন্দৰত গামোচা, ফুলৰ মালা  পিন্ধাই ঢোলে-দগৰে আদৰণি জনায়৷ প্ৰায় ১১ বজাত বিমানবন্দৰত উপস্থিত হয় চুক্তি স্বাক্ষৰ কাৰি দলটো৷ চুক্তি স্বাক্ষৰকাৰী দলটো গুৱাহাটীৰ বিমানবন্দৰ আহি পোৱাৰ পূৰ্বে উপস্থিত হৈছিল শ শ প্ৰাক্তন আলফা সদস্য৷ আলফা নেতৃত্ব বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা শ শ নেতা-কৰ্মীয়ে গামোচা, ফুলাম জাপিৰে আদৰণি জনায় আলফা নেতৃত্বক৷ আলফা-চৰকাৰৰ মীমাংসা চুক্তিয়ে অসমলৈ সঁচা অৰ্থত কিবা আনিব পাৰিলে নে নাই সেয়া বিচাৰ কৰিব সময়ে৷ কিন্তু চুক্তি স্বাক্ষৰক লৈ যে প্ৰাক্তন আলফাৰ শ শ নেতা-কৰ্মী উৎফুল্ল সেই কথা দেওবাৰে গুৱাহাটীৰ বিমানবন্দৰত স্পষ্ট হৈ পৰে৷ আলফা নেতৃত্বই শুভাকাংশীসকলৰ আদৰণি গ্ৰহণ কৰি পোনে পোনে ৰাওনা হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ৷ কলাক্ষেত্ৰত প্ৰাক্তন আলফাৰ উদ্যোগত আয়োজন কৰা হয় সম্বৰ্ধনা অনুষ্ঠান৷ কেইবা হাজাৰ লোকে ভাগ লোৱা সভাত আলফাৰ নেতৃত্বই বিগত সময়ত আলফাক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়োৱা অধিবক্তা বিজন মহানজন, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা সমন্বিতে বহুজনক সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে আলফা নেতৃত্বই মীমাংসা চুক্তিক লৈ সমালোচনা কৰাসকলক কাৰ্যতঃ এজাউৰি দিয়ে৷ আলফা-চৰকাৰৰ মীমাংসা চুক্তিক সমালোচনা কৰা সকলক উভতি ধৰি আলফা চৰকাৰৰ আলোচনাৰ মুখ্য আলোচক তথা আলফাৰ বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে কয়–যিসকলে চুক্তি কৰা বাবে আমাক গালি পাৰে, গালি পাৰি লাভ নাই৷ তেওঁলোকে ভাৰত চৰকাৰক ক’ব লাগে–আলোচনালৈ পৰেশ বৰুৱাক আনিব লাগে, তেওঁৰ চৰ্ত মানি ল’ব লাগে৷ ইয়াতকৈও বেছি যদি অধিকাৰ বিচাৰে পৰেশ বৰুৱাক সহায় কৰি অসমত সশস্ত্ৰ আন্দোলন গঢ়ি তোলক৷

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ২৯ ডিচেম্বত, সম্পাদিত হোৱা বহু প্ৰত্যাশিত আলফা সৈতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তি সম্পৰ্কত চি পি আয়ে  মত প্ৰকাশ কৰো যে আচলতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা গোটৰ সৈতে বিদেশত হ’লেও চৰকাৰে আলোচনাত বহি শান্তি চুক্তি কৰিলেহে অসমলৈ স্থায়ী শান্তি আহিব৷ প্ৰকৃততে আলোচনাপন্থী শিৱিৰৰ সৈতে সম্পাদিত হোৱা চুক্তিয়ে অসমৰ জনসাধাৰণৰ প্ৰকৃত আশা-আকাংক্ষা পূৰণ নকৰে৷ এই চুক্তিত থলুৱা অসমবাসীয়ে ৰাজনৈতিক আৰু সাংবিধানিক ৰক্ষা কৱচ কি পালে? িদ্বতীয়তে বিজেপি চৰকাৰে জাপি দিয়া ‘কা’ দৰে জাতিদ্ৰোহী আইন বাতিল কৰাৰ ক্ষেত্ৰত অথবা অসমত কাৰ্যকৰী নকৰা সম্পৰ্কত এই চুক্তিত উল্লেখ নাই কিয়? ১৯৭৯ চনৰ পৰা দুয়োপক্ষৰ হত্যালীলাত কেইবাহাজাৰ জনসাধাৰণে প্ৰাণ দিলে৷ ডেৰ লাখ কোটি টকাৰেই জাতিটোক সুৰক্ষা দিব নেকি? এই অৰ্থনৈতিক পেকেজ অসমে এনেও পাব লাগে৷ যিবিলাক কাৰণক লৈ আলফা জন্ম হৈছিল সেই কাৰণবিলাক এই চুক্তিয়ে নাইকিয়া কৰিব পাৰিব বুলি আমি নাভাবোঁ৷ এই চুক্তিয়ে অসমৰ জাতীয় সত্ত্বা সুৰক্ষিত কৰিব নোৱাৰে৷ যদি অসমক সংবিধানৰ ৩৭১[ক] অনুচ্ছেদ অনুসৰি বিশেষ ৰাজ্য মৰ্যাদা দিলেহেঁতেন আৰু ছয় জনগোষ্ঠীক জনজাতি কৰণৰ মৰ্যাদা দিলে হয় তেন্তে অসমে কিছু হ’লেও ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাৱে সুৰক্ষিত হ’লহেঁতেন৷