Logo
image

ভুৱা একাউণ্টত দীপিকাক কটাক্ষ, শ্ৰম মন্ত্ৰণালয়ৰ কাণ্ডত ক্ষুব্ধ ছনু নিগম

আমাৰ অসম,  ২৮ছেপ্টেম্বৰঃ  এফালে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ‘নাৰ্ক’টিক্স কণ্ট্ৰল ব্যুৰ’ৱৈ বলীউডৰ তাৰকা অভিনেত্ৰীক ড্ৰাগছৰ সংযোগৰ অভিযোগত জেৰা কৰিছে আৰু সেই কাৰ্যত আহ্লাদিত হোৱাটো প্ৰমান কৰি কেন্দ্ৰীয়  মন্ত্ৰণালয়ে বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনৰ এখন বিকৃত, সম্পাদিত ফটো টুইট কৰিছে৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনষ্ঠ শ্ৰম মন্ত্ৰনালয়ে হাতত চিগাৰেট আৰু মুখেৰে এমুখ ধোৱা উলিয়াই থকা দীপিকা পাডুকনৰ যিখন ফটো ৰি-টুইট কৰি বিতৰ্কৰ জোৱাৰ তুলিছে, সেই ফটোখন প্ৰকৃততে দীপিকাৰ নহয়৷ কোনোবাই গায়ক ছনু নিগমৰ নামত দীপিকাৰ মুখত ধোঁৱা সংলগ্ন কৰি এই ফটোখন ‘ফটোশ্বপ’ কিম্বা আন কোনো পদ্ধতিৰে তৈয়াৰ কৰি ভূৱাকৈ দীপিকা বুলি অপপ্ৰচাৰ চলাইছিল৷ টুইটাৰত ফটোখন আপলোড কৰি ছনু নিগম অফিচিয়েল বুলি একাউণ্টৰ টুইটাৰ হেণ্ডলত লিখা হৈছিল ডি মানে ডিপ্ৰেছন, ডি মানে ড্ৰাগছ, ডি মানে দীপিকা৷ সেই ফটোখন ৰি-টুইট কৰে মোদী চৰকাৰৰ শ্ৰম মন্ত্ৰনালয়ে, য’ত দীপিকাৰ মুখৰ পৰা শিবৰ হলাহলৰ দৰে শুলাই আছিল ধোৱা আৰু আঙুলিৰ ফাঁকত সংযোগ কৰা হৈছে জ্বলন্ত বিড়িসদৃশ এটা টুকুৰা৷ ‘ছৰছি দীপিকা পাড়ুকন’ অৰ্থাৎ ছৰছত আসক্ত দীপিকা পাডুকন বুলি ‘কেপচন’  দিয়া ফটোখন কম্পিউটাৰত বনালেও সেয়া মুঠেই  নিখুঁত নাছিল, ফলত দেখিয়েই সেইখন ‘মৰ্ফড’ ফটো বুলি চিনিব পাৰি৷ বলীউডৰ গায়ক ছনু নিগমে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰনালয়ৰ এই অবিবেচকী কাৰ্যক চোকা সমলোচনা কৰিছে আৰু দায়িত্বজ্ঞানহীনতা প্ৰদৰ্শন নকৰিবলৈ আহ্বান জনাইছে৷  আনহাতে ছনু নিগমে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তই দিশ হেৰুৱাইছে বুলি মন্তব্য কৰিছে৷ ছনু নিগমে জনাইছে, বিগত প্ৰায় তিনিযচাৰে তিনি বছৰ ধৰি তেওঁ টুইটাৰ ব্যৱহাৰ কৰা নাই৷