Logo
image

ৰাজপথত মন্ত্ৰীক আলিংগণ আৰক্ষীৰ, মুখত সুৰাৰ গোন্ধ পাই অগ্নিশৰ্মা শুক্লবৈদ্য

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১ জানুৱাৰীঃ সুৰাপায়ী চালকৰ বিৰুদ্ধে ৩১ ডিচেম্বৰৰ পূৰ্বে শনিবাৰে নিশা গুৱাহাটী মহানগৰীত চলিল পৰিবহণ বিভাগৰ পানী নসৰকা তালাচী৷ খোদ ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিশা খানাপাৰাত সুৰাপায়ীৰ বিৰুদ্ধে অভিযানৰ নেতৃত্ব দিলে৷ পিছে মহানগৰীত মন্ত্ৰীৰ এই তালাচীত ঘটিল মহা বিড়ম্বনা৷ পৰিবহণ বিভাগে চলোৱা ব্ৰেথ এনালাইজাৰৰ পৰীক্ষাত ফেইল  কৰিলে খোদ খাকী পোছাকধাৰী এজন আৰক্ষীয়ে৷ মন্ত্ৰীক মাত লগাবলৈ আহি  ব্ৰেথ এনলাইজাৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ফেইল মাৰিলে মহানগৰ আৰক্ষীৰ খাকী পোছাকধাৰী সূৰ্য দাসে৷ সুৰাৰ গোলাপী নিচাত বেহুত সূৰ্য দাসে ৰাজপথতে আনকি মন্ত্ৰীকো সাৱটি ধৰাৰ চেষ্টা কৰে৷ আৰক্ষীৰ মুখত সুৰাৰ গোন্ধ পাই অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰী শুক্লবৈদ্য৷ লগে লগে মন্ত্ৰীয়ে আৰক্ষীৰ লোকজনক ব্ৰেথ এনালাইজাৰ কৰাবলৈ নিৰ্দেশ দিয়ে৷ ব্ৰেথ এনালাইজাৰত আৰক্ষীৰ লোকজনে  সুৰাপান কৰি অহা বুলি প্ৰমাণ হয় পিছত মন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীৰ লোকজনক চাকৰিৰ পৰা নিলম্বিত কৰা বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য যে শনিবাৰে নিশা ৰ বজালৈ মন্ত্ৰীয়ে ৰাজপথত চলোৱা সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত পৰিবহণ বিভাগৰ আয়ুক্ত ই্যঅংকুৰ জৈন, এনফ’ৰ্চমেণ্ট ডিটিঅ’ হিমাংশু দাসো উপস্থিত আছিল৷ ইফালে নিজকে ভাৰতীয় সেনাৰ জোৱান বুলি চিনাকী দিয়া দুই বিষয়াৰ অভদ্ৰামিয়ে চেৰালে ভদ্ৰতাৰ সীমা৷ সংবাদ মাধ্যমৰ আগতেই লম্ফ- জম্ফ  কৰি অৱশেষত ১০ হাজাৰ টকা জৰিমনাৰ চালান লৈ উভতিল এই দুই বিষয়াই৷ আনফালে শনিবাৰৰ পাৰ্টীলৈ ওলাই অহা এইজন যুৱকক মদ নাখাওতেই পৰিবহণ বিভাগৰ বিষয়াই ৰখাই থলে আদবাটতে৷ ব্ৰেথ এনালাইজাৰত ধৰা নপৰা এই নিচাসক্ত যুৱকজনে হেনো ডায়েৰী মিক্লহে খাই আহিছিল৷ বাৰলৈ হৈ থাকোতেই ধৰিলে তালাচীত৷ পুষ্পাৰ ডাইলগ গাই বিন্দাচ ভংগীৰে থকা বগা চাৰ্ট পৰিহিত এই যুৱকজনৰ নিশাটোৰ বাবে ঠিকনা হ’ল ৰঙাঘৰ৷ শনিবাৰৰ নিশাৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে চলা অভিযানত থাকি পৰিবহণ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই মন্তব্য কৰিলে৷ যিসমূহ বাৰ পাব নিৰ্ধাৰিত সময়তকৈ ৫ মিনিটো বেছি সময় যদি খোলা ৰাখে, অনুজ্ঞা পত্ৰ বাতিল কৰা হ’ব৷

 চালকক উপযুক্ত মৰ্যাদা প্ৰদান কৰি দায়বদ্ধতাৰে সেৱা আগবঢ়োৱাত সকলোকে সহযোগৰ আহ্বান পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ‘চালক সকল ভগৱান শ্ৰীকৃষ্ণৰ নিচিনা৷ ভগৱান শ্ৰীকৃষ্ণ প্ৰথম চালক৷ চালক সকল সাৰথি৷ শ্ৰীকৃষ্ণই ৰথী অজুৰ্নক সম্পূৰ্ণ সুৰক্ষা দিয়াৰ দৰে প্ৰতিগৰাকী চালকে যাত্ৰীক সুৰক্ষা দিবলৈ চেষ্টা কৰে৷ সেয়ে চালকসকলক আমি ভগৱান শ্ৰীকৃষ্ণৰ দৰে জ্ঞান কৰি যাত্ৰাৰ সময়ত তেওঁৰ প্ৰতি বিশ্বাস আৰু আস্থা ৰাখি নিজৰ সুৰক্ষাত মনোনিৱেশ কৰিব লাগে৷ - এই ব্যতিক্ৰমী আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী দপ্তৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ২০২৬চনৰ ভিতৰত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানত পৰিবহণ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ চুকেকোণে নিজে বাইক ৰেলী কৰি পথ-সুৰক্ষা জনসচেতনতা যাত্ৰা অব্যাহত ৰখাৰ সময়তে দেওবাৰে জনতা ভৱন খেলপথাৰত এক পথ-সুৰক্ষা সজাগতা অনুষ্ঠানত উপস্থিত থাকি চালক সকলক উপযুক্ত মৰ্যাদা প্ৰদান কৰি এক সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ বাবে দায়বদ্ধতাৰে সেৱা আগবঢ়োৱাত সহযোগ কৰিবলৈ সকলোৰে প্ৰতি প্ৰতি আহ৩ান জনায়৷ ৰাজ্যৰ পৰিবহণ আয়ুক্ত অংকুৰ জৈন, জিলা আয়ুক্ত সুমিত সাত্তায়ন, কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সদস্য-সচিব হেমন্ত দেউৰী ভড়ালী, বিশিষ্ট ভাস্কৰ বীৰেণ সিংহ, নাট্যকৰ্মী দুলাল ৰয়, চিকিৎসক-কথাশিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, ডা° হীতেশ বৰুৱা, ডাঃ ৰাহুল বৰুৱা, সঙ্গীত নাটক অকাডেমী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্য শিল্পী ৰঞ্জুমনি শইকীয়া, অজুৰ্ন বঁটাপ্ৰাপক খেলুৱৈ নয়নমনি শইকীয়া, খেলুৱৈ জোনমণি দাস, বিশিষ্ট ক্ৰীড়া সংগঠক বলেন চক্ৰৱৰ্তী, বিশিষ্ট সাংবাদিক নৰেশ কলিতা, অচু্যত কুমাৰ পাটোৱাৰী, বিশ্বজিত দাস, প্ৰাণজিত শইকীয়া, ৰাজদীপ বাইলুং, অভিনেত্ৰী-উপন্যাসিকা ড° আকাশীতৰা শইকীয়া, গায়ত্ৰী বৰা, লোকসঙ্গীত শিল্পী জিনা ৰাজকুমাৰী আদি প্ৰায় সকলো ক্ষেত্ৰৰ কুৰিৰো অধিক অগ্ৰণী ব্যক্তিৰ উপস্থিতিত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ আহ৩ান ক্ৰমে অনুষ্ঠিত জনসচেতনতা সভা আৰু সংকল্প পদযাত্ৰাত অংশগ্ৰহণ কৰি পৰিবহণ মন্ত্ৰী গৰাকীয়ে আনকি নিজে অনুষ্ঠানৰ প্ৰতিগৰাকী অতিথিকে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনাই সমাজৰ সকলো স্তৰলৈ পথ-সুৰক্ষা সজাগতা আগবঢ়াই নিয়াত নিজকে একোগৰাকী যোদ্ধা হিচাপে অৱৰ্তীণ হ’বলৈ আহ্বান জনায়৷ ৰাজ্য পৰিবহণ আয়ুক্ত অংকুৰ জৈনে আদৰণি ভাষণ দিয়া ব্যক্তিক্ৰমী অনুষ্ঠানটোৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাৰ বলিষ্ঠ পদক্ষেপ হিচাপে ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰস্বৰূপ জনতা ভৱনৰ সমীপৰ পৰাই নতুন বছৰৰ প্ৰাকক্ষণত ৰাজ্যৰ বৰেণ্য ব্যক্তিসকলৰ গৌৰৱময় উপস্থিতিত সকলো শ্ৰেণীৰ লোককে পথ সুৰক্ষা বজাই ৰাখিবলৈ অতি বিনয়েৰে আহ৩ান জনায়৷ বিগত সময়ত পথ দুৰ্ঘটনাত নিহত-আহতৰ এটি পৰিসংখ্যা আগবঢ়াই সমাজত দিনকদিনে ভয়ংকৰ ৰূপধাৰণ কৰা পথ-দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত সজাগতা, সচেতনতাই মূল আধাৰ বুলি উল্লেখ কৰি প্ৰত্যেকেই নিজকে সুৰক্ষিত কৰি ৰখাৰ লগতে আনকো সুৰক্ষা দিয়াত মনোনিৱেশ কৰিবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে আহ্বান জনায়৷ জ্যোতি চৌধুৰীয়ে ড° ভূপেন হাজৰিকাৰ ‘‘মানুহে মানুহৰ বাবে’’ চিৰযুগমীয়া গীত পৰিবেশন কৰি ব্যস্ত পথত আগবাঢ়োতে পাৰ্যমানে আনক সহায় কৰাৰ আহ্বান জনায়৷