Logo
image

জাপানত ৭.৬ প্ৰাবল্যৰ ভূমিকম্প; ছুনামীৰ সতৰ্কবাণী জাৰি

ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথম দিনটোতে জাপানক জোকাৰি গ’ল প্ৰবল ভূমিকম্পই।  সোমবাৰে উত্তৰ মধ্য জাপনক জোকাৰি যায় ৭.৬ প্ৰাবল্যৰ ভূমিকম্পই। ভূমিকম্পৰ পাছতেই দেশখনত জাৰি কৰা হৈছে  ছুনামীৰ সতৰ্কবাণী। 

জাপান বতৰ বিজ্ঞান কেন্দ্ৰই ভূমিকম্পৰ ফলত জাপানৰ উত্তৰ-পশ্চিম উপকূলত ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে বুলি জাপান টাইমছত প্ৰকাশ পাইছে। ইছিকাৱা, নিইগাটা, টয়মা, ইয়াগাটা আদি অঞ্চলসমূহ শীঘ্ৰে খালী কৰিবলৈ নিৰ্দেশ দিছে । সাগৰৰ পাৰৰ আবাসীসকলক আঁতৰি আহি ওখ অট্টালিকাত আশ্ৰয় ল’বলৈ নিৰ্দেশ দিছে জাপানৰ প্ৰশাসনে। ভূমিকম্পৰ ফলত সাগৰত বিশাল ঢৌ উঠাৰ সম্ভাৱনা আছে। এই ঢৌৰ উচ্চতা পাঁচ মিটাৰ পৰ্যন্তও হ’ব পাৰে। জাপানৰ একমাত্ৰ ৰাজহুৱা সম্প্ৰচাৰক এনএইচকেৰ মতে, ইশিকাৱাত ভাজিমা চহৰৰ সাগৰৰ পাৰত ১ মিটাৰৰো অধিক ওখ ঢৌ উঠিছে।  ইয়াৰোপৰি আগন্তুক সময়ত আৰু অধিক ভূমিকম্পৰো আশংকা কৰা হৈছে।