Logo
image

ব্লেক হোলৰ ৰহস্যভেদৰ বাবে ইছৰোৰ অভিযান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জানুৱাৰীঃ ২০২৩ বৰ্ষ আছিল ইছৰোৰ বিশেষ সফলতাৰ বছৰ৷ কিয়নো ২০২৩ বৰ্ষত ইছৰোৱে চন্দ্ৰ জয় কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ এই ইছৰোৱে বছৰৰ প্ৰথমটো দিনত ব্লেকহোল অৰ্থাৎ কৃষ্ণ গহ্বৰৰ ৰহস্য  ভেদ কৰিবলৈ আৰম্ভ কৰে ইয়াৰ অংশৰূপে ইছৰোৱে সোমবাৰে উৎক্ষেপন কৰে ‘এক্স-ৰে পোলাৰিমিটাৰ ছেটেলাইট’৷ সোমবাৰে ভাৰতীয় মান সময় অনুসৰি পুৱা ৯ বাজি ১০ মিনিট যোৱাৰ লগে লগে অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰি কোটাৰ  সতীশ ধাওৱান স্পেছ ৰিচাৰ্চ চেণ্টাৰৰ পৰা মহাকাশৰ দিশে উৎক্ষেপন কৰা হয় এক্স-ৰে পোলাৰিমিটাৰ চেটেলাইট যাক¸ চমুকৈ কোৱা হয় ‘এক্সপোছেট’৷ এক্সপোছেটে দূৰৈৰ বস্তু পৰ্যবেক্ষণ কৰাৰ উপৰি মহাকাশৰ ক’ত ক’ত কৃষ্ণগহ্বৰ আছে তাৰ  সন্ধান কৰিব৷ তদুপৰি মহাকাশৰ ৫০টা উজ্বলতম শক্তিৰ উৎসৰ বিষয়েও পৰ্যবেক্ষণ কৰিব এক্সপোছেটে৷ উল্লেখ্য, এনে ধৰণৰ কৃত্ৰিম উপগ্ৰহ ২০২১ চনত উৎক্ষেপন কৰিছিল নাছাই৷ আমেৰিকাৰ পাছত ভাৰত দ্বিতীয়খন দেশ যিখন দেশে কৃষ্ণগহ্বৰৰ অভিযানত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰিছে৷