Logo
image

হেল্ল’ পৰেশ বৰুৱা, শুনিছেনে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ জানুৱাৰীঃ বৰফ এইবাৰ এনেকৈ গলিছে, এণ্টাৰ্কটিকাত হোৱা হ’লে ঠাইতে এখন গভীৰ সাগৰেই সৃষ্টি হ’লহেঁতেন৷ বিষয় হৈছে, অসমৰ আটাইতকৈ বৃহৎ সশস্ত্ৰ সংগঠন, নিষিদ্ধ ঘোষিত আলফা স্বাধীন আৰু যি দুজন ব্যক্তিয়ে বিষয়টোক লৈ চৰ্চা কৰিছে তেওঁলোক দুয়ো নিজৰ নিজৰ স্থানত ৰাজ্যৰ শক্তিশালী ব্যক্তি৷ সেই দুই ব্যক্তি ক্ৰমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই বিগত প্ৰায় অৰ্ধশতিকাত ৰাজ্যৰ ৰাজনীতিত দেখা পোৱা, শুনিবলৈ পোৱা সকলো কথা-বাৰ্তাতকৈ অভূতপূৰ্বভাৱে ইমান খোলা-মেলা কথা কৈছে, যেন পৰেশ বৰুৱা দেশৰ নিৰাপত্তা বাহিনীৰ সবাতোকৈ ‘শ্বট আফটাৰ’  বিদ্ৰোহী নহয়, কিম্বা হিমন্তবিশ্ব শৰ্মাও এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী নহয়; ‘ইণ্টাৰলকুটৰ’হে৷ কিয়নো আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই হিমন্তবিশ্ব শৰ্মাক স্বাধীন অসমৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰস্তাব আগবঢ়োৱাৰ পিছদিনাই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নিষিদ্ধ ঘোষিত সংগঠনৰ মুৰব্বীজনক ১৫দিন অসম ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে আৰু পৰেশ বৰুৱাৰ টেলিফোন কলৰ কোনো ‘ট্ৰেক’ নকৰিবলৈ ৰাজ্যৰ আৰক্ষীবাহিনীক নিৰ্দেশ দিছে৷ স্মৰণ কালত অসমৰ মুখ্যমন্ত্ৰী আৰু নিষিদ্ধঘোষিত আলফা স্বাধীনৰ মুৰব্বী এজনেও পৰস্পৰৰ বিষয়ে ৰাজহুৱাকৈ ইমান খোলা-মেলা বক্তব্য ৰখা নাছিল আৰু ইজনে সিজনক ‘গ্লৰিফাই’ কৰাও নাছিল৷ সন্দেহাতীতভাৱে দুয়োজনৰ বক্তব্যতে শঠতা কিম্বা কূটিলতাৰ কোনো চিহ্ন নাই৷ বছৰৰ প্ৰথম দিন, অৰ্থাৎ আজি সোমবাৰ আৰু সদ্যবিদায়ী বৰ্ষৰ শেষদিন, যোৱা দেওবাৰে ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু পৰেশ বৰুৱাই পৰস্পৰৰ মাজৰ সম্পৰ্কৰ যি ‘ৰসায়ণ’ ৰাজহুৱাকৈ প্ৰকাশ কৰিছে, সেয়া যোৱা ৪৪বছৰে অসমৰ কোনো মুখ্যমন্ত্ৰী আৰু পৰেশ বৰুৱাৰ মাজৰ ‘কেমিষ্ট্ৰী' নাছিল৷ আক্ষৰিক অৰ্থতে অভূতপূৰ্ব– যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে– হেল্ল’ পৰেশ বৰুৱা, শুনিছেনে?

আৰু ঠিক পৰেশ বৰুৱাই যেন মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ প্ৰতি নাড়ী-নক্ষত্ৰৰ খবৰ ৰাখে, প্ৰায় সেইদৰেই দেওবাৰে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বক্তব্য ৰাখিলে৷ তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ গুণৰ কথা কৈ, সাহসৰ প্ৰশংসা কৰি ‘মহিমামণ্ডিত’ কৰিলে৷ এদিন পাছত তাৰ প্ৰত্যুত্তৰো অনুৰূপ আছিল মুখ্যমন্ত্ৰী হিমন্তবিশ্ব  শৰ্মাৰ৷ সেই বক্তব্য শুনিলে, বাৰে বাৰে শুনিলেও এনে লাগে– যেন এইমাত্ৰ পৰেশ বৰুৱা অসমলৈ উভতি আহিব, চিৰতৰে৷ বৰফ সঁচাই গলিছে!

পৰেশ বৰুৱাই এদিন পূৰ্বে স্থানীয় টিভিত আলোচনাপন্থী আলফাৰ ত্ৰিপাক্ষিক চুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰোতে ক’লে– ‘স্বাধীন অসমৰ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওঁক৷ ইয়াত বৰ্ণ, জাত-পাত, সম্প্ৰদায়, ধৰ্মৰ প্ৰশ্ন অবান্তৰ৷ তেওঁ স্বাধীন অসমৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য৷ হিমন্ত বিশ্ব শৰ্মাৰ সাহ আছে৷ তেওঁ ৰাহুল গান্ধীৰ বিৰোধিতা কৰি ওলাই আহি সাহস দেখুৱাইছে৷ ইয়াৰ পূৰ্বে অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে দিল্লীৰ বিৰোধিতা কৰাৰ সাহস দেখুৱাব পৰা নাছিল তেওঁৰ দৰে৷ সেই সাহসৰ বাবেই কৈছো, আগতেও কৈছো– হিমন্তবিশ্ব স্বাধীন অসমৰ মুখ্যমন্ত্ৰী হওঁক৷ পূৰ্বে অসমৰ বহু মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছো৷ হিতেশ্বৰ শইকীয়াৰ সৈতে ঢাকাৰ পৰা ঘণ্টা ঘণ্টা কথা পাতিছিলো৷ তেওঁ নোৱাৰিলে দিল্লীক মনাব৷ তৰুণ গগৈয়েও নোৱাৰিলে৷ সৰ্বানন্দ সোণোৱালেও সেই সাহস দেখুৱাব নোৱাৰিলে৷ পাৰিলে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাইহে পাৰিব৷ তেওঁৰ সাহ আছে৷ তেওঁ অসমক ভাল পায়৷’ 

এদিন পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে –‘পৰেশ বৰুৱাই যে অসমক ভাল পায়, তাত কোনো সন্দেহ নাই৷’ নিজ নিজ স্থানত অসমৰ দুইজন সৰ্বাধিক শক্তিশালী ব্যক্তিৰ পৰস্পৰৰ প্ৰতি সামগ্ৰিক যি বক্তব্য, তাত কোনো শে¡ষ-কটাক্ষ নাই৷ পৰস্পৰে পৰস্পৰক ততোধিক সন্মান কৰি বক্তব্য ৰাখিছে, য’ত প্ৰত্যাহ৩ান নাই; শক্তি প্ৰদৰ্শনৰ প্ৰৰোচনা নাই৷ বৰং আছে আপোচৰ মনোভাৱ৷ সেই বক্তব্য ভালদৰে বিশে¡ষণ কৰিলে এটা কথাই ক’ব পাৰি– বৰফ সচাঁই গলিছে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পৰেশ বৰুৱালৈ মুকলি আহ্বান জনাই ক’লে–‘তেওঁ ১৫দিন অসমত মুকলিমুৰীয়াকৈ ঘূৰক৷ তেওঁ ৩০ বছৰ পূৰ্বে যিখন অসম এৰি থৈ গৈছিল, সেইখন অসমৰ এতিয়া পৰিৱৰ্তন ঘটিছে৷ সেই পৰিৱৰ্তন তেওঁ নিজ চকুৰে চাওক৷ তেওঁ যিসকল ব্যক্তিৰ সৈতে ফোনত কথা পাতে, তেওঁলোকো স্বাধীন অসমৰ স্বপ্নত বিভোৰ৷ পৰেশ বৰুৱাই অসমৰ যিকোনো লোকলৈ ফোন কৰক৷ ১০ হাজাৰজনৰ সৈতে ফোনত কথা পাতক৷ তেওঁলোকক আহ্বান জনাইছো, পৰেশ বৰুৱাক তেওঁলোকে কওঁক, এতিয়া স্বাধীন অসমৰ প্ৰয়োজন নাই৷ এনেদৰে সমাজৰ বিভিন্ন লোকৰ সৈতে কথা পাতিলে পৰেশ বৰুৱাৰো স্বাধীন অসমৰ ধাৰণা সলনি হৈ যাব৷ অসমৰ-প্ৰকৃত পৰিস্থিতি উপলব্ধি কৰিলে তেওঁ স্বাধীন অসমৰ দাবী বাদ দিব, সেয়া মোৰ দৃঢ় বিশ্বাস৷’ মুখ্যমন্ত্ৰীয়ে পুনৰ কয়–‘পৰেশ বৰুৱাৰ ফোন ট্ৰেক নকৰিবলৈ মই আৰক্ষীক কৈ দিছো৷ তেওঁ নিৰ্বিঘ্নে কথা পাতিব পাৰে৷ পৰেশ বৰুৱাই অসমৰ যি ব্যক্তিৰ সৈতে কথা পাতে, তেওঁ বা তেওঁলোকৰ বিৰুদ্ধে কোনো গোচৰ নতৰিবলৈ মই আৰক্ষীক নিৰ্দেশ দিছো৷ সকলোৱে মুকলি মুৰীয়াকৈ কথা পাতক, অসমৰ পৰিস্থিতি তেওঁক বৰ্ণনা কৰক৷ পৰেশ বৰুৱা নিজেও আহক, এতিয়াৰ অসমখন চাই যাওঁক৷’ সৌহাৰ্দমূলক এই পাৰস্পৰিক বাৰ্তাই এতিয়া পূৰ্বে নিদিয়া গভীৰ পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷ য’ত মুখ্যমন্ত্ৰীয়ে যেন কৈছে– হেল্ল’ পৰেশ বৰুৱা শুনিছেনে? কোৱা বাহুল্য, পৰেশ বৰুৱাৰ এইবাৰৰ সদিচ্ছা অভূতপূৰ্বভাৱে ইতিবাচক৷ মুখ্যমন্ত্ৰী ততোধিক ইতিবাচক৷ তেওঁ গভীৰ প্ৰত্যয়ৰে কৈছে– ‘কোনোবা এটা দিনত পৰেশ বৰুৱা আমাৰ মাজলৈ আহিব৷’ সঁচাই বৰফ গলিছে!

মই আলফাৰ সম্বৰ্ধনা সভালৈ যোৱা নাছিলোঁঃ অৰূপ বৰবৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ নতুন দিল্লীত কেন্দ্ৰ আৰু অসম চৰকাৰৰ সৈতে ২৯ ডিচেম্বৰত আলফাই মীমাংসাচুক্তিত স্বাক্ষৰ কৰাৰ পাছত ৩১ ডিচেম্বৰ, দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত আলফাৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত নাছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, বিশিষ্ট মানৱ অধিকাৰ কৰ্মী অৰূপ বৰবৰা৷ ‘আমাৰ অসম’ৰ ১ জানুৱাৰী সংখ্যাৰ তৃতীয় পৃষ্ঠাত প্ৰকাশিত ‘সমালোচকক এজাউৰি দিলে চুক্তি স্বাক্ষৰকাৰীয়ে’ শীৰ্ষক বাতৰিৰ আঁত ধৰি সোমবাৰে এই কথা স্পষ্ট কৰি দিয়ে বিশিষ্ট আইনজীৱীজনে৷ উল্লেখ্য, দেওবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত সম্বৰ্ধনা সভাত আন কেইবাজনৰো লগতে অৰূপ বৰবৰাকো আলফাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা বুলি বাতৰিটোত উল্লেখ কৰা হৈছিল৷ আলফাৰ সূত্ৰই যোগান ধৰা তথ্যৰ আঁত ধৰি ‘আমাৰ অসম’ত পৰিৱেশন কৰা বাতৰিটো সন্দৰ্ভত অৰূপ বৰবৰাই স্পষ্ট কৰি দিয়ে যে দেওবাৰৰ সম্বৰ্ধনা সভাত তেওঁক সম্বৰ্ধনা জনোৱা হোৱা নাছিল, তেওঁ সম্বৰ্ধনা গ্ৰহণ কৰা নাছিল৷ তেওঁক সেই অনুষ্ঠানলৈ আমন্ত্ৰণো জনোৱা হোৱা নাছিল, গতিকে তেওঁ অনুষ্ঠানত উপস্থিত থকাৰ প্ৰশ্নই নুঠে৷ প্ৰকাশিত বাতৰিটোৰ জৰিয়তে যাতে ৰাইজৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয়, সেইবাবেই বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাই স্পষ্ট কৰি দিয়ে যে আলফাৰ (আলোচনাপন্থী) সম্বৰ্ধনা সভাত তেওঁ উপস্থিত নাছিল, তেওঁক সম্বৰ্ধনা জনোৱা হোৱা নাছিল৷