Logo
image

নৱবৰ্ষৰ নিশা ৮.৫ কোটি টকাৰ সুৰাপানেৰে অভিলেখ গুৱাহাটীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জানুৱাৰীঃ ২০২৩ বৰ্ষৰ অন্তিমটো দিনত ৰাজ্যত অভিলেখ গঢ়িলে সুৰাৰ বিক্ৰীয়ে৷ ৩১ ডিচেম্বৰৰ দিনটোত সমগ্ৰ ৰাজ্যতে বিক্ৰী হৈছে প্ৰায় ১৬ কোটি টকাৰ সুৰা৷ কেৱল গুৱাহাটী মহানগৰীতে ৩১ ডিচেম্বৰৰ দিনটোত বিক্ৰী হৈছে ৮.৫০ কোটি টকাৰ সুৰা৷ অৰ্থাৎ নৱবৰ্ষৰ নিশা ৮.৫ কোটি টকাৰ সুৰাপান কৰিলে গুৱাহাটীবাসীয়ে৷ নতুন বছৰক আদৰাৰ নামত এইদৰে ৰাজ্য তথা গুৱাহাটী মহানগৰীত অভিলেখ সৃষ্টি হয় সুৰা বিক্ৰীৰ ক্ষেত্ৰত৷ তাৰ পাছতো গুৱাহাটী মহানগৰীৰ ৰাজপথত সুৰা সেৱনকাৰী চালকৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে৷ খোদ বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সুৰা সেৱনকাৰী চালকৰ বিৰুদ্ধে চলোৱা অভিযানৰ নেতৃত্ব দিছে৷ উৎসৱ আহিলেই অভাবনীয়ভাৱে বৃদ্ধি হয় সুৰাৰ বিক্ৰী৷ কিন্তু এইবেলি নতুন বছৰ আদৰাৰ নামত সুৰাৰ বিক্ৰীৰ অভিলেখে সকলোৰে দৃষ্টিহৰণ কৰিছে৷ স্মৰ্তব্য, ৩১ ডিচেম্বৰৰ দিনটোত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তালাচী চলোৱা হৈছিল৷ গুৱাহাটীৰ জি এছ ৰোডত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ উদ্যোগত ৩১ ডিচেম্বৰৰ নিশা চলোৱা হৈছিল তালাচী অভিযান৷ সুৰাপায়ী চালকক জৰিমনাও বিহে জিলা পৰিবহণ বিষয়াই৷ স্মৰ্তব্য, সুৰা বিক্ৰীৰে অধিক ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈ অহৰ্নিশে কাম কৰা আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিবহন বিভাগৰো মন্ত্ৰী৷ বিগত কেইটামান মাহৰ ভিতৰতে গাঁৱে-ভূঞে, চহৰে নগৰে বৃদ্ধি কৰা হৈছে সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ৷