Logo
image

বৰ্তমান কেনে আছে মোহনঃ অস্ত্ৰোপচাৰ সম্পন্ন, হেল্থ চিটী কৰ্তৃপক্ষই জনালে স্বাস্থ্যৰ শেহতীয়া খবৰ

ডিজিটেল ডেস্কঃ  'বেহাৰবাৰী আউট পোষ্ট' ধাৰাবাহিকত 'মোহন' চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা দ্বীপজ্যোতি কেওঁটক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। সোমবাৰে বিয়লি মহানগৰীৰ হেল্থচিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল  অভিনেতাগৰাকীক। হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতে ডাঃ চন্দনা শৰ্মাই আৰম্ভ কৰে চিকিৎসা। পৰীক্ষা-নিৰীক্ষাৰ অন্তত দ্বীপজ্যোতি হৃদৰোগত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হয়।হেল্থচিটি হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দলে সম্পন্ন কৰে এনজিঅ’প্লাষ্টি অস্ত্ৰোপচাৰ।

চিকিৎসকৰ মতে, দ্বীপজ্যোতিৰ হৃদযন্ত্ৰত থকা দুডাল গুৰুত্বপূৰ্ণ সিৰাৰ এডাল ৯৯ শতাংশ আৰু আন এডাল সিৰা ৭০ শতাংশতকৈও অধিক ব্লক হৈ আছিল। অস্ত্ৰোপচাৰৰ পিছত ৪৮ ঘণ্টা চিকিৎসকৰ নিৰীক্ষণত থাকিব মোহন। বৰ্তমান ICUতে আছে দ্বীপজ্যোতি কেওঁট। সোমবাৰতকৈ স্বাস্থ্য কিছু উন্নত আৰু সুস্থিৰ বুলি জানিবলৈ দিছে হাস্পতাল কৰ্তৃপক্ষই।