Logo
image

১২ ফেব্ৰুৱাৰীত বাজেট দাখিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জানুৱাৰীঃ ‘ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন৷ ১২ ফেব্ৰুৱাৰীত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিলৰ সম্ভাৱনা আছে৷’ অসম বিধানসভা সচিবালয়ৰ এটা উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা অনুসৰি ৫ ফেব্ৰুৱাৰীৰ পৰা কিমান দিন বাজেট অধিৱেশন চলিব, মুঠ কৰ্মদিন কিমান হ’ব ইত্যাদি কথা বৃহস্পতিবাৰে বিধানসভাৰ ‘বিজনেছ এডভাইজাৰী কমিটী’য়ে ঠিক কৰিব৷ ৰাজ্যপালৰ সন্মতি সাপেক্ষে আগন্তুক বাজেট অধিৱেশন সন্দৰ্ভত সোমবাৰে আনুষ্ঠনিকভাৱে জাননী প্ৰকাশৰ সম্ভাৱনা আছে৷ উল্লেখ্য, ৰাজ্যিক কেবিনেট ৫ ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কেবিনেটৰ সিদ্ধান্তমৰ্মে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তথা বিধানসভা সচিবালয়ে বাকী কাম-কাজ আগুৱাই নিয়ে৷ লক্ষণীয় যে আলফাৰে স্বাক্ষৰিত শান্তি চুক্তিৰ পাছত এইবাৰ বিধানসভাত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে৷ লোকসভাত দুষ্কৃতিকাৰীয়ে কৰা স্ম’ক বোমাৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ বিধানসভাৰ অধিৱেশনতো নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ সম্ভাৱনা আছে৷ কোক্‌ৰাঝাৰতো বিধানসভাৰ এখন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে বিগত বৰ্ষৰ শেষৰ ফালে প্ৰস্তুতি চলিছিল যদিও ৰাজ্যিক কেবিনেটে গুৱাহাটীতে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে মূৰকত সিদ্ধান্ত গ্ৰহণ কৰে৷