Logo
image

কয়লাবোজাই ট্ৰাক, নথিহীন বাছ, বিধবস্ত পথ...

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ জানুৱাৰীঃ কোনেও জনা নাছিল প্ৰায় ডেৰ ঘণ্টাৰ পাছতেই মৃত্যুৱে যেন হাত বাউলি মাতিছিল ১১জনকৈ লোকক৷ ধলা-শদিয়া দলঙৰ বালিচৰত হাঁহি-আনন্দৰ মাজেৰে বনভোজ খাবলৈ বুলি ‘লাকি’ নামৰ বাছখনত উঠি গোলাঘাটৰ কমাৰবন্ধাৰ বচা ভৰলুৱা গাঁৱৰ ৪৯জন লোকে পুৱা ৩.০৫ বজাত ৰাওনা হোৱাৰ ঠিক ডেৰ ঘণ্টাৰ পাছতেই ৪.৪০ বজাত দেৰগাঁৱৰ বালিজানত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়৷ বনভোজ দলটোৰ এএছ-০২ এচি-৫০৮৩ নম্বৰৰ আলট্ৰা বাছখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা কয়লাভৰ্তি এএছ-০১ পিচি-০৬৪৮ নম্বৰ ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষত বাছখনৰ তিনিটা শিশুসহ ১১জন যাত্ৰীৰ কৰুণ মৃত্যু হয়৷ আনহাতে, ভয়ংকৰ দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক তথা মালিক অভয়াপুৰীৰ বেহুলাপাৰাৰ নুৰ আলমৰো ঘটনাস্থলীতে মৃত্যু হয়৷ দুৰ্ঘটনাটোত বাছখনৰ অতি কমেও আন ৩০জন যাত্ৰী আহত হোৱাৰ বিপৰীতে ৫জন যাত্ৰীয়ে জীৱন-মৃত্যুৰে যুঁজ দি আছে৷ অভিশপ্ত দুৰ্ঘটনাটোৰ পাছতেই এতিয়া যেন সৰ্বত্ৰ অভিযোগৰ আঙুলি উঠিছে নেশ্বনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভলপমেণ্ট কৰ্প’ৰেশ্বন লিমিটেড চমুকৈ এনএইচডিচিএলৰ বিৰুদ্ধে৷ এনএইচডিচিএলৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাফিলতিৰ বাবেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ কিয়নো অভিশপ্ত বাছখন যিটো স্থানত দুৰ্ঘটনাত পতিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ সেই অংশটোৰ মেৰামতিৰ নামত ৱান-ৱে’ কৰি ৰাখিছিল এনএইচডিচিএল তথা নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানে৷ আশ্চৰ্যজনকভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভাৰ্টৰ মেৰামতিৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠান ৰাজস্থানৰ গণপতি কনষ্ট্ৰাকচনে পথটোৰ এটা ফাল বন্ধ কৰি ৰাখিছিল যদিও ঘটনাৰ সময়ত মেৰামতিৰ কোনো কাম কৰা নাছিল বুলি স্থানীয় লোকে অভিযোগ কৰিছে৷ দিনৰ ভাগতে ঠিকাদাৰী প্ৰতিষ্ঠানে এখন মামৰে ধৰা টিনত ‘পথ বন্ধ’ বুলি লিখি ৱান-ৱে’ কৰি দিছিল যদিও কতৃৰ্পক্ষই ভুলবশতঃ পথ বন্ধৰ চাইনব’ৰ্ডখন নিশা আঁতৰাবলৈ পাহৰা বুলিও স্থানীয় লোকে অভিযোগ কৰিছে৷ যাৰ বাবে গোটেই নিশাটো ৱান-ৱে’ পথেৰে যান-বাহনসমূহ চলাচল কৰিবলগীয়া হয়৷ ফলত এনএইচডিচিএলৰ অভিযন্তা আৰু ঠিকাদাৰী প্ৰতিষ্ঠান ৰাজস্থানৰ গণপতি কনষ্ট্ৰাকচনৰ মইমতালি তথা দায়িত্বহীনতাৰ বাবেই এই কাহিলিপুৱা শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলিও চৰ্চা চলিছে৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ আধৰুৱা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে উজনি অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি দাবী-আন্দোলন কৰি অহাৰ পাছতো গণপতি কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰী ৰমেশ গুলাটি আৰু সুদেশ গুলাটিয়ে কেৰেপ নকৰা বুলিও অভিযোগ উঠিছে৷ নুমলীগড়ৰ পৰা যোৰহাটলৈ ৪০ কিলোমিটাৰ এই পথছোৱা ২০১৮ চনৰ মে’ মাহতে নিৰ্মাণ সম্পূৰ্ণ কৰিব লাগিছিল যদিও ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আজিলৈকে কাম সম্পূৰ্ণ নকৰিলে৷ আনহাতে, ৪০ কিলোমিটাৰ পথছোৱা নিৰ্মাণ ব্যয় ৮১৪ কোটি টকাৰ পৰা এতিয়া কেইবাগুণ বৃদ্ধি কৰিলে এনএইচডিচিএলে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ বিসংগতিৰ সমান্তৰালভাৱে কয়লা ছিণ্ডিকেটৰ তথ্যও উন্মোচন কৰিলে শোকাৱহ দুৰ্ঘনাটোৱে৷ মাৰ্ঘেৰিটাত কয়লা খনন বন্ধ থকাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথেৰে ট্ৰাকত কেনেকৈ, কোনে আৰু ক’ৰ পৰা কয়লা বোজাই কৰি আনিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো তিনিচুকীয়াৰ পৰা বঙাইগাঁও অভিমুখে আহি থকা ট্ৰাকখনে বিপৰীত দিশে আহি আলট্ৰা বাছখনৰ সৈতে খুন্দা মৰাৰ ফলতেই ১২জন লোকে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল৷ কয়লা পৰিবহণক লৈ বিৰোধী নেতা লুৰীণজ্যোতি গগৈয়ে ১২ চকীয়া ট্ৰাকখনত কঢ়িয়াই অনা কয়লাখিনি মাৰ্ঘেৰিটাৰ চোৰাং কয়লা নেকি বুলিও চৰকাৰক প্ৰশ্ন কৰা দেখা গৈছে৷ ইফালে, দুৰ্ঘটনাত পতিত হোৱা এএছ-০২ এচি-৫০৮৩ নম্বৰৰ বাছখনৰ বৈধ নথি-পত্ৰ নথকাৰ অভিযোগ উঠিছে৷ ২০১৫ চনৰ ২১ মাৰ্চত পঞ্জীয়ন কৰা বাছখনৰ ইতিমধ্যে বিগত ৩ ডিচেম্বৰতে ফিটনেছ ম্যাদ অন্ত পৰিছে৷ অৱশ্যে চলিত ৫ জানুৱাৰীলৈ বাছখনৰ প্ৰদূষণ প্ৰমাণ-পত্ৰৰ বৈধতা আছে যদিও বীমা পঞ্জীয়নৰ ম্যাদ উকলি গৈছে৷ ৮ বছৰ ৯ মাহ পুৰণি বাছখনৰ বীমাৰ ম্যাদ বিগত বৰ্ষৰ ১১ এপ্ৰিলত উকলি গৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে দুৰ্ঘটনাত পতিত বাছখন ২০১৮ চনত দেৰগাঁৱৰ বিপিন দত্ত নামৰ এজন ব্যক্তিয়ে ক্ৰয় কৰিছিল যদিও তেওঁলৈ কাগজ-পত্ৰ হস্তান্তৰ হোৱা নাছিল৷ প্ৰথম মালিক নগাঁৱৰ নৱজ্যোতি ভৰদ্বাজে বাছখন বিপিন দত্তক বিক্ৰী কৰিছিল যদিও বেংকত ঋণ থকাৰ বাবে বিপিন দত্তৰ নামত বাছখন পঞ্জীয়ন হোৱা হোৱা নাছিল৷ অৰ্থাৎ নথি-পত্ৰবিহীনভাৱে চলাচল কৰা এখন বাছেই ১২জন যাত্ৰীৰ বাবে কাল অমানিশা হৈ নামি আহিল৷ আনহাতে, কাহিলী পুৱা ৩ বজাতে বনভোজৰ বাবে ৰাওনা হোৱা বাছখনৰ চালকজনে সুৰাপান কৰি থকা বুলিও সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰা এগৰাকী যাত্ৰীয়ে অভিযোগ কৰিছে৷ অৱশ্যে আৰক্ষীৰ ফালৰ পৰা ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰথমাৱস্থাত দাবী কৰা হৈছিল যদিও স্থানীয় লোকে বুধবাৰে পুৱাৰ ভাগত কুঁৱলী পূৰ্বৰ তুলনাত কম আছিল বুলিহে দাবী কৰিছে৷ ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণলৈহে অভিযোগৰ আঙুলি উঠাইছে৷ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোৱে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক শোকস্তব্ধ কৰাৰ পাছতেই অসম চৰকাৰ তথা এনএইচডিচিএলৰ বিষয়-ববীয়াৰ হাহাকাৰ লাগিছে৷ যাৰ বাবে দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত ৰাজ্য চৰকাৰৰ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে এনএইচডিচিএলৰ কাৰ্যবাহী সঞ্চালকো উপস্থিত হৈছে৷ অৱশ্যে চৰকাৰে ঘোষণা কৰা তদন্তৰ অন্ততহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব৷

ঠিকাদাৰলৈ দোষ ঠেলিলে বিধায়ক ৰূপজ্যোতিয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ বুধবাৰে কাহিলিপুৱা দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাৰ বাবে বিতৰ্কিত ঠিকাদাৰ ভাগ্য কলিতা আৰু তেওঁৰ পুত্ৰলৈ দোষ ঠেলিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ সংবাদ মাধ্যমৰ আগত শোকাৱহ দুৰ্ঘটনাটোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়– দেৰগাঁৱৰ দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে দায়ী এনএইচডিচিএল৷ এনএইচডিচিএলৰ গাফিলতিৰ বাবে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ’ল৷ নুমলীগড়ৰ পৰা জাঁজীলৈকে ৰাষ্ট˜ীয় ঘাইপথৰ বাবে উজনিৰ ৰাইজে দুৰ্ভোগ ভুগি আহিছে৷ মুখ্যমন্ত্ৰীকো মই এই সন্দৰ্ভত অভিযোগ দিছোঁ৷ এনে আধৰুৱা নিৰ্মাণৰ বাবে আমাৰ আপোন মানুহবোৰেই দোষী৷ এই পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ভাগ্য কলিতাই৷ কিন্তু সময়মতে ভাগ্য কলিতাই কাম নকৰিলে৷ ইয়াৰ পাছত ভাগ্য কলিতাৰ পুতেকে নিৰ্মাণৰ কামটো ল’লে৷ পুতেকেও কামটো কৰিব পৰা নাছিল৷ ভাগ্য কলিতা আৰু পুতেকে সময়মতে কাম কৰা হ’লে বহু আগতেই ৰাস্তাৰ কাম সম্পূৰ্ণ হ’লহেঁতেন৷ তেতিয়া এনেকুৱা দুৰ্ঘটনাও নহ’লহেঁতেন৷