Logo
image

একেলগে জ্বলিল ১১খন চিতা, মুখাগ্নি কৰাৰ বাবেও লোক নাই

‘আমাৰ অসম’ৰ গোলাঘাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কমাৰবন্ধাৰ প্ৰতিবেদক, ৪ জানুৱাৰীঃ নৱবৰ্ষৰ দ্বিতীয় দিনটোৰ পুৱতি নিশা তিনিচুকীয়া জিলাৰ টিলিঙা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে ওলোৱা গোলাঘাটৰ কমাৰবন্ধা অঞ্চলৰ বছাভৰলুৱা গাঁৱৰ এটা বনভোজৰ দল দেৰগাঁৱৰ বালিজানত শোকাৱহ পথ দুৰ্ঘটনাত পতিত হৈ ১২জনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ ৰাজ্যবাসীক শোকদগ্ধ কৰি তুলিছে৷ জিলাখনৰ কমাৰবন্ধাৰ আৰক্ষী চকীৰ অন্তৰ্গত বছা ভৰলুৱা গাঁৱৰ ৪৯জন লোকক উঠাই এ এছ-০২ এচি—৫৩৮৩ নম্বৰৰ আলট্ৰা বাছখন পুৱতি নিশা টিলিঙা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে ৰাওনা হৈছিল৷ সকলোৰে মনত অপাৰ আনন্দ৷ হাঁহি-স্ফূৰ্তিৰে আৰম্ভ কৰা এই যাত্ৰা পথতেই যেন অলক্ষিতে ৰৈ আছিল যমদূত৷ বাছখন দেৰগাঁৱৰ বালিজান পোৱাৰ সময়তে বিপৰীত দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকাএ এছ ০১ পি চি-০৬৪৮ নম্বৰৰ কয়লা পৰিবাহী ট্ৰাকৰ লগত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে ১০জন লোকৰ মৃত্যু হোৱাৰ লগতে যোৰহাট চিকিৎসালয় মহাবিদ্যালয়ত দুজন লোকৰ মৃত্যু হয়৷ থিতাতে নিহত লোককেইজন হ’ল— দিপালী শইকীয়া (৩৬), শুভাংকৰ শইকীয়া (১৩, মাতৃ-পুত্ৰ), অনিমা শইকীয়া (৬২), পিংকী শইকীয়া(৪০), নীহাৰিকা শইকীয়া (১০, মাতৃ-কন্যা), নৱজিত শইকীয়া (৪৮),  পাপৰি বৰা (১৬), সোণেশ্বৰ শইকীয়া (৩৫), মৃদুল বৰা, (৩০, বাছ চালক), আৰু বঙাইগাঁৱৰ নুৰ আলম হক (৩৪, ট্ৰাক চালক)৷  আনহাতে, নিত্যানন্দ বৰা (৪৮) আৰু প্ৰিন্সিপিয়া বৰা (৭, পিতা, জীয়ৰী যোৰহাট চিকিৎসালয় মহাবিদ্যালয়ত মৃত্যু হয়৷ নিহতসকলৰ পাঁচজন একেটা পৰিয়ালৰে৷ মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বছা ভৰলুৱাৰ স্বগৃহলৈ অনাৰ পাছত গাঁওখনত এক অবৰ্ণনীয় পৰিৱেশৰ সষ্টি হয়৷ গাঁওখনৰ চৌদিশে মাথোঁ কান্দোনৰ ৰোল৷ কাৰোৰে চকুলৈ কোনেও চাব নোৱৰা অৱস্থা৷  কোনেও কাকো সান্তনা দিব নোৱৰা অৱস্থা৷ কোনোবাই কান্দিছে পুত্ৰ-কন্যাক হেৰুৱাই আন কোনোবাই কান্দিছে পত্নী অথবা স্বামীক হেৰুৱাই৷ আনকি মুখাগ্নি কৰিবৰ বাবেও মানুহৰ অভাৱ৷ সকলোৱে ভাবিছিল ঘৰৰ পৰা হাঁহি-স্ফূৰ্তিৰে ওলাই যোৱাসকলে পুনৰ হাঁহি-স্ফূৰ্তিৰৈ ঘৰলৈ ঘূৰি আহিব৷ কথা আছিল টিলিঙা মন্দিৰ দৰ্শনৰ পাছত বগীবিল দৰ্শন কৰি তাতে সকলোৱে বনভোজ খাব৷ কিন্তু নিয়তিৰ কি পৰিহাস গন্তব্যস্থল পোৱাৰ পূৰ্বেই দুৰ্ঘটনাত পতিত হৈ তেওঁলোক ঘূৰি আহিল একো একোটা নিথৰ মৃতদেহ হৈ৷ মৃতদেহসমূহ জিলা প্ৰশাসনৰ তৰফৰ পৰিয়ালৰ লোকক চমজাই দিয়াৰ অন্তত বছা ভৰলুৱা আৰু ৰজনাখাত গাঁৱৰ মধ্যস্থলৰ খাৰজান, কলীয়াপানী নদীৰ সংগমস্থলৰ অমৃত সৰোবৰ পুখুৰীৰ পাৰলৈ লৈ যোৱা হয় আৰু তাতে শাৰী শাৰীকৈ ১১টা মৃতদেহ একেলগে সৎকাৰ কৰা হয়৷ মৃতদেহসমূহ দাহ কৰাৰ সময়তো এক বৰ্ণাতীত পৰিৱেশৰ সৃষ্টি হয়৷ জুইৰ লেলিহান শিখাই নিমিষতে সাবটি লয় ১১টাকৈ মৃতদেহ৷ অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি বছা ভৰলুৱা গাঁৱত মৃত পৰিয়ালৰ লোকৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনোৱাৰ লগতে আহত পৰিয়াল লোকৰ খবৰ লয়৷ মন্ত্ৰীজনে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে এনেধৰণৰ ঘটনা যাতে পুনৰাই নহয় তাৰ বাবে সকলোপক্ষকে সচেষ্ট হ’বলৈ আহ৩ান জনায়৷ মন্ত্ৰী বৰাই মৃতসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকলৰ আৰোগ্য কামনা কৰে৷ মন্ত্ৰী বৰা মৃতদেহ সৎকাৰ সময়ত উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগেও ৰাজ্য কঁপাই যোৱা এই শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশুআৰোগ্য কামনা কৰিছে৷