Logo
image

অসম প্ৰৱেশৰ সময়তে ৰাহুল সন্মুখীন হ’ব নৈশ কাৰ্ফিউৰ

‘আমাৰ অসম’ৰ নাজিৰাৰ প্ৰতিবেদক, ৪ জানুৱাৰীঃ অসমত প্ৰৱেশ কৰাৰ সময়তে নৈশ সান্ধ্যআইনৰ সন্মুখীন হ’ব ৰাহুল গান্ধী৷ উল্লেখ্য, ‘কংগ্ৰেছৰ যুৱৰাজ’ ৰাহুল গান্ধীয়ে ১৪ জানুৱাৰীৰ পৰা আৰম্ভ কৰিবলগীয়া ‘ভাৰত ন্যায় যাত্ৰা’ৰ কাৰ্যক্ৰমণিকাৰ অংশ হিচাপে নাগালেণ্ডত এই যাত্ৰা শেষ কৰি শিৱসাগৰ জিলাৰ নৱগঠিত ৯৭নং নাজিৰা বিধানসভা সমষ্টিত স্পৰ্শ কৰি আমগুৰিয়েদি অসমত প্ৰৱেশ কৰিব৷ ইয়াৰ প্ৰাক্‌মুহূৰ্তত শিৱসাগৰ জিলাত শান্তি-শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলা  অতিৰিক্ত জিলা দণ্ডাধীশ জাবেদ আৰমানৰ স্বাক্ষৰিত এক নিৰ্দেশযোগে সমগ্ৰ শিৱসাগৰ জিলাত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা আৰু নৱগঠিত ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তত নৈশ সান্ধ্য আইন জাৰি কৰিছে৷ এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত প্তজন তথা ততোধিক লোকৰ সমাৱেশ, সভা-সমিতি পতা, দেৱাল লিখন, শ্ল’গান ছপা কৰা, কোনো ব্যক্তি অথবা ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিত যিকোনোধৰণৰ বৰঙণি সংগ্ৰহ অথবা প্ৰদান কৰা নিষিদ্ধ কৰিছে৷ জিলাখনত সমাজবিৰোধী শক্তিৰ দ্বাৰা অসামাজিক কাৰ্যকলাপ তথা উগ্ৰপন্থীৰ আইনবিৰুদ্ধ কাৰ্যকলাপ, গুলীচালনা, হত্যা, ধনদাবী, অথবা ধন লুটৰ আশংকা কৰি দুচকীয়া বাহনত দুজন বা ততোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰিছে৷ অৱশ্যে ৬০বছৰ ঊধবৰ্ৰ লোক, ১২বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালী, মহিলা, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষী লোকক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে৷ জিলাখনৰ নৱগঠিত নাজিৰা বিধানসভা সমষ্টিৰ অসম-নাগালেণ্ড সীমামূৰীয়া অঞ্চলত শান্তি-শৃংখলা অটুট ৰখাৰ স্বাৰ্থত আৰু সীমামূৰীয়া অঞ্চলেদি উগ্ৰপন্থীৰ আহ-যাহ আৰু অসামাজিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অসম-নাগালেণ্ড সীমান্তত নৈশ সান্ধ্য আইন প্ৰৱৰ্তন কৰি সীমান্তৰ ৫কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬বজাৰ পৰা পুৱা ৬বজালৈ যিকোনো ব্যক্তি অথবা গোট আৰু গাড়ী-মটৰৰ চলাচল নিষিদ্ধ কৰা হৈছে৷ তদুপৰি, লালীগুড়ৰ পৰা থলুৱা মদ প্ৰস্তুতকৰণেৰে জনস্বাস্থ্য হানি হোৱাৰ আশংকা কৰি সমগ্ৰ জিলাখনত লালীগুৰ বেচা-কিনা নিষিদ্ধ কৰা হৈছে৷ অৱশ্যে পশুখাদ্য হিচাপে ব্যৱহাৰৰ বাবে জিলা দণ্ডাধীশ, অতিৰিক্ত জিলা দণ্ডাধীশ অথবা পশুপালন বিভাগৰ অনুমতিসাপেক্ষে লালীগুৰ বেচা-কিনা কৰিব পাৰিব৷ এই নিষেধাজ্ঞা তৎকালীনভাৱে বলৱৎ হৈছে আৰু পৰৱৰ্তী ৬০দিনলৈ বা পুনৰ আদেশ নিদিয়াপৰ্যন্ত বাহাল থাকিব৷ এই আদেশ অমান্য কৰাসকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ধাৰা অনুসৰি দণ্ডনীয় হ’ব বুলি উক্ত নিৰ্দেশটোত উল্লেখ কৰিছে৷