Logo
image

ক্ৰিকেটৰ কথাৰে

বিজ্ঞানৰ পৰা সাহিত্য, প্ৰথম মহাসমৰৰ পৰা মানৱৰ বিৱৰ্তন, ছবিৰ পৰা শিশুসাহিত্য– অধিকাংশ বিষয়তে হাত ফুৰুওৱা সাংবাদিক-লেখক দিগন্ত ওজাৰ কলমৰ পৰা ক্ৰিকেটবিষয়ক গ্ৰন্থ ওলোৱাটো আশ্চৰ্যকৰ নহয় এইবাবেই যে, তেওঁৰ জীৱনৰ প্ৰথমটো প্ৰবন্ধ আছিল ক্ৰিকেটৰ বিষয়ে এখন ৰচনা আৰু খেলবিধে ভাৰতৰ নৱতম ধৰ্মৰ ৰূপ লৈ অতি প্ৰাসংগিকতা অৰ্জন কৰা৷ কিন্তু হাৰ্ডক’ৰ ক্ৰীড়া সাংবাদিক নোহোৱাকৈ, খেল আৰু ক্ৰিকেটাৰৰ চাক্ষুষ দৰ্শন ক্ৰিকেট ফিল্ডত নিয়মিতভাৱে নকৰাকৈ ভাৰতীয় ক্ৰিকেটক ক্ৰমবিৱৰ্তনৰ গৱেষণাধৰ্মী ৰূপৰেখা ‘বাইশ গজৰ যুঁজাৰু’ লিখি উলিয়াবৰ বাবে ক্ৰিকেট আৰু ক্ৰিকেটাৰক যে গভীৰভাৱে উপলব্ধি কৰাৰ সামৰ্থ্য থাকিব লাগিব, সেয়া নৱপ্ৰকাশিত দিগন্ত ওজাৰ গ্ৰন্থখনৰ পাতে পাতে বিচাৰি পাব পাৰি৷ অনিবাৰ্যভাৱে তাৰ বাবে প্ৰয়োজনীয় সূক্ষ্মদৃষ্টি, একোজন ক্ৰিকেটাৰৰ ক্ৰিকেটীয় ক্ষমতা চিনি পোৱা, যুগ বিভাজনৰ এটা স্পষ্ট ধাৰণা আৰু ক্ৰিকেটবিষয়ক প্ৰচুৰ পঢ়া-শুনা, অন্যাৰ্থত অধ্যয়ন সকলোখিনি কৰাৰ অন্ততে দিগন্ত ওজাই ‘বাইশ গজৰ যুঁজাৰু’ত হাত দিয়া যেন লাগে৷ 

অসম পাব্‌লিছিং কোম্পানীয়ে প্ৰকাশ কৰি উলিওৱা ‘বাইশ গজৰ যুঁজাৰু’ বহু ক্ৰীড়া সাংবাদিকৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিব পাৰে, মূলতঃ গ্ৰন্থখনৰ বিশে¡ষণধৰ্মিতা আৰু ক্ৰিকেটৰ নিৰ্বাচন তথা যুগ বিভাজনৰ বাবে৷ এই তিনিটা বিষয়ে ‘বাইশ গজৰ যুঁজাৰু’ক ভাৰতীয় ক্ৰিকেটৰ ক্ৰমবিৱৰ্তনৰ ঐতিহাসিক দলিল কৰি তুলিছে৷ অৱশ্যে অসমৰ দৈনিক সংবাদপত্ৰৰ এটা সীমিত পৃষ্ঠাত বিশে¡ষণধৰ্মী খেলৰ আলেখ্য লিখা সম্ভৱ নহয়৷ সেই দিশৰ পৰা লেখক সৌভাগ্যৱান কিয়নো, দিগন্ত ওজাই দীঘলীয়া পাতনিত প্ৰকাশ কৰিছে– প্ৰথম পৃষ্ঠাত বিশে¡ষণাত্মক ক্ৰীড়াবিষয়ক লেখনিৰ ‘বাধ্যতামূলক’ দায়িত্ব লাভ কৰিছিল সেই সেই সময়ত তেওঁৰ সম্পাদক মনোজ কুমাৰ গোস্বামীৰ পৰা, অন্যথা ক্ৰীড়াবিষয়ক লেখাত ইমান আত্মনিয়োগ সম্ভৱ নাছিল৷ সেই সন্দৰ্ভত ‘ৱাৰ্মআপ’ শীৰ্ষক পাতনিত আছে বিশদ বৰ্ণনা, যি উৎসাহী পাঠকক সম্পাদনাকক্ষৰ বিষয়ে উমান দিবলৈ সক্ষম৷

‘বাইশ গজৰ যুঁজাৰু’ আঠটা অধ্যায়ত বিভক্ত৷ য’ৰ আৰম্ভণিত ভাৰতত ক্ৰিকেটৰ ইতিহাসৰ সন্ধান কৰা হৈছে৷ ‘পূৰ্বৰাগ’ সূচনা৷ তাৰ পৰা ‘বোধন’, ‘ৰাগ আছোৱাৰীঃ আদি ত্ৰিদেৱ’, ‘ডাৰ্ক এনাৰ্জী’, ‘সত্তৰৰ দাবানল’, ‘আশীৰ অষ্টাধ্যায়ী’, ‘নব্বৈৰ নৱবহ্নি’, ‘নতুন তৰংগ’ৰে সমাপ্তি৷ এইকেইটা অধ্যায়ত অতি প্ৰণালীবদ্ধতাৰে দিগন্ত ওজাই বৰ্ণনা কৰিছে ভাৰতত হোৱা ক্ৰিকেটৰ ক্ৰমবিৱৰ্তন৷ একোজন ক্ৰিকেটাৰৰ কাহিনীৰে সজোৱা এই বিৱৰ্তনত ভাৰতীয় ক্ৰিকেটৰ আদ্যোপান্ত ফুটি উঠিছে৷ ৱাডেকাৰ-মাৰ্চেণ্টো আেছ, সুনীল গাভাস্কাৰো আছে, গুণ্ডাপ্পা বিশ্বনাথো আছে, আছে কপিল দেৱ, শচীন তেণ্ডুলকাৰ৷ ইয়াৰ মাজে মাজে সোমাই আছে ভাৰতৰ প্ৰথম বিশ্বকাপ অৰ্জনৰ কাহিনী, ভাৰতীয় স্পিনৰ ঐতিহ্য কিম্বা তাহানিৰ ‘পিন্স হিটাৰ’ৰ অঘোষিত জনকৰ কথা৷ অৱশ্যেই অনন্য বৰ্ণনাশৈলীৰ বাবে ক্ৰিকেট বুজক-নুবুজক, ক্ৰিকেট প্ৰিয় হওক নহওক, যিকোনো পাঠকেই পঢ়ি ৰস পাব পাৰে ‘বাইশ গজৰ যুঁজাৰু’৷