Logo
image

প্ৰাঞ্জল, দিবন, পি কে... দীৰ্ঘদিন চলাই আছিল চাকৰিৰ বেহা

  • ৰাজ্যৰ ৩০ ঠাইত পৰীক্ষাৰ ‘আখৰা’
  • প্ৰজেক্টৰত প্ৰশ্নকাকত

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰিয়ে ৰাজ্যত লগোৱা তোলপাৰ আজিও অব্যাহত আছে৷ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পৰীক্ষা পৰিচালনাৰ শীৰ্ষ ব্যক্তি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ দীপক কুমাৰে দেওবাৰে পদত্যাগ কৰিবলৈ বাধ্য হ’ল৷ মুখ্যমন্ত্ৰীৰ সোণোৱালৰ নিৰ্দেশতে লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তত আৰক্ষী কঠোৰ হোৱাৰ বাবেই আয়োগৰ কুখ্যাত অধ্যক্ষ ৰাকেশ পালসহ প্ৰাৰ্থী, মধ্যভোগীয়ে জে’লৰ ভাত খাব লগা হৈছে৷ কিন্তু বিজেপি চৰকাৰৰ আমোলত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডত সংঘটিত কেলেংকাৰিত অধ্যক্ষ প্ৰদীপ কুমাৰ তদন্তৰ আওটালৈ আহিব নে নাই, সেয়া এতিয়া সবাতোকৈ ডাঙৰ প্ৰশ্ন আৰু চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে৷ কিয়নো প্ৰশ্নকাকত ফাদিল হোৱা আৰক্ষী এছ আই পদৰ পৰীক্ষাই নহয়, বিজেপি চৰকাৰৰ কাৰ্যকালত প্ৰদীপ কুমাৰৰ নেতৃত্বত আৰক্ষী নিযুক্তি ব’ৰ্ডে পতা বিভিন্ন বিভাগৰ প্ৰায় এক ডজন পৰীক্ষাত সংগঠিত ৰূপত মধ্যভোগী দালাল চক্ৰটোৱে কেলেংকাৰি সংঘটিত কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে৷ পৰীক্ষা পতা ঠিকাদাৰী প্ৰতিষ্ঠানক নেতৃত্ব দিয়া প্ৰাঞ্জল বৰুৱাৰে মিলি বিজেপি নেতা দিবন ডেকা এণ্ড কোম্পানীয়ে অনুষ্ঠিত কৰা কেইবাটাও পৰীক্ষাত কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠিছিল যদিও কোনেও বিশেষ গুৰুত্ব নিদিয়াৰ বাবেই দালাল চক্ৰটোৰ মুখা খোল খোৱা নাছিল৷ আজি ‘আমাৰ অসমে’ফাদিল কৰিব আৰক্ষী এছ আই পদৰ নিযুক্তিৰ বজাৰৰ আঁৰৰ প্ৰকৃত কাহিনী৷ ৫৯৭ টা উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত প্ৰায় ৩০০ পদতে দালাল চক্ৰটোৱে ধনৰ বিনিময়ত প্ৰাৰ্থী বাচনিৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছিল যদিও শেষ মুহূৰ্তত সকলো ফাদিল হৈ পৰাত আঁচনি সম্পূৰ্ণ নহ’ল৷

  • কেনেকৈ দালাল চক্ৰটোৰ হাতলৈ আহিছিল প্ৰশ্নকাকত

আৰক্ষী উপ-পৰিদৰ্শকৰ ৫৯৭টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় ৬৭ হাজাৰ প্ৰাৰ্থী৷ ইয়াৰ বাবে কেৰালা ইলেকট্ৰনিকছ [কেলটন] নামৰ এটা প্ৰতিষ্ঠানক পৰীক্ষা পতাৰ ঠিকা দিয়া হৈছিল৷ প্ৰকৃতাৰ্থত প্ৰাঞ্জল বৰুৱা, কৌশিক সৰকাৰ আৰু বিজেপি নেতা দিবন ডেকাৰ মেচাৰ্ছ এমেইন টেক কনচালটেণ্ট প্ৰাইভেট লিমিটেড আৰু ৰুবুল হাজৰিকাৰ মেচাৰ্ছ অক্ষয় টেলিকমিউনিকেশ্বন নামৰ কলচেণ্টাৰটোৱে ‘কেলটন’ৰ পৰা উপ ঠিকা লৈ পৰীক্ষা পাতিছিল৷ এক লাখ টকা মাননিত ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ শিক্ষয়িত্ৰী পত্নীয়ে কটা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত জুন মাহতে ছপা কৰোৱাৰ বাবে দায়িত্ব দিছিল আহমেদাবাদৰ এটা ছিকিউৰিটী প্ৰেছক৷ এই কথা ব’ৰ্ডৰ দুগৰাকী সদস্য শীৰ্ষ আৰক্ষী বিষয়া হৰমীত সিং আৰু হীৰেন নাথক জানিবলৈ দিয়া নাছিল অধ্যক্ষ প্ৰদীপ কুমাৰে৷ ২০ ছেপ্টেম্বৰ পৰীক্ষাৰ দিন চূড়ান্ত হোৱাত আহমেদাবাদৰ পৰা ১৮ ছেপ্টেম্বৰত গুৱাহাটীলৈ অনা হৈছিল প্ৰশ্নকাকতসমূহ৷ আৰক্ষী বিষয়া মানবেন্দ্ৰ দেৱ ৰয়, তদানীন্তন অধিনায়ক হিচাপে থকা গুৱাহাটীৰ দশম আৰক্ষী বেটেলিয়নৰ ষ্ট্ৰং ৰুমৰ তিনিটা কোঠাত ৰখা হৈছিল প্ৰশ্নকাকতৰ টোপোলাসমূহ৷ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ এগৰাকী উপ-পৰিদৰ্শকৰ তত্বাৱধানতে নিশা ৰখা হৈছিল প্ৰশ্নকাকত৷ তাৎপৰ্যপূৰ্ণভাৱে দশম আৰক্ষী বেটেলিয়নৰ ষ্ট্ৰং ৰুমত চিচিটিভিৰ কোনো ব্যৱস্থা নথকাৰ বাবে প্ৰশ্নকাকতৰ টোপোলাসমূহ ৰখাৰ স্থান বাছনিক লৈও সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো প্ৰশ্নকাকত ফাদিল কৰাৰ পাছতেই নাটকীয়ভাৱে দশম আৰক্ষী বেটেলিয়নৰ অধিনায়ক মানবেন্দ্ৰ দেৱ ৰয়ক হোজাইৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ অৱশ্যে, প্ৰশ্নকাকতৰ টোপোলাসমূহ দশম আৰক্ষী বেটেলিয়নৰ ষ্ট্ৰং ৰুমত ৰাখিলেও এখন প্ৰশ্নকাকত ৰাখিছিল আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে৷ ইয়াৰ পাছতেই ১৮ ছেপ্টেম্বৰৰ নিশাই পৰীক্ষা পতা ঠিকাদাৰী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বহু বিতৰ্কিত এমেইন টেক কনচালটেণ্ট আৰু অক্ষয় টেলিকমিউনিকেশ্বনে পৰীক্ষা পাতিলেও তেওঁলোকৰ হাতলৈ প্ৰশ্ন কাকত আহিব নোৱাৰে৷ পৰীক্ষা হৈ যোৱাৰ পাছতহে অ’এম আৰ শ্বীট প্ৰচেচিঙৰ বাবে প্ৰশ্নকাকত দিব লাগে পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা প্ৰতিষ্ঠানক৷ কিন্তু ১৮ ছেপ্টেম্বৰতেই প্ৰাঞ্জল বৰুৱাই কেনেকৈ লাভ কৰিলে প্ৰশ্নকাকত? কোনে যোগান ধৰিছিল ছিণ্ডিকেট চক্ৰৰ অন্যতম সদস্য প্ৰাঞ্জল বৰুৱাক প্ৰশ্নকাকত? তদন্তকাৰী আৰক্ষীৰ হাতত এই প্ৰশ্নৰ উত্তৰত প্ৰাঞ্জল বৰুৱাই দুটা উৎসৰ পৰা প্ৰশ্নকাকত লাভ কৰাৰ সম্ভাৱনা চিনাক্ত কৰিছে৷ ইয়াৰে এটা উৎস হৈছে আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ আৰু আনটো হৈছে দশম আৰক্ষী বেটেলিয়নৰ ষ্ট্ৰং ৰুম৷ ইয়াৰ পাছতেই প্ৰাঞ্জল বৰুৱাৰ যোগেদি দিবন ডেকাই উক্ত দিনা নিশাই লাভ কৰে প্ৰশ্নকাকত৷ কথা হ’ল দীৰ্ঘদিনৰে পৰা আৰক্ষী নিযুক্তি ব’ৰ্ডৰ ছিণ্ডিকেটৰাজ চলাই থকা প্ৰাঞ্জল বৰুৱা আৰু দিবন ডেকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে অধ্যক্ষ প্ৰদীপ কুমাৰৰ৷ সেই সূত্ৰে অধ্যক্ষ প্ৰদীপ কুমাৰে প্ৰাঞ্জল বৰুৱা এণ্ড কোম্পানীৰ হাতত প্ৰশ্নকাকত তুলি দিয়াৰ সম্ভাৱনা অধিক৷ অৱশ্যে, সাৰদা কেলেংকাৰিৰ সময়ৰে আৰক্ষী শীৰ্ষ বিষয়া আৰু ৰাজনৈতিক নেতাক মেনেজ কৰাত সিদ্ধহস্ত দিবন ডেকাৰ সৈতে আছে আৰক্ষী বাহিনীৰ বহু শীৰ্ষ নেতাৰ সু-সম্পৰ্ক৷ দিবন ডেকাই সু-সম্পৰ্ক ৰক্ষা কৰি অহা শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে তোলা ছেলফি মাজে-সময়ে নিজৰ ফেচবুকত আপলোড কৰা দেখা যায়৷ সেই সূত্ৰে দশম আৰক্ষী বেটেলিয়নৰ ষ্ট্ৰং ৰুমৰ পৰাও প্ৰশ্নকাকত লাভ কৰাৰ সন্দেহ নথকা নহয়৷ কিন্তু প্ৰশ্নকাকতখন যে ১৮ ছেপ্টেম্বৰৰ নিশা প্ৰাঞ্জল-দিবন বাহিনীৰ হাতত যে পৰিছিল সেয়া নিশ্চিত৷ ব’ৰ্ডৰ অধ্যক্ষৰ পৰাই যিহেতু প্ৰশ্নকাকত ফাদিল হোৱাৰ সম্ভাৱনা বেছি আছে, তদন্তকাৰী আৰক্ষীয়ে এই দিশটোৰ ওপৰতো অনুসন্ধান আৰম্ভ কৰিছে৷ আৰক্ষী এইটো কথাতো নিশ্চিত হৈছে যে, বিজেপি নেতা দিবন ডেকা প্ৰশ্নকাকত মেনেজৰ দায়িত্বত আছিল আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পি কে দত্ত আছিল প্ৰাৰ্থী সংগ্ৰহৰ দায়িত্বত৷ যাৰ বাবে পি কে দত্তই গাড়ী চালকৰ পৰা আৰম্ভ কৰি হোটেলৰ মেনেজাৰলৈকে বিশ্বাসী সকলোকে প্ৰাৰ্থী সংগ্ৰহৰ দালালিৰ কামত নিয়োজিত কৰিছিল৷ ইয়াৰ পাছতেই দিবন ডেকা আৰু পি কে দত্তই হোটেল-ল’জকে ধৰি ৰাজ্যৰ প্ৰায় ৩০টা স্থানত ১৯ ছেপ্টেম্বৰৰ নিশা আগতীয়াকৈ এছ আই পৰীক্ষাৰ অনুশীলন কৰিছিল৷ গুৱাহাটীৰ পি কে দত্তৰ লখৰাৰ হোটেল ভাৰ্গৱ আৰু পত্নী স্বপ্নশ্ৰী দত্তৰ নামত থকা বুলি সন্দেহ কৰা গণেশগুৰিৰ থেংক ইউ ল’জত পাতিছিল পৰীক্ষা৷ ইপিনে, আৰক্ষীৰ জেৰাত থেং ইউ ল’জটোক লীজত লৈ চলাই থকা এপ’ল’ হাস্পতালৰ কৰ্মচাৰী প্ৰাঞ্জল শৰ্মাই স্বীকাৰ কৰা মতে দিবন ডেকা হৈছে প্ৰাঞ্জলৰ কলেজীয়া বন্ধু৷ দুয়ো বি বৰুৱা মহাবিদ্যালয়ত একেলগে পঢ়িছিল৷ দিবন ডেকাই ২৫ ছেপ্টেম্বৰত প্ৰাঞ্জললৈ ফোন কৰি ১৯ ছেপ্টেম্বৰত এছ আই পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে এটা ডাঙৰ কোঠা দিবলৈ কৈছিল৷ ইয়াৰ বাবদ ৫০ হাজাৰ টকাত বন্দোবস্তি হৈছিল৷ দিবনে ১০০ প্ৰাৰ্থীৰ প্ৰশিক্ষণৰ কথা কৈছিল যদিও প্ৰাঞ্জলে ৫০জন প্ৰাৰ্থীৰ বাবে ঠাই হ’ব বুলি জানিবলৈ দিছিল৷ এই বন্দোবস্তি অনুসৰি ১৮ ছেপ্টেম্বৰৰ নিশা দিবনে নিজৰ ফ্লেটলৈ প্ৰাঞ্জলক মাতি আনি ৫০ হাজাৰ টকা ভাড়া আদায় দিয়াৰ লগতে এখন প্ৰশ্নকাকত দি পিছদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ বাবে কোঠাটো সাজু কৰি ৰাখিবলৈ কৈছিল৷ লগতে দিবনে প্ৰাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে দুজন ট্ৰেইনাৰ যাব বুলিও কৈছিল৷ কিন্তু ১৯ ছেপ্টেম্বৰত ৪৪জন প্ৰাৰ্থী থেংক ইউ ল’জলৈ আহিছিল যদিও  সময়মতে দিবনে কোৱাৰ দৰে কোনো প্ৰশিক্ষক অহা নাছিল৷ তেতিয়া প্ৰাঞ্জলে পুনৰ দিবনলৈ ফোন কৰাত দিবনে উত্তৰৰ সৈতে থকা এশটা প্ৰশ্নৰ কাকতখন ব’ৰ্ডত লিখি দিবলৈ কৈছিল প্ৰাঞ্জলক৷ দিবনৰ নিৰ্দেশ মতে,  প্ৰাঞ্জল শৰ্মাই আনজন স্বত্বাধিকাৰী প্ৰণৱ বৰাৰ সৈতে এখন ব’ৰ্ডত এটা এটাকৈ প্ৰশ্ন আৰু উত্তৰ লিখি দিছিল৷ কিন্তু এটা সময়ত ব’ৰ্ডত প্ৰশ্নোত্তৰ লিখি আঙুলি বিষাই যোৱাত প্ৰাঞ্জল ল’জৰ কম্পিউটাৰৰ পৰা প্ৰজেক্টৰত প্ৰশ্নকাকত প্ৰদৰ্শন কৰি প্ৰাৰ্থীসকলক উত্তৰ লিখি যাবলৈ কয়৷ তেওঁ এইদৰে কোৱা বুলিও আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷ ইতিমধ্যে ল’জটোত পৰীক্ষাত বহা ৪৪জন প্ৰাৰ্থীৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে৷ আনহাতে, ১৮ ছেপ্টেম্বৰত দিবন ডেকাই ভাৰ্গৱ হোটেলৰ অন্যতম মেনেজাৰ ৰাহুল ডেকাকো প্ৰশ্নকাকত যোগান ধৰিছিল৷ ৰাহুল ডেকাইও একে প্ৰন্থাৰে ভাৰ্গৱ হোটেলত ১৯ ছেপ্টেম্বৰৰ নিশা পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ ১৯ ছেপ্টেম্বৰলৈ সকলো সঠিকভাৱে হৈ গৈছিল যদিও প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা ধনৰ ভাগ-বটোৱাৰাক লৈ মনোমালিন্য হোৱাৰ বাবেই দিবন ডেকাই প্ৰশ্নকাকত ফাদিল হোৱা বুলি ব’ৰ্ডৰ অধ্যক্ষক অভিযোগ দিয়া হৈছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিছে৷ উল্লেখ্য নৈতিক দায়িত্ব কান্ধ পাতি প্ৰদীপ কুমাৰে পদত্যাগ কৰিলেও এতিয়াও প্ৰাঞ্জল বৰুৱাৰ প্ৰতিষ্ঠানক এনেধৰণৰ চৰকাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰা নিষিদ্ধ কৰা হোৱা নাই অথবা আৰক্ষী বিভাগে তেওঁলোকৰ সৈতে থকা চুক্তিও বাতিল কৰা নাই৷ সেই লৈও প্ৰাঞ্জল বৰুৱাৰ সৈতে দিছপুৰৰ গোপন বুজাবুজি থকা বুলি সন্দেহ কৰা হৈছে৷ অন্যথা চৰকাৰে জৰুৰীভাৱে প্ৰাঞ্জল বৰুৱাৰ প্ৰতিষ্ঠানক নিষিদ্ধ ঘোষণা কৰিব পাৰিলেহেঁতেন৷ তদুপৰি প্ৰাঞ্জল বৰুৱাক আৰক্ষীয়ে এই পৰ্যন্ত তদন্তৰ আউটালৈ ননাটো ৰহস্যজনক বিবেচিত হৈছে৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জনসংযোগ বিভাগ আদি কেবাটাও চৰকাৰী বিভাগৰ পৰীক্ষাত সংঘটিত কৰা কেলেংকাৰি সন্দৰ্ভত মুখা খুলি দিম বুলি ভাবুকি দিয়া বাবেই দিছপুৰৰ এটা চক্ৰই তেওঁক এতিয়ালৈকে ৰক্ষণাবেক্ষণ দি থকা বুলি অভিযোগ উত্থাপিত হৈছে৷