Logo
image

ছাদ্ৰী ভাষাৰ ছবি ‘মিনি’ ইটালিয়ান ফিল্ম ফেষ্টিভেললৈ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৭ জানুৱাৰীঃ ৰাজ্যৰ চাহ উদ্যোগৰ দুশ বছৰীয়া ইতিহাসৰ আলম লৈ অভিনেতা তথা চলচ্ছিত্ৰ নিৰ্মাতা পংকজ মহন্ত প্ৰযোজিত চাহ জনগোষ্ঠীয় ছাদ্ৰী ভাষাৰ ছবি ‘মিনি’ ইটালীয়ান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে৷ চাহ জনগোষ্ঠীয় লোকসকলৰ টুছু পূজাৰ দিনাই ‘মিনি’য়ে কঢ়িয়াই অনা এই খবৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত আনন্দৰ বন্যা বোৱাইছে৷  অৰুণজিৎ বড়া পৰিচালিত এই কলা সুলভ তথা প্ৰতীক ধৰ্মী চলচ্ছিত্ৰখন ইতিমধ্যে মুম্বাইৰ ‘থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল’ৰ প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে৷  মুম্বাইত অনুষ্ঠিত ‘নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল’ত শ্ৰেষ্ঠ চলচ্ছিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখনে আন্ত: ৰাষ্ট্ৰীয় লিয়’নাৰ্ডো খ্ৰোমোভ ফিল্ম ফেষ্টিভেল-২০২৩ আৰু লিফ্‌ট ইণ্ডিয়া ফিল্মোৎসৱৰ ইণ্টাৰনেচনেল চিনে ফেষ্ট-২০২২ লৈ নিৰ্বাচিত মিনি চলচ্ছিত্ৰখন চাহ বাগিচাৰ বনুৱা সকলৰ জীৱনচৰ্যাক ভেটি হিচাবে লৈ নিৰ্মাণ কৰা হৈছে৷ ছবিখনত উৰ্মিলা মহন্ত আৰু বলোৰাম দাসে দুটা মূল চৰিত্ৰত অভিনয় কৰাৰ লগতে প্ৰযোজক পংকজ মহন্তয়ো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷