Logo
image

ঐ ৰাম জয়ন্ত-দিশাৰ বিয়া হে...জয়ন্তৰ জীৱনত পোহৰ বিলালে দিশাই

ডিজিটেল সংবাদ, মৰিগাঁওঃ এখন ব্যতিক্ৰমী বিবাহ। দৰা মৰিগাঁৱৰ। কইনা কাৰ্বি আংলং জিলাৰ। দৰা দৃষ্টি প্ৰতিবন্ধী। ৫ বছৰ বয়সতে এটা জটিল ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুওৱা দৰা জয়ন্তই সৰুতেই পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হৈ পৰিছিল। ঘাট মাউৰা জয়ন্তই সৰুতেই ধৰমতুলৰ পিতৃগৃহৰ পৰা মৰিগাঁৱৰ ৰূপহীবৰি মামাকৰ ঘৰলৈ গুচি আহে।

গুৱাহাটীত অন্ধ বিদ্যালয়ত সপ্তম শ্ৰেণীলৈকে শিক্ষাগ্ৰহণ কৰা জয়ন্ত পৰৱৰ্তী সময়ত চিনাকী হয় কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ পিতৃহীনা দিশাস্মৃতি হাজৰিকাৰ সৈতে। পৰৱৰ্তী সময়ত দুয়ো প্ৰেমৰ বান্ধোনত বান্ধ খায়৷ কিন্তু থাকিবলৈ নিজৰ ঘৰ এখনো নথকা বিশেষভাৱে সক্ষম জয়ন্তই বিয়া পাতেহে কেনেকৈ! কিন্তু প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা দিশাস্মৃতি আৰু জয়ন্তই ইজনে-সিজনক কোনো কাৰণতে এৰিবলৈ ইচ্ছুক নাছিল। 

প্ৰেমৰ তাগিদাতে দুয়ো গোটেই জীৱন একেলগে থকাৰ পণ লৈ কাষ চাপিল মৰিগাঁও জিলা আয়ুক্তৰ। মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ একান্ত প্ৰয়াস আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু মৰিগাঁও জিলাৰ একাংশ মানৱদৰদী লোকৰ প্ৰয়াসত মৰিগাঁৱৰ আৱৰ্ত ভৱনত দুয়োখন ঘৰৰে পৰিয়ালৰ লোকৰ উপস্থিতিত দেওবাৰে দুয়োৰে বিবাহ সম্পন্ন কৰা হয়। কন্যাদান কৰে জিলা মীন উন্নয়ন বিষয়া ভাস্কৰজ্যোতি নাথে। বিবাহৰ আগভাগ ল'লে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া নিলোৎপল কাকতিয়ে। 

আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়া, পৌৰ সভাৰ পৌৰ পতি আৰু মৰিগাঁৱৰ বহু গণ্যমান্য ব্যক্তিয়ে এই বিয়াখন সুকলমে অনুষ্ঠিত কৰাত সহায়ৰ হাত আগবঢ়ায়। ফাৰ্ণিছাৰৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকক প্ৰদান কৰা হয় যাতে বিয়াৰ পিছত তেওঁলোকে জীৱনটো কটাবলৈ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বাবে হাহাকাৰ কৰিবলগীয়া নহয়। জয়ন্ত দিশাস্মৃতিৰ বাবে এটা ঘৰো নিৰ্মাণ কৰি দিয়া হৈছে। নৱ দম্পতি কুশলে থকাৰ বাবে সকলোৱে কামনা কৰিছে।