Logo
image

ভগৱানৰ আবিৰ্ভাৱে সকলোৰে বাবে কঢ়িয়ালে আশাৰ বতৰা

৫০০ বছৰীয়া উৎকণ্ঠা, সংঘাতৰ ওৰ পেলাই অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাই হিন্দুসকলৰ ভগৱান ৰামৰ প্ৰতি ভাৰতবৰ্ষৰ অগণন লোকক পুনৰবাৰ অধিক আগ্ৰহী কৰাৰ লগতে ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশতো পৰিৱৰ্তন সাধিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলালা প্ৰতিষ্ঠাৰ আগৰ ১১ দিন ধৰি ব্ৰত পালন, দেশৰ বিভিন্ন প্ৰান্তৰ ভগৱানৰ ৰামৰ সৈতে জড়িত বিভিন্ন মঠ-মন্দিৰ ভ্ৰমণকে ধৰি মূল মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাৰ সৈতে নিজকে এনে পৰ্যায়লৈ জড়িত কৰি ৰাখিলে যে ধৰ্মানুৰাগী, ধৰ্মভীৰু দেশৰ কোটি কোটি লোক প্ৰধানমন্ত্ৰীজনৰ প্ৰতি গদগদ হৈ পৰিল৷ প্ৰধানমন্ত্ৰী মোদীৰ পদাংক অনুসৰণ কৰি বিজেপি দলৰ নেতৃত্বত থকা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰী, সাংসদ, নেতা-পালিনেতা সকলোৱে ৰাম মন্দিৰক লৈ দেশজুৰি ব্যাপক জনজাগৰণৰ সৃষ্টি কৰিলে৷ বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহো অভূতপূৰ্বভাৱে ৰাম মন্দিৰক লৈ ব্যস্ত হৈ পৰিল৷ অসমৰ মুখ্যমন্ত্ৰীয়ে এখোপ চেৰাই গৈ ২২ ডিচেম্বৰৰ প্ৰতিষ্ঠাৰ দিনটোত মাছ-মাংসৰ প্ৰচলন বন্ধ কৰাৰ উপৰি শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিলে৷ আৰ এছ এছকে মুখ্য কৰি হিন্দুত্ববাদী সংগঠনসমূহে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বহু আগৰে পৰা চলোৱা ব্যাপক সজাগতা কাৰ্যসূচীসমূহে দেশৰ কোটি কোটি হিন্দু লোকক অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰতি এক ভক্তিৰ ভাৱ জাগ্ৰত কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিলে৷ কাজেই এনেবোৰ পদক্ষেপৰ বাবে ভগৱান ৰামৰ অচিলাৰে দেশৰ অগণন হিন্দু লোকক এডাল অদৃশ্য ডোলেৰে বান্ধি পেলোৱাৰ ক্ষেত্ৰত ই ইন্ধন যোগালে৷ অৱধাৰিতভাৱে ১৮সংখ্যক লোকসভা নিৰ্বাচনৰ পূৰ্বে হিন্দু ভোটাৰক ধৰ্মীয় মেৰুকৰণৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত বিজেপি  আৰু হিন্দুত্ববাদী সংগঠনসমূহ বহু পৰিমাণে সক্ষম হ’ল বুলি ভাবিব পাৰি৷ উল্লেখ্য, দক্ষিণ-পূব এছিয়াত ভগৱান ৰামৰ প্ৰভাৱ থকা বহুকেইখন ৰাষ্ট˜ৰ লগতে ইউৰোপ, আমেৰিকাতো কিছু পৰিমাণে বিশেষতঃ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত নৱ-নিৰ্মিত অযোধ্যাৰ ৰাম মন্দিৰে চৰ্চা লাভ কৰাটো লক্ষণীয় দিশ৷ কেইবাখনো ৰাষ্ট˜ৰ ৰাষ্ট˜প্ৰধান, প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু দেশবাসীক ৰাম মন্দিৰত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীক অভিনন্দন জনোৱাটো তাৎপৰ্যপূৰ্ণ৷ ঐতিহাসিকভাৱে ৰামায়ণৰ কাহিনীৰ সৈতে সংযুক্ত হৈ থকা দক্ষিণ কোৰিয়াই এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷ দেশখনৰ সৰ্বস্তৰৰ কোটি কোটি জনতাক ৰামকেন্দ্ৰিক চিন্তাৰ প্ৰতি আকৃষ্ট কৰি ৰখাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ততো তেনে এক চিন্তাধাৰাক জাগ্ৰত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা ভূমিকাই পুনৰবাৰ ৰাজনৈতিক, সামাজিক আৰু কূটনৈতিকভাৱে তেওঁৰ দক্ষতা প্ৰতিপন্ন কৰিছে৷ 
ৰাজনৈতিক, সামাজিক, আধ্যাত্মিক, কূটনৈতিক আদি প্ৰতিটো বিষয়ত অযোধ্যাৰ ৰামমন্দিৰে শাসকীয় বিজেপি দলক উপকৃত কৰাৰ সমান্তৰালকৈ দেশৰ বাবে অৰ্থনৈতিক দিশতো এক ইতিবাচক দিশ কঢ়িয়াই আনিছে৷ ৰাম মন্দিৰ সকলো দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ পিছৰে পৰা দেশৰ বিভিন্ন স্থানৰ লোক অযোধ্যাত উপস্থিত হৈছে৷ অযোধ্যাত এনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে যে ত্ৰেতা যুগৰ ভগৱান ৰাম আহি ঘোৰ কলিকালত পুনৰবাৰ আবিৰ্ভাৱ হৈ সকলোকে ধন্য কৰিছে৷ বালক ৰামৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ পিছৰে পৰা নতুন বহু কাহিনী-উপকাহিনীৰো সৃষ্টি কৰা হৈছে৷ অগণন লোকৰ ভিৰ দেখি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেশৰ ভিভিআইপি সকলক কিছুদিনৰ বাবে অযোধ্যালৈ নহাৰ বাবে অনুৰোধ জনাইছে৷ ভাৰতবৰ্ষত নিজৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত সিঁচৰতি হৈ থকা হিন্দুসকলৰ বাবে বহু কেইখন আকৰ্ষণীয় তীৰ্থস্থান আছে যদিও মুছলমানসকলৰ তীৰ্থভূমি মক্কা আৰু খ্ৰীষ্টানৰ পবিত্ৰ তীৰ্থভূমি ভেটিকানেহে বিশ্ব প্ৰেক্ষাপটত অধিক আকৰ্ষণীয় স্থানৰূপে অগ্ৰাধিকাৰ লাভ কৰি আহিছিল৷ ভাৰতবৰ্ষৰ স্বৰ্ণমন্দিৰ, তিৰুপতি মন্দিৰ, মথুৰা, বৃন্দাবন, পুৰীৰ জগন্নাথ মন্দিৰকে ধৰি বিভিন্ন তীৰ্থস্থান আৰু মক্কা, ভেটিকানৰ তুলনাত অযোধ্যালৈ আহিবলগীয়া তীৰ্থযাত্ৰী, পৰ্যটকৰ সংখ্যা বহু বেছি হ’ব বুলি অনুমান কৰা হৈছে৷ ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বৰ পৰাই দেশৰ শ্বেয়াৰ মাৰ্কেটত উত্থানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত হোটেল উদ্যোগ, যাতায়াত ব্যৱস্থা, টিকট বুকিঙৰ প্ৰতিষ্ঠানসমূহৰ লাভৰ পৰিমাণ বহু বৃদ্ধি পাইছে৷ ইকনমিক টাইমছ-ৰ তথ্য মতে বিগত এমাহতে হোটেল খণ্ডত সৃষ্টি হৈছে বিশ হাজাৰ কৰ্মসংস্থান৷ ব্যৱসায়িক গোষ্ঠীৰ ঐক্যবদ্ধ মঞ্চ (কেট)ৰ দ্বাৰা প্ৰকাশিত অধ্যয়নত ৰামকেন্দ্ৰিক ব্যৱসায়ে ইতিমধ্যে দেশত এক লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে৷ মুঠতে ভগৱান ৰামে সকলোৰে বাবে সুখবৰ কঢ়িয়াই আনিছে৷ অযোধ্যাত এতিয়া তাজ, আইটিচি, অবেৰয়, ৰেডিয়েণ্ট, ৰেডিছন  ব্লু আদি প্ৰখ্যাত হোটেল উদ্যোগসমূহে নতুনকৈ স্থাপন কৰিব বহু তাৰকাযুক্ত হোটেল৷  ২২ জানুৱাৰীত বিশেষভাৱে আমন্ত্ৰিত ৮ হাজাৰ অতিথিৰ গৰিষ্ঠসংখ্যকে চাৰ্টাৰ্ড বিমানযোগে অযোধ্যাত অৱতৰণ কৰিছিল৷ মুঠতে সকলো দিশৰ পৰা অযোধ্যাই যেন শুভবাৰ্তা কঢ়িয়াই আনিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দহবছৰীয়া শাসন কালত কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচীৰে দেশৰ জনতাক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল৷ বিশেষতঃ নিৰ্বাচনৰ পূৰ্বে তেওঁ এনে এক পদক্ষেপ গ্ৰহণ কৰিলে যি জনসাধাৰণক বাৰুকৈয়ে আকৰ্ষণ কৰে৷ অতি পৰিকল্পিতভাৱে অযোধ্যাত ৰামলালা প্ৰতিষ্ঠা লোকসভা নিৰ্বাচনৰ পূৰ্বে এক মাষ্টাৰ ষ্ট্ৰোক! অৱশ্যে ৰামলালা প্ৰাণ প্ৰতিষ্ঠাই দেশত ৰামৰাজ্য সৃষ্টি কৰাত কিমান সফল হ’ব সেয়া সময়েহে ক’ব!