Logo
image

ন-পুৰণি বিজেপিৰ মাজত চলিছে শীতল যুদ্ধঃ গৌৰৱ গগৈ

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদকঃ বিজেপি দলৰ মাজত এতিয়া শীতল যুদ্ধ চলি আছে৷ নতুন বিজেপিয়ে দলৰ পুৰণি কৰ্মীসকলক ক্ৰমাৎ গুৰুত্বহীন কৰি পেলাইছে৷ বিজেপি দলত এতিয়া একপ্ৰকাৰ পুৰণি কৰ্মীৰ চাফাই অভিযান চলিছে৷ এনেক্ষেত্ৰত বিজেপি দলত কোনোবা দলৰ পৰা গৈ যোগদান কৰাত বিশেষ কোনো নতুনত্ব নাই৷ কংগ্ৰেছ দল এটা শক্তিশালী দল আৰু কংগ্ৰেছৰ পৰা দুই-এজন ব্যক্তি আন দললৈ গ’লেও কংগ্ৰেছৰ কোনো ক্ষতি নহয়৷ দেওবাৰে সোণাৰিত এই মন্তব্য কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে৷ অংকিতা দত্ত আৰু বিস্মিতা গগৈয়ে বিজেপি দলত যোগদান কৰা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে আৰু কয় যে, একাংশ বিসম্বাদী কংগ্ৰেছী লোকে বিজেপি দলত যোগদান কৰি আহিছে আৰু এতিয়াও এনে একাংশ লোকেই পুনৰ যোগদান কৰিব বিচাৰিছে৷ এইসকল লোকৰ পৰা বিজেপি দল বিপদত পৰাৰ সম্ভাৱনাহে বেছি বুলি তেওঁ মন্তব্য কৰে৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু ৰাহুল গান্ধী সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে ৰাহুল গান্ধীৰ অসম ভ্ৰমণ তথা ভাৰত জোড়ো ন্যায় যাত্ৰাক অসমৰ সকলোস্তৰৰ ৰাইজে আঁকোৱালি লৈ সফল কৰিলে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত সকলো প্ৰকাৰৰ বাধা দিও বিফল হোৱাত উপায়ন্তৰ হৈ নানা কটু মন্তব্য কৰিছে৷ মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা আৰু ন্যায় যাত্ৰাৰ সফলতাত ভয় খাই দুটা দুটা ৰাহুল গান্ধী দেখা পোৱা বুলি গগৈয়ে কটাক্ষ কৰে৷ মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছে৷ আনকি মুখ্যমন্ত্ৰীৰ বক্তব্যক সামাজিক মাধ্যমত একাংশই ‘মীম’ বনোৱা বুলিও সাংসদজনে উল্লেখ কৰে৷ আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কংগ্ৰেছ দলে ক’ত, কাক প্ৰাৰ্থী দিব সেয়া তেওঁলোকৰ নিজস্ব বিষয়৷ এতিয়ালৈকে এই সন্দৰ্ভত দলৰ কোনো আনুষ্ঠানিক সভা অনুষ্ঠিত হোৱা নাই৷ এইক্ষেত্ৰত বিজেপি দলে কংগ্ৰেছে কাক, ক’ত প্ৰাৰ্থী দিব এই লৈ মন্তব্য কৰাৰ কোনো প্ৰয়োজন নাই বুলি গৌৰৱ গগৈয়ে জানিবলৈ দিয়ে৷