Logo
image

শৰৎ বৰকটকী বিৰল ৰাজনীতিক

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ২৯ জানুৱাৰীঃ শৰৎ বৰকটকী আন বহু ৰাজনীতিকতকৈ বহুক্ষেত্ৰত পৃথক আছিল৷ সহজ-সৰলভাৱে ৰাজনীতি কৰি সমাজ উত্তৰণৰ সপোন দেখা শৰৎ বৰকটকী অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এগৰাকী অনন্য, বিৰল ৰাজনীতিক আছিল৷ শৰৎ বৰকটকী যেনেদৰে সোণাৰি সমষ্টিবাসীৰ অভিভাৱক আছিল, তেনেদৰে আমাৰো ব্যক্তিগত জীৱনৰ এগৰাকী অভিভাৱক আছিল৷– এই মন্তব্য সাহিত্য অকাডেমী বঁটাপ্ৰাপক প্ৰথিতযশা গল্পকাৰ, বিশিষ্ট সাংবাদিক, ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত জ্যেষ্ঠ ৰাজনীতিক, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠানত স্মাৰকগ্ৰন্থ ‘স্নিগ্ধ শৰৎ’ উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক-সাহিত্যিকগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে দুটা বিশেষ কাৰণত সোণাৰি মোৰ বাবে অতি আকৰ্ষণীয়৷ প্ৰথমে মোৰ মাতৃগৃহ সোণাৰিত আৰু দ্বিতীয়তে মোৰ অভিভাৱকস্বৰূপ শৰৎ বৰকটকীৰ গৃহ চহৰ হোৱা বাবে সোণাৰি মোৰ বাবে আগ্ৰহ আৰু আকৰ্ষণৰ ঠাই৷ তেখেতে আৰু কয় যে শিক্ষকতাৰ সৈতে জড়িত কটকীদেৱে বহু পলমকৈ ৰাজনীতিত যোগদান কৰিও এগৰাকী সফল ৰাজনীতিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সফল ৰাজনৈতিক জীৱনৰ এগৰাকী অন্যতম সহযোগী শৰৎ বৰকটকীৰ গইনা লৈ বহু তলখাপৰ ৰাজনীতিকৰ উত্থান ঘটিছিল যদিও বৰকটকী ৰাজনীতিত প্ৰাপ্য মৰ্যাদাৰ পৰা বহু পৰিমাণে বঞ্চিত হৈছিল৷ আনকি ২০১৬ চনৰ অসমৰ সাধাৰণ নিৰ্বাচনত সোণাৰি সমষ্টিৰ ৰাইজে সমষ্টিটোৰ অভিভাৱকস্বৰূপ শৰৎ বৰকটকীক নস্যাৎ কৰাত আচৰিত হোৱা বুলি মন্তব্য কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে তেওঁৰ বক্তব্যত বৰকটকীৰ ৰাজনৈতিক জীৱনৰ বহু অজানা দিশৰ প্ৰতিফলন ঘটায়৷ 

উল্লেখ্য, সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশিষ্ট ৰাজনীতিক, শিক্ষাবিদগৰাকীৰ ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠানত ৰাজনীতিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে৷ মণিষা শৰ্মা বৰুৱাৰ এটি বৰগীতেৰে শুভাৰম্ভ হোৱা স্মৃতিচাৰণ অনুষ্ঠানত অসম চৰকাৰৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰ্ষীয়ান ৰাজনীতিক শৰৎ বৰকটকীৰ ৰাজনৈতিক জীৱনৰ বহু দিশ উন্মোচন কৰে৷ ভাষণ প্ৰসংগত শইকীয়াই কয় যে প্ৰয়াত শৰৎ বৰকটকীয়ে সোণাৰি সমষ্টি তথা চৰাইদেউ জিলাৰ আধুনিকীকৰণৰ বাবে বহু কাম কৰি গ’ল৷ চৰাইদেউ মহকুমা চিকিৎসালয়, চৰাইদেউ মহকুমাৰ বাট-পথ নিৰ্মাণকে ধৰি শেহতীয়াকৈ ২০১৫ বৰ্ষত চৰাইদেউ জিলা ঘোষণাপৰ্যন্ত চৰাইদেউৰ উন্নয়নৰ বাবে বহু পৰিকল্পনা গ্ৰহণ সেইবোৰৰ কাৰ্যকৰীকৰণ কৰিছিল৷ বৰকটকী অবিহনে আজিৰ সোণাৰি অথবা চৰাইদেউৰ কথা কল্পনা কৰিবই নোৱাৰি৷ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আমন্ত্ৰণত কংগ্ৰেছ দলত যোগদান কৰা বৰকটকী মূল্যবোধৰ ৰাজনীতিৰ এক অন্যতম উদাহৰণ৷ অনুষ্ঠানত বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ দীৰ্ঘদিনৰ ৰাজনৈতিক সতীৰ্থ পবন সিং ঘটোৱাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰকটকীৰ সৈতে থকা মধুৰ সম্পৰ্কৰ বিষয়ে স্মৰণ কৰে৷ বৰকটকী অসমৰ ৰাজনীতিৰ এগৰাকী ‘ভদ্ৰ ৰাজনীতিক’ বুলি উল্লেখ কৰি নিজৰ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত কোনোদিনে আপোচ কৰা নাছিল বুলি উল্লেখ কৰে৷ সোণাৰি সমষ্টিত চাহ জনগোষ্ঠীয় ভোটাৰ অধিক থকাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৯১ চনৰ বিধান সভা নিৰ্বাচনত বৰকটকীৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিল বুলি ঘাটোৱাৰে বুলি উল্লেখ কৰি সেইবাৰ বিপুল ভোটত বৰকটকী জয়ী হোৱাত চাহ জনগোষ্ঠীয় ভোটাৰৰ মাজতো তেখেতৰ জনপ্ৰিয়তাৰ উমান পাইছিল৷ পৰৱৰ্তী সময়ত চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বৰকটকীয়ে বহুতো পৰিকল্পনা গ্ৰহণ কৰা বুলি ঘাটোৱাৰে তেওৰ ভাষণত উল্লেখ কৰে৷ অনুষ্ঠানত সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শৰৎ বৰকটকী নতুন প্ৰজন্মৰ ৰাজনীতিকৰ বাঁবে আদৰ্শস্বৰূপ বুলি উল্লেখ কৰে আৰু তেখেতৰ আদৰ্শ আগত ৰাখিয়ে কাম কৰি যাব বুলি মন্তব্য কৰে৷ পিতৃ তৰুণ গগৈৰ সৈতে তেখেতৰ বন্ধুত্বৰ বিষয়েও গৌৰৱ গগৈয়ে স্মৰণ কৰে৷ আদৰণি সমিতিৰ সভাপতি মণি গগৈয়ে আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম জাতীয় পৰিষদৰ উপ-সভাপতি মাণিক গগৈ, গ্ৰন্থ প্ৰকাশক অজিত বৰুৱা, প্ৰয়াত শৰৎ বৰকটকীৰ সহধৰ্মিনী বীণা বৰকটকীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷  অনুষ্ঠানত দল-মত নিৰ্বিশেষে বিভিন্ন ব্যক্তি আৰু সংগঠনৰ সদস্য-বিষয়ববীয়া উপস্থিত থকাটো আছিল লক্ষণীয় দিশ৷ অনুষ্ঠানত শৰৎ বৰকটকী ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠানৰ আদৰণি সমিতিৰ তৰফৰ পৰা জ্যেষ্ঠ ৰাজনীতিকগৰাকীৰ পৰিয়ালবৰ্গক বিশেষভাৱে সম্বদ্ধৰ্না জনায়৷