Logo
image

নিয়মিত কিচ্‌মিচ খালে এইবোৰ উপকাৰ পোৱা যায়

কিচ্‌মিচ সকলোৰে প্ৰিয়৷ পায়স, ফ্ৰাইড ৰাইচ, কেক্‌ আদিকে ধৰি বিভিন্ন খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে কিচ্‌মিচ ব্যৱহাৰ কৰা হয়৷ কিচ্‌মিচ অকল সোৱাদযুক্তই নহয়, ই স্বাস্থ্যৰ বিভিন্ন উপকাৰ কৰে৷ উল্লেখ কৰা হ’ল কিচ্‌মিচ খালে হোৱা স্বাস্থ্যৰ উপকাৰিতাসমূহ–
◆ কিচ্‌মিচ আঙুৰ শুকাই প্ৰস্তুত কৰা হয়৷ কিচ্‌মিচত থকা হাই এনাৰ্জিয়ে শৰীৰত শক্তি বঢ়ায়৷ ইয়াত ফাইবাৰ থাকে বাবে পানীত তিওৱাৰ লগে লগে ই ফুলি উঠে৷ শুকান হৈ থকা অৱস্থাত কিচ্‌মিচত থকা ফাইবাৰসমূহো শুকাই থাকে৷ পানীত পৰাৰ লগে লগে ফাইবাৰে পানী শুহি লয়, ফলত ই ফুলি উঠিবলৈ ধৰে৷ কিচ্‌মিচ খালে আমাৰ পেটত যিবোৰ ফ্লুইড থাকে, সেইবোৰ কিচ্‌মিচে শুহি লয়, ফলত পাকস্থলীৰ পৰা খাদ্যবস্তু তললৈ নামি অহাত সহায় হয়৷
◆ শৰীৰ চৰ্চা কৰা সকলক পুষ্টিবিদসকলে নিয়মিত কিচ্‌মিচ খাবলৈ পৰামৰ্শ আগবঢ়ায়৷ কিয়নো কিচ্‌মিচত প্ৰচুৰ পৰিমাণে এনাৰ্জি থাকে আৰু ই সঠিক উপায়েৰে ওজন বৃদ্ধি কৰে৷ শৰীৰৰ ইউমিনিটি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰতো কিচ্‌মিচে সহায় কৰে৷ লিবিড’বৰ্ধনকাৰী হিচাপেও বহুতে কিচ্‌মিচ ব্যৱহাৰ কৰে৷ কিচ্‌মিচত থকা আৰজিনিন নামৰ উপাদানবিধে যৌন সমস্যা প্ৰতিৰোধত সহায় কৰে৷
◆ যিসকলৰ কোষ্ঠকাঠিন্য সমস্যা আছে তেওঁলোকে যদি নিয়মিত কিচ্‌মিচ খায় তেন্তে উপকাৰ পাব৷ ডায়েৰিয়াৰ সমস্যাতো কিচ্‌মিচে কাম কৰে৷ ওজন বঢ়োৱাৰ ক্ষেত্ৰত খেজুৰৰ লগতে কিচ্‌মিচ খালে বেছি উপকাৰ পোৱা যায়৷ কিচ্‌মিচত প্ৰচুৰ পৰিমাণে গ্লুক’জ আৰু পটেনচিয়েল এনাৰ্জি থাকে৷
অৱশ্যে কিচ্‌মিচ স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও অত্যধিক খোৱাটো অনুচিত৷ কিয়নো যিকোনো বস্তু মাত্ৰাধিক হাৰত খালে ই পৰৱৰ্তী সময়ত হিতে বিপৰীত হ’ব পাৰে৷ ডায়েবেটিছ ৰোগীসকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে কিচ্‌মিচ খাব৷ কাৰণ ডায়েবেটিছ ৰোগীৰ বাবে কিচ্‌মিচক মাৰাত্মক বুলি কোৱা হয়৷