Logo
image

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিস্ফোৰণঃ অস্তিত্ব নাথাকিব কংগ্ৰেছৰ, ৫ ফেব্ৰুৱাৰীত বহু ডাঙৰ ডাঙৰ নেতাই এৰিব কংগ্ৰেছ

আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জানুৱাৰীঃ কংগ্ৰেছৰ বৰ বেয়া দিন চলিছে। মানুহে কংগ্ৰেছ এৰি অহাৰ ধাৰা অব্যাহত থাকিব। আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১২ টা সমষ্টিত বিজেপিয়ে জয়লাভ কৰিব। আৰু অধিক আগুৱাবৰ বাবে বিজেপিয়ে চেষ্টা অব্যাহত ৰাখিছে। সোমবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই। 

মন্ত্ৰী হাজৰিকাই লগতে কয় যে অহা ৫ ফেব্ৰুৱাৰীত বহু ডাঙৰ ডাঙৰ নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা আছে। তেওঁলোকে কংগ্ৰেছ এৰি বিজেপিলৈ আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বাবে কাম কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে কাম কৰিছে। সেয়েহে বিজেপিৰ প্ৰতি বিৰোধী দলৰ নেতা- সমৰ্থকৰ সমৰ্থন বৃদ্ধি পাইছে।

হাজৰিকাই আৰু কয় যে কংগ্ৰেছতকৈ ভ্ৰষ্টাচাৰী কোনো নাই। ২০১৪ চনৰ পৰা প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছ বেয়াকৈ হাৰিছে। ভ্ৰষ্টাচাৰ- কুশাসনৰ বাবে কংগ্ৰেছ বেয়াকৈ হাৰিছে । কংগ্ৰেছক মানুহে বেয়া পায়। কংগ্ৰেছ মানুহৰ মাজত আৰু নাইকিয়া হৈ যাব। 

নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ তৎপৰতাৰ সম্পৰ্কত মন্ত্ৰীজনে কয়,  ''নগাঁও লোকসভাত কংগ্ৰেছ বৰ্তমান আমাতকৈ আগবাঢ়ি আছে। আমিও বহি থকা নাই। আমিও যুঁজ দিবলৈ সাঁজু হৈছোঁ। নগাঁও সমষ্টিক লৈ কংগ্ৰেছৰ সংঘাতৰ ওপৰত কোনো মন্তব্য নিদিও।" তেওঁ আু কয়- "কংগ্ৰেছত নেতাৰ মাজত কথাৰ কটাকটি সৰু কথা। মাৰপিট সাধাৰণ কথা । কংগ্ৰেছৰ সংস্কৃতিয়েই মাৰপিট-কাজিয়া। লগতে কংগ্ৰেছত মহিলা অসুৰক্ষিত বুলি বিস্মিতাই কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই কয়,"কংগ্ৰেছত মহিলা অসুৰক্ষিত বুলি বিস্মিতাই কৰা মন্তব্যৰ উত্তৰ ভূপেন বৰাৰ পৰা বিচাৰিছোঁ।" উল্লেখ্য, বিজেপিৰ নগাঁও জিলা আৰু কলিয়াবৰ জিলা কাৰ্যনিবাৰ্হকত অংশগ্ৰহণৰ বাবে নগাঁৱলৈ আহিছিল মন্ত্ৰী পীয়ূষ হাজৰিকা ।