Logo
image

ইডিৰ ভয়ত মমতা, কেজৰিৱাল যাব বিজেপিলৈঃ আজমল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জানুৱাৰীঃ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে কোন কোন ৰাজনৈতিক নেতা বিজেপিলৈ যাব? এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে এই সন্দৰ্ভত সোমবাৰে সংবাদ মাধ্যমৰ আগত এক ভৱিষ্যদ্বাণী কৰি বিজেপিলৈ যাবলগীয়া নেতাৰ তালিকা ৰাজহুৱা কৰে৷ আজমলৰ দাবী– মমতা বেনাৰ্জীও বিজেপিৰ লগত যাব৷ সমাজবাদী পাৰ্টী বিজেপিৰ লগত নাযায়৷ অৰবিন্দ কেজৰিৱালক লৈ মোৰ ৭৫ শতাংশ সন্দেহ আছে৷ তেওঁ বিজেপিৰ লগত যাব৷ ইডি, চিবিআই সকলো লগাই দিছে বিজেপিয়ে৷ সকলোৱে এতিয়া ভয়তে বিজেপিৰ লগ লাগিব৷ অসমত কংগ্ৰেছৰ বহুতে বিজেপিলৈ যাব নিৰ্বাচনৰ আগতে৷ কংগ্ৰেছৰ একনায়কত্ববাদৰ বাবে নীতীশ কুমাৰ বিজেপিৰ লগ লাগিছে৷ ৰকিবুল হুছেইন মোৰ ভাতৃৰ দৰে৷ ৰমজান মাহত একেলগে ইফটাৰ কৰিছোঁ তেওঁৰ সৈতে৷ ৰকিবুল হুছেইন যদি ধুবুৰীত নিৰ্বাচন খেলে আমাৰ বাবে ভাল হ’ব৷ দুই ভাতৃয়ে একেলগে নিৰ্বাচন খেলিম৷ আমাৰ মাজত ছেটিং আছে৷ তেওঁ হাৰি যাব মই জিকি যাম৷