Logo
image

সামাজিক মাধ্যমত অজাপ নেতা উদ্দীপ্তজ্যোতি গগৈৰ বিস্ফোৰক পোষ্টঃ আছুত কিদৰে পলিটিক্স কৰিছিল দীপাংক নাথে

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত এটা পোষ্টে তোলপাৰ লগাইছে৷ এই বিশেষ পোষ্টটো হৈছে প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ অজাপ নেতা উদ্দীপ্তজ্যোতি গগৈৰ৷ উদ্দীপ্ত গগৈৰ পোষ্টটোৱে উদঙাই দিছে আছুৰ ভিতৰচ'ৰাত চলা পলিটিক্সৰ অকথিত কাহিনী৷

পোষ্টটোত আছু ত্যাগ কৰি গেৰুৱা বসন পিন্ধা দীপাংক কুমাৰ নাথে কিদৰে 'পলিটিক্স' কৰিছিল সেই কথা ৰাজহুৱা কৰা হৈছে৷ এজন জ্যেষ্ঠ নেতাক সতীৰ্থই ইতিকিং সুলভ শব্দৰে নামাকৰণ কৰাৰ গুৰুতৰ অভিযোগ কৰিছে অজাপ নেতাজনে৷ অৱশ্যে এই অভিযোগৰ সত্যতা কিমান সেয়া স্পষ্ট নহয়৷ 

উদ্দীপ্তজ্যোতি গগৈৰ পোষ্টটো হুবহু ৰূপত তুলি ধৰা হৈছেঃ

আছুৰ দুলীয়াজান অধিৱেশন....

২০২০ৰ সপ্তদশ দুলীয়াজান অধিবেশনৰ শেষৰ দিনা (বিষয়বাচনী সভা) ২২ নৱেম্বৰৰ পুৱতি নিশা সময় প্ৰায়ে ৪:৪৫ত এটা ফোন আহিল, " দীপাংক দায়ে মাতিছে ক'ত আছ immediate আহ, দীপাংকদা থকা ৰুমলৈ আহিবি, অকলে আহিব কৈছে, পাৰিলে গাড়ী আনিব নালাগে"। মই লগে লগে গ'লো ৫-১০ মিনিটৰ পাছত তেওঁ থকা OILৰ কোঠাত উপস্থিত হ'লো, তাত তেতিয়াৰ সভাপতি দীপাংক নাথ বহি আছিল। মোক বহিবলৈ ক'লে, তেওঁৰ বিচনাত বহিলোঁ আৰু তেওঁলোক মোৰ সন্মুখত চকীত বহি আছিল।

নাথ ডাঙৰীয়ায়ে সুধিলে, "তোমাক কি দায়িত্ব লাগিব, সভাপতি নে সাধাৰণ সম্পাদক?" মই ক'লো, "আপোনালোকে যিয়ে দিয়ে মই সাজু আছো"।.... অলপ সময় ৰ'ল,  আকৌ সুধিলে "যদি এইবাৰ তোমাক দায়িত্ব নিদিওঁ বেয়া পাবা নেকি? " মই ক'লো, "আপোনালোকে যিয়ে সিদ্ধান্ত দিয়ে মই মানি ল'ম"। দীপাংক নাথে তেতিয়া ক'লে "সেইকাৰণে তোমাক মাতি আনিছোঁ, তেনেকুৱা নিচিনা কথা এটা হৈ আছে, মাইকেল এইবাৰ আছুত আকৌ থাকিব, ই বিৰাট অসৎ জানায়ে নহয়! এইবাৰো নোলায়, আমাৰ লগত এবাৰো বহায়ে নাই"।  এই মাইকেল নামটো হেনো সমুজ্জল দাৰ ( ড' সমুজ্জল ভট্টাচাৰ্য )নাম, দীপাংক দা, প্ৰকাশদা হঁতেই এই নামটো দিয়া নাম বুলি আমি জানো আৰু বিভিন্ন জনে জানে।

মই মোৰ যুক্তি দিলোঁ "আপুনি কোৱা কাৰণে মই সাজু হৈছিলোঁ, যদি নিদিয়ে একো নাই মই দুখ কৰিব লগা নাই যিহেতু আছুৰ কৰ্মকৰ্তা সকলে নেতৃত্বক কাহানিও অৱজ্ঞা নকৰে"। 

আৰু সেই দুলীয়াজান অধিৱেশনত দায়িত্ব ল'বলৈ মই একমাত্ৰ এই গাড্ডাৰ দীপাংক নাথৰ কাৰণে আগুৱাই আহিছিলো, কাৰণ অধিবেশনৰ কিছু দিনৰ আগত তেওঁ মোক ফোন কৰি সকলো জিলালৈ যাবলৈ নিৰ্দেশ দিছিল, পৰৱৰ্তী দায়িত্ব ল'ব লাগিব বুলি কৈছিল....

যেতিয়া মোক এই কথাটো ক'লে স্বাভাৱিক ভাৱে মনটো অলপ নিশ্চয় বেয়া লাগিছিল। কিন্তু মোক কোৱা হৈছিল অধিবেশনৰ পাছতে আমি দল ঘোষণা কৰিম, ইতিমধ্যে সকলো যাবতীয় কাম-কাজ বিলাক শেষ হৈছে ''মোৰ আৰু লুৰীণৰ মাজৰ কোনোবা এজন দলত যাব লাগিব'... প্ৰথমে আমি দুইটা যোৱা কথা আছিল যিহেতু এই অসৎ মাইকেলটোক খেদিব নোৱাৰিলোঁ তাক ফাইট দিবলৈ মই থাকিব লাগিব, নহলে সংগঠনতো ই বেয়া কৰি পেলাব আৰু আমিতো সকলো পাৰ্টিত যাব লাগিব কিছু দিনৰ পাছত, তুমি যদি দায়িত্ব লোৱা আধাতে এৰি যাব লাগিব আৰু মইও আছুত বেছি দিন নাই, অলপ দিন থাকি মইও পাৰ্টি জইন কৰিম। তুমি একো হুলস্থুল নকৰিবা, মোৰ ওপৰত বিশ্বাস ৰাখা তোমাক মৰ্য্যদা সহকাৰে আছুত থাকিবলৈ দিম আৰু যদি পাৰ্টিলৈ যাব নিবিচাৰা, অহা বাৰ তুমি আৰু উৎপল (উৎপল শৰ্মা) সভাপতি সম্পাদক হ'বা"। মই তেতিয়া তেওঁক ক'লো, "দাদা আপুনি কোৱাৰ বাবে হে মই candidate হৈছিলোঁ আৰু আপুনি দায়িত্ব দিম বুলি কোৱা কাৰণে হে মই ওলাইছিলোঁ, মোৰ তেনেকুৱা একো কথা নাছিল, আপুনি যদি বেছি দিন নাথাকে অহা বাৰ কেনেকৈ মোক দায়িত্ব দিব। আপোনাৰ কথা মোৰ বিশ্বাস হোৱা নাই, নালাগে বাৰু মোক দায়িত্ব আৰু অহাবাৰৰ কথা বাদ দিয়ক কাহানিও নিবিচাৰোঁ, কিন্তু এনেকৈ মানুহৰ আগত লাজত নেপেলাব, আপোনালোকে পাব লগীয়া বিলাক পালেই, কিন্তু মই হে লাজত পৰিম এতিয়া", এই কথা কেইটা কৈ মই কোঠাটোৰ পৰা ওলাই আহিলো।

সেইদিনাই বুজিলোঁ তেওঁ কিমান ধুৰন্ধৰ হ'ব লাগিব।। তাৰ কিছু সময়ৰ পাছত অধিবেশন স্থলীৰ পৰা কিছু নিলগত অইল ক্লাবত নতুন সমিতিৰ ঘোষণা হৈছে, মোক উপ-সভাপতিৰ দায়িত্ব আৰু তাৰ কিছুদিনৰ পাছত মোক উপদেষ্টাৰ দায়িত্বভাৰ। 

সেইদিনাই বুজিছিলোঁ কিমান ব্যৱহাৰ কৰিব পাৰে তেওঁ মানুহক, নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ যিকোনো পৰ্য্যায়লৈ নামিব পাৰে। পৃথিৱীৰ বেয়া কথা বিলাক শিকাইছিল, অসৎ, গাড্ডাৰ, মাইকেলৰ দৰে কিছুমান শব্দ আমাক শিকালে, জ্যেষ্ঠ সকলৰ লগত বেয়া কৰিলে। কিন্তু কিছু দিনৰ পাছত একেই, সকলো সনা পিটিকা। মাত্ৰ আমি কেইজনমানক হে বেয়া কৰিলে, আছু কৰিবলৈ হে আহিছিলোঁ যে তেওঁৰ জাল বুজিয়ে নাপালোঁ। বিভিন্ন সময়ত, সেই সময়ৰ বহু আছু কৰ্মীৰ লগত এনে ঘটনা- পৰিঘটনা ঘটিছিল, কোনোৱে প্ৰত্যাহ্বান জনাইছিল, কোনোৱে নকৈছিল, মনে মনে সহি গৈছিল। কিমান নিকৃষ্ট মনৰ মানুহ হ'ব পাৰে ভাবি চাওক। কিমান স্বেচ্ছাচাৰী হ'ব এইজন, এইবিলাক কথা কবলৈ কোনো স্থান নপাইছিলোঁ, পৱিত্ৰ সংগঠনতোক ৰাইজে বেয়া দৃষ্টি নিদিয়ক, নিঃস্বাৰ্থ কৰ্মী সকলে মনত কষ্ট নাপাওঁক বুলি সদায় ভাবি থাকিলোঁ, কিন্তু ইহঁতে ধুইট.....

জাতি মাটিৰ কথা কৈ, হাজাৰ হাজাৰ ছাত্ৰ কৰ্মীক জাতীয়তাবাদী হ'বলৈ কৈ, দিনে নিশায়ে যিটো দলক গালি-গালাজ পাৰি ফুৰিছিল এতিয়া সেইটো দলৰ নেগুৰত ধৰি আঠুকাঢ়ি থাকিবলৈ গুচিগল।।

আমি কিন্তু আমাৰ কথা সলোৱা নাই, কাহানিও নসলাও, যুঁজিবলৈ আহিছোঁ যুঁজি যাম, এই যুঁজত আমাৰ জয় হ'বও পাৰে নহবও পাৰে।। আগবাঢ়ি গৈ আছোঁ।

আৰু কেইবাটাও কাহিনী আছে কম কেতিয়াবা ইহঁতবোৰৰ সেইবোৰ কথা...