Logo
image

নগাঁৱত গৌৰৱ-প্ৰদ্যুৎ, ধুবুৰীত ৰকিবুল-খালেক...

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ পেনেল প্ৰাৰ্থী  দেওবাৰে কংগ্ৰেছ নিৰ্বাচনী সমিতি [চিইচি]লৈ প্ৰেৰণ কৰা হয়৷ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ উপস্থিতিত গঠন কৰা স্ক্ৰীণিং কমিটীয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছত উক্ত  তালিকা চিইচিলৈ প্ৰেৰণ কৰা হয়৷ কংগ্ৰেছৰ শীৰ্ষসূত্ৰ মতে স্ক্ৰীনিং কমিটিৰ বাচনিত উঠিছে গুৱাহাটীত মীৰা বৰঠাকুৰ, দ্বিজেন শৰ্মা, নগাঁৱত সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, শিলচৰত নৈঋতা জয়শুক্লা আৰু সৌম্যকান্তি পুৰকায়স্থ, কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী তালিকাত আছে হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু জুবেইৰ আলম৷ বহুচৰ্চিত বৰপেটা সমষ্টিৰ তালিকাত আছে দীপ বায়ন, ববিতা শৰ্মাৰ নাম৷ ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী তালিকাত আছে নীলনেত্ৰ নেওগ, ৰাজু চাহু আৰু দুৰ্গা ভূমিজৰ নাম৷ কাজিৰঙা সমষ্টিৰ তালিকাত আছে ৰ’জলীনা তিৰ্কী, গোলাপ শইকীয়াৰ নাম৷ যোৰহাট সমষ্টিৰ বাবে প্ৰস্তুত কৰা হৈছে দুজনীয়া প্ৰাৰ্থী তালিকা৷ বৰ্তমানৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ নাম তালিকাভুক্ত কৰা হৈছে যোৰহাট লোকসভা সমষ্টিত৷ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী তালিকাত আছে ৰাণী নৰহ আৰু উদয়শংকৰ হাজৰিকাৰ নাম৷ শোণিতপুৰ লোকসভা সমষ্টিত আছে বৰ্ণালী ফুকন, আৰ পি শৰ্মা আৰু প্ৰেমলাল গুঞ্জুৰ নাম৷ দৰং-ওদালগুৰি সমষ্টিৰ বিপৰীতে আছে মাধৱ ৰাজবংশী, বসন্ত দাস আৰু প্ৰবীণ বড়োৰ নাম৷ ডিফু লোকসভা সমষ্টিৰ বাবে তালিকাত আছে জয়ৰাম ইংলেং, চুম’ ৰংহাং আৰু ক্লেংদং ইংতিৰ নাম৷ কোক্‌ৰাঝাৰ লোকসভা সমষ্টিৰ বাবে তালিকাত নাম আছে গৰ্জন মুছাহাৰী, প্ৰাণজিৎ বসুমতাৰী আৰু প্ৰবীণ বড়োৰ নাম৷ ধুবুৰীৰ প্ৰাৰ্থীৰ তালিকাত আছে আব্দুল খালেক, আব্দুল হামিদ আৰু ৰকিবুল হুছেইনৰ নাম৷ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰা লোকৰ মাজৰ পৰাই স্ক্ৰীণিং কৰি এই পেনেল প্ৰস্তুত কৰা হৈছে৷ কংগ্ৰেছৰ এটা শীৰ্ষ সূত্ৰ মতে কংগ্ৰেছ হাইকমাণ্ডে প্ৰতিটো সমষ্টিৰ পৰা দুজনীয়া তালিকা বিচাৰিছিল৷ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰা লোকৰ মাজৰ পৰা স্ক্ৰীণিং কমিটীয়ে দুজনীয়া তালিকা প্ৰস্তুত কৰিব নোৱাৰি তালিকাখন কংগ্ৰেছ নিৰ্বাচন কমিটীক অৰ্পণ কৰে৷ উক্ত তালিকাৰ ওপৰত  ভিত্তি কৰি নিৰ্বাচন কমিটীয়ে কোন ব্যক্তিক প্ৰাৰ্থিত্ব দিলে জয়ৰ সম্ভাৱনা আছে সেই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰা মতামত বিচাৰে৷ প্ৰদেশ কংগ্ৰেছৰ মতামতৰ ওপৰত ভিত্তিত কৰিয়েই হয়তো প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব কংগ্ৰেছ হাইকমাণ্ডে৷