Logo
image

হিতাধিকাৰীৰ ৰূপত মন্ত্ৰী-বিধায়কো!

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ ফেব্ৰুৱাৰীঃ লাখ টকাৰ লোভনীয় দৰমহা-বোনাচ আৰু অন্যান্য সা-সুবিধাৰ লগতে বছৰ বছৰ ধৰি মন্ত্ৰী-বিধায়কসকলে ভোগ কৰি আহিছে প্ৰায় বিনামূলীয়া বিদ্যুৎ সেৱা৷ দিছপুৰৰ প্ৰাসাদোপম মন্ত্ৰীৰ অট্টালিকা আৰু বিধায়ক হোষ্টেলত হাজাৰ হাজাৰ ইউনিট বিদ্যুৎ ব্যয় তথা অপব্যয় হৈ আহিছে৷ কিন্তু এই বিদ্যুতৰ বিনিময়ত ব্যক্তিগতভাৱে কোনে মন্ত্ৰী-বিধায়কেই মাচুল আদায় নিদিয়ে৷ নিশাৰ কথা বাদেই, দিনৰ পোহৰতো বিদ্যুতৰ ছুইফ অফ নোহোৱা মন্ত্ৰীৰ আৱাসত এতিয়াৰে পৰা ছাগৈ বিদ্যুতৰ অপচয়  নহ’ব৷ কিয়নো দিছপুৰৰ মন্ত্ৰী আৱাসৰ বিদ্যুতৰ মাচুল খোদ মন্ত্ৰীসকলেই এতিয়াৰে পৰা বহন কৰিব লাগিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীৰ চৰকাৰী আৱাসত ব্যক্তিগত প্ৰিপেইড মিটাৰ সংস্থাপনৰ নিৰ্দেশ প্ৰদান কৰিছে৷ কেৱল মন্ত্ৰীসকলেই নহয়, আমোলা-বিষয়াৰ চৰকাৰী আৱাসতো প্ৰি-পেইড মিটাৰ সংযোগ কৰাৰ বাবে শক্তি বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে৷ এক কথাত দশক দশক ধৰি চৰকাৰী আৱাসত থকা মন্ত্ৰী-বিধায়ক আৰু আমোলা-বিষয়াসকলে চৰকাৰৰ হিতাধিকাৰী হিচাপে প্ৰায় বিনামূলীয়া বিদ্যুতৰ সেৱা উপভোগ কৰি আহিছিল৷ চৰকাৰী খৰচত বিনামূলীয়া বিদ্যুৎ লাভ কৰাত একাংশ মন্ত্ৰী-বিধায়ক আৰু আমোলা বিষয়াই শোৱনি কোঠাৰ পৰা আৰম্ভ কৰি ষ্টোৰ ৰূম পৰ্যন্ত ২-৩টাকৈ এচি লগাই ৰাজভোগ কৰি অহাৰ অভিযোগ আছে৷ কিন্তু এতিয়াৰে পৰা মন্ত্ৰী তথা বিষয়াসকলে চৰকাৰী আৱাসত থাকিলেও বিদ্যুতৰ ৰাজসাহায্য লাভ নকৰিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে পুৱাই এটা টুইটযোগে শক্তি বিভাগক মন্ত্ৰী আৰু শীৰ্ষ বিষয়াৰ চৰকাৰী আৱাসত ব্যক্তিগত প্ৰি-পেইড মিটাৰ স্থাপনৰ নিৰ্দেশ দিয়াৰ লগতে মন্ত্ৰী, আমোলা তথা চৰকাৰী কৰ্মচাৰীয়ে যাতে ৰাজসাহায্যযুক্ত বিদ্যুতৰ সুবিধা ল’ব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবেও নিৰ্দেশ দিয়ে৷ দেওবাৰে টুইটটোত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে এইদৰে– ‘শেহতীয়াকৈ শক্তি বিভাগৰ বিষয়াৰ সৈতে হোৱা বৈঠকত প্ৰথমবাৰলৈ মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলৰ দৰমহাৰ পৰা নামমাত্ৰ মাহিলী বিদ্যুৎ বিল কৰ্তন কৰাৰ কথা জানিব পাৰিছিেল৷ তাৎক্ষণিকভাৱে মই বিভাগীয় কৰ্তৃপক্ষক প্ৰতিটো চৰকাৰী আৱাসত প্ৰি-পেইড মিটাৰ স্থাপনৰ নিৰ্দেশ প্ৰদান কৰিছো৷ মন্ত্ৰী আৱাসকো সামৰি ল’বলৈ কৈছো৷ মন্ত্ৰী, বিষয়া বা চৰকাৰী কৰ্মচাৰীয়ে ৰাজ সাহায্যৰ বিদ্যুৎ উপভোগ কৰিব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবেও নিৰ্দেশ দিছো৷’  ইফালে মুখ্যমন্ত্ৰীৰ এই টুইটৰ কমেণ্টত বিজেপি বিধায়ক মৃণাল শইকীয়াই বিধায়ক হোষ্টেলতো একে ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে আহ৩ান জনায়৷ লক্ষণীয় বিষয়টো হৈছে যে, মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী বা চৰকাৰী বিষয়াৰ আৱাসত প্ৰি-পেইড মিটাৰ সংযোগৰ বাবে কঠোৰ নিৰ্দেশ দিলেও ৰাজহুৱা স্থান বা চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ অপচয়ৰ সন্দৰ্ভত কোনো নিৰ্দেশনা দিয়া নাই৷ মন্ত্ৰী বা চৰকাৰী কৰ্মচাৰীৰ আৱাসত প্ৰি-পেইড মিটাৰ স্থাপন ইতিবাচক প্ৰদক্ষেপ যদিও খোদ গুৱাহাটী মহানগৰীৰ প্ৰতিখন উৰণ সেঁতুতে দিনৰ পোহৰতো লাইট জ্বলি থকা পৰিলক্ষিত হয়৷ ২৪ ঘণ্টাই বিদ্যুৎ সংযোগ অব্যাহত থকাৰ পাছতো দায়িত্বশীল কৰ্মচাৰীয়ে ছুইটছ অফ কৰিবলৈ সময় লাভ নকৰে৷ একাংশ বিভাগ তথা কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেই বিদ্যুতৰ চৰম অপচয় হৈ আহিছে৷ দিনৰ পোহৰত হাজাৰ হাজাৰ ৱাটৰ লাইট জ্বলাই অপব্যয় কৰা বিদ্যুতৰ বিপৰীতে মাচুল ৰাজকোষৰ পৰাই আদায় দি আহিবলগীয়া হৈছে৷ সংশি¡ষ্ট কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগ অলপ কঠোৰ হ’লেই সম্ভৱত ৰাজহুৱা স্থানত বিদ্যুতৰ অপচয় নোহোৱা হৈ পৰিব৷