নৈতিকতা– শাসকৰ ৰাজনৈতিক আহিলা
ৰাজনীতিত নৈতিকতাৰ অৱসান ঘটিছে আৰু এতিয়া নৈতিকতা নিজেই হৈ পৰিছে এটা ৰাজনৈতিক আহিলা মাত্ৰ৷ গতিকে আন সকলো ৰাজনৈতিক অস্ত্ৰ-আহিলা-সঁজুলিৰ দৰেই এই নৈতিকতাৰ সৈতে নৈতিকতাৰ একো সম্পৰ্ক নাই৷ ৰাজনৈতিক সুবিধা আদায়েই হ’ল এই নৈতিকতাৰ একমাত্ৰ উদ্দেশ্য আৰু লক্ষ্য৷ এয়া এক নীতিহীন ৰাজনৈতিক নৈতিকতা৷ ই নৈতিকতাৰ পৰা মুক্ত আৰু ইয়াৰ বাবে নীতিনিষ্ঠ হোৱাৰ কোনো প্ৰয়োজন নাই৷ এই নৈতিকতাৰ অনুশীলন বা এনে নৈতিক আচৰণ ক্ষমতাশালী, সম্পদশালী, ধনৱানসকলে আটাইতকৈ সহজে কৰিব পাৰে৷ ক্ষমতা-ধন-সম্পদে প্ৰদান কৰা অপৰ্যাপ্ত শক্তিয়ে তেনে শক্তিৰে শক্তিশালী হোৱাসকলে কৰা প্ৰতিটো কৰ্মকে ন্যায্যতা প্ৰদান কৰে৷ যিটো ন্যায্য সেইটো ন্যায়সংগত, সেয়েহে নীতিনিষ্ঠ আৰু সেয়েহে নৈতিক৷ গতিকে ক্ষমতাশালীৰ নৈতিকতাৰ আধাৰ হ’ল ক্ষমতাৰ শক্তি৷ কিন্তু ক্ষমতা নথকাসকলৰ কৰ্মক কিহে নৈতিক কৰি তুলিব? তেওঁলোকৰ হাতত যিহেতু ক্ষমতা নাই, গতিকে তেওঁলোকৰ কাম-কাজক জোখা নৈতিক মান সুকীয়া হ’ব৷ ক্ষমতাৰ সলনি কিছুমান নীতিৰ আধাৰত তেওঁলোকৰ নৈতিকতা নিৰূপণ কৰা হ’ব৷ ক্ষমতাহীন আৰু সেয়েহে শক্তিহীনসকলৰ বাবে এই নীতি সকলোৱে নিৰ্ধাৰণ কৰিব পাৰে, পাণদোকানৰ আগৰ আড্ডাৰ পৰা বাতৰিকাকতৰ প্ৰবন্ধলৈ সকলোৱে নানা ঠাইত ক্ষমতাহীন-শক্তিহীনৰ বাবে নীতি নিৰ্ধাৰণ কৰিব পাৰিব৷
শাসক আৰু শাসিতৰ নৈতিক মান সদায়েই সুকীয়া৷ নৈতিকতাৰ ক্ষেত্ৰত এই দ্বৈতমান বা ডাব্ল ষ্টেণ্ডাৰ্ড মানুহৰ সমাজৰ এক স্বাভাৱিক প্ৰক্ৰিয়া৷ য’ত ডিঙি কটা যোৱাৰ ভয় থাকে, তাত নৈতিকতাৰ কথা কৈ বিপদ চপাই নোলোৱাই ভাল৷ তদুপৰি নৈতিকতা এটা আপেক্ষিক বিষয়৷ কোনটো নৈতিক আৰু কোনটো অনৈতিক তাক ঠাৱৰ কৰাৰ কোনো বস্তুনিষ্ঠ মান নাই৷ এটা সময়ত বা এখন সমাজত যিটো নৈতিক আন এটা সময়ত বা আন এখন সমাজত সি অনৈতিক৷ গতিকে নৈতিকতা সময় আৰু সংস্কৃতিৰ ওপৰত নিৰ্ভৰশীল এটা পৰিৱৰ্তনশীল ধাৰণা৷
নৈতিকতাৰ আন এক দিশ হ’ল ইয়াৰ বলৱৎ কৰিব পৰা শক্তি থকা এক কৰ্তৃপক্ষ অবিহনে ইয়াৰ কোনো অৰ্থ নাই৷ শাস্তিৰ ভয়েৰে নৈতিকতাক বলৱৎ কৰিব পাৰিলেহে সি শক্তিশালী হৈ থাকে৷ সমাজখনে এঘৰীয়া কৰাৰ ভয়েৰে, জুই-পানী নিষেধ কৰাৰ ভয়েৰে নৈতিকতা বলৱৎ কৰিছিল৷ আধুনিক সমাজে সেই কৰ্তৃত্ব হেৰুৱাইছে, কাৰণ এঘৰীয়া কৰা বা জুই-পানী নিষেধ কৰা সিদ্ধান্ত বলৱৎ কৰিব পৰাৰ সামৰ্থ্য এতিয়াৰ সমাজৰ নাই৷
আধুনিক পৃথিৱীত বিশেষকৈ গণতান্ত্ৰিক শাসন ব্যৱস্থাত সেয়েহে নৈতিকতাৰ ঠাইত আইনৰ শাসনৰ কথা কোৱা হৈছে৷ শাসক আৰু নাগৰিক সকলোৰে বাবে একেখন আইন৷ সকলো সেই আইনৰ অধীন৷ অৰ্থাৎ শাসক আৰু শাসিতৰ বাবে নৈতিকতাৰ মাপকাঠী একেডাল৷ কিন্তু ভাৰতত তেনেকুৱা হৈছেনে? দেখদেখকৈ শাসকৰ বাবে আৰু বিৰোধী পক্ষ বা সাধাৰণ নাগৰিকৰ বাবে দুটা সম্পূৰ্ণ সুকীয়া নৈতিকতাৰ মান প্ৰচলিত হৈ থকা নাইনে? আৰু সকলো নাগৰিকে সেয়া সম্পূৰ্ণ স্বাভাৱিক বুলি গ্ৰহণ কৰি লোৱা নাইনে? ভাৰতৰ গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ বিফলতা এইটোৱেই যে এতিয়াও শাসক আৰু বিৰোধী পক্ষ তথা নাগৰিকৰ বাবে দুটা সুকীয়া নৈতিক মান বাহাল আছে৷ প্ৰকৃত আইনৰ শাসন এতিয়াও প্ৰতিষ্ঠা হোৱা নাই৷
শাসনাধিষ্ঠিত চৰকাৰখনে আৰু বিজেপি দলে শাসক পক্ষৰ নৈতিকতাক এক সুকীয়া পৰ্যায়ত উপনীত কৰাইছে৷ বিৰোধী পক্ষত থকাৰ বাবে যিজন নেতা কলুষ কালিমাৰে মলিয়ন হৈ আছিল, সেইজন নেতা পিছদিনাখন বিজেপিত যোগদান কৰাৰ বাবে শাসক পক্ষৰ কলুষ কালিমাই স্পৰ্শ কৰিব নোৱৰা নৈতিকতাৰ পোহৰত সম্পূৰ্ণ নিকা হৈ উজলি উঠিছে৷ সৌ সিদিনা উচ্ছতম ন্যায়ালয়ে ইলেক্ট’ৰেল ব’ণ্ড অবৈধ বুলি ঘোষণা কৰিলে৷ এই ব’ণ্ডেৰে বিজেপিয়ে ইতিমধ্যে হাজাৰ হাজাৰ কোটি টকা বৰঙিণ সংগ্ৰহ কৰিলে৷ আইনৰ শাসনৰ কথা কোৱা গণতন্ত্ৰত শাসকে এক অবৈধ নিয়ম প্ৰণয়ন কৰি নিজৰ বাবে ধন সংগ্ৰহ কৰিলে আৰু বিৰোধী দলৰ হাতলৈ ধন যোৱাৰ বাট বন্ধ কৰিলে৷ উচ্ছতম ন্যায়ালয়ে তাক বে-আইনী বুলি ক’লে, কিন্তু ইতিমধ্যে শাসকীয় দলে এই অনৈতিকতাৰে যথেষ্ট লাভৱান হ’ল৷
শাসক আৰু শাসিতৰ নৈতিকতা সুকীয়া৷ সেয়েহে নৈতিকতা দুইধৰণৰ৷ শাসক নৈতিক হোৱাৰ প্ৰয়োজন নাই, নৈতিক নোহোৱাকৈয়েই শাসকে আনৰ ওপৰত অনৈতিকতাৰ অভিযোগ উত্থাপন কৰিব পাৰে৷ ক্ষমতাৰ জোৰত শাসক পক্ষলৈ অহা সকলো নৈতিক হৈ পৰে৷ শাসকে নিজৰ ক্ষেত্ৰত নৈতিকতাক নৰ্দমালৈ দলিয়াই দি সেই নৈতিকতাৰ ভিত্তিতেই বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লৈ নৈতিকতাক এক ৰাজনৈতিক আহিলা মাত্ৰ কৰি তুলিব পাৰে৷ নৈতিকতা বিসৰ্জন দি নৈতিকতাৰ ৰাজনীতি কৰিব পাৰে৷