Logo
image

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীঃ আগন্তুক ৪ দিনত ৰাজ্যত হ'ব ধুমুহা-শিলাবৃষ্টি

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২০ এপ্রিলঃ উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো প্রাক মৌচুমীৰ প্ৰভাৱত বিগত এমাহ ধৰি ঠাইবিশেষে গাজনি-ঢেৰেকনি, ধুমুহাৰ সৈতে বৰষুণ অহাৰ লগতে দুই-এঠাইত  শিলাবৃষ্টি পৰ্যন্ত হৈছে। আনকি  মাৰ্চ মাহৰ শেষত আৰু ৰঙালী বিহুৰ আগে-পাছে  ধুমুহাৰ ফলত অসমৰ বহু অঞ্চলত ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে শিলাবৃষ্টিৰ ফলত কৃষকৰ শাক-পাচলিকে ধৰি বিভিন্ন ঋতুকালীন শস্যৰ ক্ষতিসাধন হৈছিল। ইফালে বৰষুণকে ধৰি ডাৱৰীয়া বতৰৰ বাবে তাপমাত্ৰা  নিম্নগামী হোৱাত ৰাইজে প্ৰচণ্ড গৰমৰ পৰা বহুখিনি সকাহ লাভ কৰিছে। আনকি উত্তৰ পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণ আছিল ৩০.৭ চেলচিয়াছ। আনকি বৰষুণৰ বাবে অসমৰ বেচিভাগ ঠাইতে তাপমাত্ৰা স্বাভাৱিকতকৈ ১ৰ পৰা ৪ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত কমি গৈছে। আনহাতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি শনিবাৰে সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে বৰষুণ হৈছে। বিগত ২৪ ঘণ্টাত উত্তৰ পূবৰ ভিতৰতে গোলাঘাট জিলাৰ বৰপথাৰত ১৩০  মিলিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। এই সময়চোৱাত বিশ্বৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ বৰষুণ হোৱা অঞ্চল হিচাপে পৰিচিত মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰামত হোৱা বৰযুণৰ পৰিমাণ আছিল ১২০ মিলিমিটাৰ বা ১২ চেণ্টিমিটাৰ৷ সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫ মিলিমিটাৰ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হ'লে তাক প্ৰৱল বৃষ্টিপাত হোৱা বুলি কোৱা হয়।

তেনেদৰে গুৱাহাটীৰ হোৱা বৰষুণৰ পৰিমাণ আছিল ২০ মিলিমিটাৰ। একে সময়ছোৱাত অসমৰ বেচিভাগ ঠাইতে ১০ ৰ ৩০ মিলিমিটাৰ পৰিমাণৰ আৰু কেতবোৰ ঠাইত ৩০ ৰ পৰা ৫০ মিলিমিটাৰ পৰিমাণৰ বৰযুণ হৈছে৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক চাৰিটা দিনত  ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে আৰু ঠাইবিশেষ গাজনি- ঢেৰেককিৰ সৈতে ধুমুহা, শিলাবৃষ্টি হ'ব বুলি সতর্কতা জাৰি কৰিছে। আনকি ঠাইবিশেষে প্ৰতি ঘণ্টাত ৩০ ৰ পৰা ৫০ কিলোমিটাৰ বেগত ধুমুহা বতাহ বলিব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পাহাৰীয়া আৰু নৈপৰীয়া অঞ্চল সমূহত নিশাৰ ভাগত বা মাজনিশাৰ পাছত তুলনামূলকভাৱে কিছু শীত অনুভূত হ'ব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰত প্ৰকাশ পাইছে। অৱশ্যে বতৰ ফৰকাল হোৱাৰ পাছত উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ দৰে অসমৰ বিভিন্ন ঠাইত গৰমৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বুলিও কেইবাজনো বতৰ বিজ্ঞানী আৰু পৰিৱেশবিদে আশংকা ব্যক্ত কৰিছে ।