Logo
image

মৰিকলঙত জোৱাৰ তুলি আৰম্ভ হ’ল নাওখেল

 বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত নগাঁৱত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত নাওখেলৰ উদ্বোধন মনোজ কুমাৰ গোস্বামীৰ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জানুৱাৰীঃ ‘ৰূপান্তৰ সহজ নহয়৷ কেৱল টকা-পইচাৰে ৰূপান্তৰ সম্ভৱ নহয়৷ তাৰ বাবে লাগিব প্ৰবল ইচ্ছা শক্তি৷ মানুহৰ অন্তৰৰ পৰা প্ৰচেষ্টা লাগিব৷’– নগাঁৱৰ নেহৰুবালিত ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত ১১২ সংখ্যক ভোগালী বিহু উৎসৱৰ আজি অন্তিম দিনা মৰিকলং বিলত আয়োজিত নাওখেল প্ৰতিযোগিতা উদ্বোধন কৰি এইদৰে কয় বিশিষ্ট গল্পকাৰ- সাংবাদিক, ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷ মৰিকলং বিলৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা ‘ৱাকিং জ’ন’ আৰু বিলৰ এটা অংশৰ সৌন্দৰ্য বদ্ধৰ্নৰ প্ৰসংগত তেওঁ কয়– এই কামখিনি যে কৰি দেখুওৱা হ’ল তাৰ বাবে শলাগ ল’বই লাগিব৷ নামনি অসমৰ পৰম্পৰাগত নাওখেল ইয়াত আৰম্ভ কৰা হৈছে, সেয়া ডাঙৰ কথা৷ আপোনালোকে এই পৰম্পৰা আৰু জীয়াই ৰাখক৷ আপোনালোক সফল হ’বই৷ কাৰণ আপোনালোকৰ সুযোগ্য নেতৃত্ব আছে৷


মৰিকলঙক সজীৱ কৰাৰ যি চেষ্টা তাক অন্তৰৰ পৰা শলাগ লৈছো৷ গোস্বামীয়ে পুনৰ কয়– আমি যে অকণমান ওলাই আহিছো৷ প্ৰকৃতি-জলাশয়, নদীৰ সৈতে সংপৃক্ত হোৱাৰ চেষ্টা কৰিছো সেইটো বৰ ডাঙৰ কথা৷ তেওঁ আৰু কয়– এই উষ্ণায়নৰ দিনত নদী-জলাশয়ৰ খুউৱ প্ৰয়োজন হৈছে৷ আমেৰিকাত কেনেকৈ দেশ জ্বলি গৈছে সেয়া সকলোৱে দেখিছে৷ মৰিকলং বিলত অনুষ্ঠিত এই নাওখেল প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন স্থানৰ ৮ টা দলে অংশগ্ৰহণ কৰে৷ উদ্বোধনী অনুষ্ঠানত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি, বিধায়ক ৰূপক শৰ্মাই প্ৰতিযোগীসকলক শুভেচ্ছা জনাই ভাষণ দিয়ে৷ অনুষ্ঠানত বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকন, নগাঁৱৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰা উপস্থিত থাকে৷ নাওখেল চাবলৈ মৰিকলং বিলত বহু লোকৰ সমাৱেশ হয়৷