Logo
image

আই পি এলৰ একপক্ষীয় ফাইনেল

এইবাৰৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে  সম্ভাব্য চেম্পিয়ন হিচাপে গণ্য কৰা দল দুটা আছিল চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ৷ কিয়নো টুৰ্নামেণ্টখনৰ ইতিহাসৰ সফলতম দল দুটায়েই হৈছে চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে যে দুয়োটা দলেই লীগ পৰ্যায়ৰ পৰাই বিদায় ল’বলগীয়া হৈছে৷ প্লে-অফত যি চাৰিটা দল উপনীত হৈছিল, সেই দলকেইটাৰ ভিতৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সম্ভাৱনা সবাতোকৈ অধিক বুলি ক্ৰিকেটপ্ৰেমীসকলৰ ধাৰণা আছিল৷ এনে ধাৰণা অমূলকো নাছিল৷ কিয়নো টুৰ্নামেণ্টখনত দলটোৱে তিনিবাৰকৈ ২৫০ ৰানতকৈ অধিক ৰান স্ক’ৰ কৰাৰ লগতে লীগ পৰ্যায়ৰ খেলৰ অন্তত পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছিল৷ প্ৰথমখন কোৱালিফায়াৰত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হ’লেও ফাইনেলত পুনৰ নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা হৈছিল ছানৰাইজাৰ্ছৰ৷ কিন্তু গ্ৰুপ পৰ্যায়ত ছানৰাইজাৰ্ছে যি দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিল, সেই প্ৰদৰ্শন প্লে-অফ আৰু ফাইনেলত ধৰি ৰাখিব নোৱাৰিলে৷ চেন্নাইত অনুষ্ঠিত ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিবলগীয়া হয় দলটোৱে৷ লীগ পৰ্যায়ত যিটো দলে তিনিবাৰকৈ ২৫০ ৰানতকৈ অধিক স্ক’ৰ কৰিছিল, সেই দলটোৱে অন্তিম যুঁজত ১৮.৩ অভাৰত মাত্ৰ  ১১৩ ৰানতে সকলো উইকেট হেৰুৱাবলগীয়া হৈছিল৷ কলকাতা নাইট ৰাইডাৰ্ছে ১০.৩ অভাৰতে দুটা উইকেট হেৰুৱাই সেই লক্ষ্য অতিক্ৰম কৰি তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ সন্মান লাভ কৰে৷ আই পি এলৰ ইতিহাসত ইয়াৰ পূৰ্বে এনে একপক্ষীয় ফাইনেল হোৱাৰ উদাহৰণ নাই৷  পূৰ্বৰ ছীজনকেইটাৰ ফাইনেলত ইমান কম ৰান সংগ্ৰহ হোৱা নাছিল৷ দহ বছৰৰ মূৰত কলকাতা নাইট ৰাইডাৰ্ছে আই পি এলৰ খিতাপ জয় কৰিছে৷ ইয়াৰ পূৰ্বে দলটো চেম্পিয়ন হৈছিল ২০১৪ আৰু ২০১২ চনত৷ সেই দুবাৰো কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে জড়িত আছিল গৌতম গম্ভীৰ৷ এইবাৰ গম্ভীৰ দলটোৰ মেণ্টৰৰ দায়িত্বত থকাৰ বিপৰীতে পূৰ্বৰ দুবাৰ তেওঁ খেলুৱৈ হিচাপে দলটোত আছিল৷

ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে, এইবাৰৰ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ আছিল যথেষ্ট ভাৰসাম্য থকা দল৷ নিলামত অষ্ট্ৰেলিয়াৰ পেচ বলাৰ মিচেল ষ্টাৰ্কক ২৪.৭৫ কোটি টকাৰে ক্ৰয় কৰি নাইট ৰাইডাৰ্ছ কৰ্তৃপক্ষই সকলোকে আচৰিত কৰিছিল৷ লীগ পৰ্যায়ত বিশেষ সফলতা লাভ কৰিব নোৱৰাৰ বাবে ষ্টাৰ্ক সমালোচনাৰো সন্মুখীন হৈছিল৷ কিন্তু ক্ৰিকেটাৰজনে এই সকলো সমালোচনাৰ প্ৰত্যুত্তৰ দিছিল উচিত সময়ত৷ ফাইনেলত তেওঁ বিবেচিত হৈছিল ‘প্লেয়াৰ অৱ দ্যমেচ’৷  ষ্টাৰ্কৰ লগতে কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰোৱাত  গুৰুত্বপূৰ্ণ ভূমিকা আছিল ৱেষ্ট ইণ্ডিজৰ সুনীল নাৰাইনৰ৷ তেওঁ বিবেচিত হয় টুৰ্নামেণ্টখনৰ শ্ৰেষ্ঠ খেলুৱৈ৷ এইবাৰৰ আই পি এলত দেখা গৈছে কেইবাটাও ৰেকৰ্ড৷ ৰেকৰ্ডৰ কথা ক’লে প্ৰথমে ক’ব লাগিব দৰ্শকৰ কথা৷ টুৰ্নামেণ্টখনৰ প্ৰথম ৫১খন খেল উপভোগ কৰিছিল ৫১০ নিযুত লোকে, যিটো হৈছে এটা ৰেকৰ্ড৷ আই পি এলৰ জনপ্ৰিয়তা কিমান বৃদ্ধি পাইছে, এয়া তাৰেই প্ৰমাণ৷ আনহাতে, এটা ছীজনত মুঠ ‘ছিক্স’, ‘ফ’ৰ’, ‘শতক’ আদিৰ ক্ষেত্ৰতো এইবাৰৰ আই পি এলে অভিলেখ গঢ়িছে৷ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় টুৱেণ্টী২০ লীগখনলৈ ক্ৰিকেটপ্ৰেমীৰ এনে সঁহাৰিয়ে উৎসাহিত কৰিছে ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক৷ টুৰ্নামেণ্টখনক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে ক্ৰিকেট ব’ৰ্ডে লৈছে বিভিন্ন পদক্ষেপ৷ আই পি এলৰ প্ৰতিদ্বন্দ্বী দলৰ সংখ্যাও বৃদ্ধি কৰাৰ বিষয়ে চিন্তা-চৰ্চা চলাই থকা হৈছে৷ তাৰ মাজতে অৱশ্যে আই পি এলত ‘ইমপেক্ট প্লেয়াৰ’ৰ নিয়মক লৈ বিতৰ্কৰো সৃষ্টি হৈছে৷ এনেবোৰ দিশতো ক্ৰিকেট ব’ৰ্ডে নজৰ দিয়াৰ প্ৰয়োজন আছে৷