Logo
image

মহাবিদ্যালয়ত ক’চিং চেণ্টাৰ

ৰাজ্যত বাস কৰা নিবনুৱাসকলৰ স্বাৰ্থত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নিয়োগৰ পৰীক্ষাবোৰত মাত্ৰ একাংশ নিবনুৱাৰ বাবে মুকলি হয় সংস্থাপনৰ পথ৷ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত সফল হ’বলৈ প্ৰয়োজন নিৰৱচ্চিন্ন অধ্যয়নৰ৷ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এশ বা দুশ নম্বৰৰ প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ লিখিব পৰা প্ৰাৰ্থীৰ বাবেহে মুকলি হয় নিয়োগৰ পথ৷ এইখিনিতে প্ৰশ্ন হৈছে যে অসমৰ যুৱক-যুৱতীসকলে কিয় প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত সফলতা লাভ নকৰে? স্নাতক বা স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাতেই ব্যৰ্থতাৰ পৰিচয় দিয়ে কিয়?

প্ৰকৃততে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ সজাগতা ছাত্ৰ-ছাত্ৰীৰ বাবে আহে স্নাতক বা স্নাতকোত্তৰ পৰীক্ষাৰ ৰিজাল্টৰ পাছত৷ এনে এক ক্ষণত অসম চৰকাৰ আৰু অসমৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহে নিজাববীয়াকৈ ক’চিং চেণ্টাৰ খোলাৰ সময় আহি পৰিছে৷ মহাবিদ্যালয়ৰ কোনোবা এটা কোঠা বা ভৱনত খুলিব পৰা ক’চিং চেণ্টাৰটোত অধ্যাপকসকলে ছাত্ৰ-ছাত্ৰীক দিব পাৰে পৰীক্ষাৰ প্ৰশিক্ষণ৷ প্ৰকৃততে এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ মাজত প্ৰথম ষাণ্মাসিকত ছাত্ৰ-ছাত্ৰীক স্নাতক শিক্ষাৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ দিব পৰা ক’চিং চেণ্টাৰবোৰত সেৱাৰ বাবদ অধ্যাপকসকলক এটা মাননী দিয়াৰ ব্যৱস্থা অধ্যক্ষসকলে কৰিব পাৰে৷ ক’চিং চেণ্টাৰত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ পৰাও এটা নিম্ন মাচুল সংগ্ৰহ কৰি চেণ্টাৰৰ যাৱতীয় খৰচৰ মোকাবিলা কৰিব পাৰে৷

অসমৰ গুৱাহাটী মহানগৰীত চলি থকা ক’চিং চেণ্টাৰসমূহত নামভৰ্তিৰ বাবে প্ৰয়োজন পঞ্চাছৰ পৰা লাখ টকাৰ মাচুল৷ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সন্তানে ব্যক্তিগত ক’চিং চেণ্টাৰত নামভৰ্তি কৰা, গুৱাহাটীত পেয়িং গেষ্ট হিচাপে থকা বা ভাড়াঘৰ লোৱা ইত্যাদি কৰ্মই জুৰুলা কৰে অভিভাৱকসকলক৷ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত তেনেবোৰ সিদ্ধান্ত লোৱাত বাধ্য হোৱা অভিভাৱকৰ কাৰণে নাথাকে অন্য পথ৷ লাখ টকা ব্যয় কৰি বছৰজোৰা প্ৰশিক্ষণ লোৱা সন্তানে যেতিয়াই প্ৰতিযোগিতাৰ পৰীক্ষাত ব্যৰ্থ হয়, তেতিয়াই চৰম হতাশাই আগুৰি ধৰে অভিভাৱকৰ মাজত৷ এনেবোৰ পৰিৱেশ-পৰিস্থিতিৰ মাজত সোমাই পৰা আমাৰ যুৱক-যুৱতীৰ স্বাৰ্থত সজাগ হোৱা উচিত ৰাজ্যৰ শিক্ষা বিভাগ৷ উচ্ছ শিক্ষা বিভাগৰ নিয়ন্ত্ৰণত থকা প্ৰাদেশিকীকৃত মহাবিদ্যালয়সমূহ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী প্ৰদানৰ কাৰখানা হোৱাতকৈ দক্ষতা বৃদ্ধিৰ মন্দিৰ হওক৷ নতুন শিক্ষানীতিৰ অধীনত ইতিমধ্যে নামভৰ্তি কৰা প্ৰথম ষা°¬াসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি হওক একোটাকৈ ক’চিং চেণ্টাৰ৷ নিয়মীয়া পাঠদানৰ অন্তত এঘণ্টা প্ৰশিক্ষণে ছাত্ৰ-ছাত্ৰীক দিব পাৰিব লক্ষ্যপ্ৰাপ্তিৰ পথ৷

অসমৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়সমূহত কৰ্মৰত অধ্যাপকসকলৰ কৰ্মদক্ষতাত নাই কোনো সন্দেহ৷ উচ্ছ শিক্ষাৰে অধ্যাপনা কৰা অধ্যাপকসকলৰ মাজৰ বহুতে নিজকে জড়িত কৰাই ৰাখিছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত তৈয়াৰ কৰা আৰু পৰীক্ষাৰ বহী নিৰীক্ষণৰ কৰ্মত৷ তেনেবোৰ অধ্যাপকে নিজৰ কৰ্মস্থানৰ ক’চিং চেণ্টাৰত পাঠদান কৰি উপকৃত কৰাব পাৰে ছাত্ৰ-ছাত্ৰীক৷ এইক্ষেত্ৰত ক’চিং চেণ্টাৰ স্থাপনত গুৰুদায়িত্ব পালন কৰিব লাগিব মহাবিদ্যালয়ৰ অধ্যক্ষসকলে৷ দূৰদশ¹ অধ্যক্ষৰ প্ৰচেষ্টাত স্থাপন কৰা ক’চিং চেণ্টাৰবোৰে দক্ষ ৰণুৱালৈ ৰূপান্তৰ কৰিব আমাৰ ছাত্ৰ-ছাত্ৰীসকলক৷ প্ৰকৃততে ত্যাগ, কষ্ট কৰাৰ মানসিকতা থকা অধ্যক্ষৰ কাৰণে এটা ক’চিং চেণ্টাৰ খোলাটো অসম্ভৱ নহ’ব৷ ৰাজ্য চৰকাৰৰ উচ্ছ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ আৰু উচ্ছ শিক্ষাৰ সঞ্চালক পমি বৰুৱাই উপলব্ধি কৰক বিষয়টোৰ গুৰুত্ব৷  দুয়োজন কতৃৰ্ত্বশীল বিষয়াই নিজা জীৱনত কেনেদৰে প্ৰতিযোগিতাৰ সন্মুখীন হৈছিল তাৰ অভিজ্ঞতাখিনিক সাৰোগত কৰি মহাবিদ্যালয়ত ক’চিং চেণ্টাৰ স্থাপন কৰিবলৈ গ্ৰহণ কৰক পদক্ষেপ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মহাবিদ্যালয়ত ক’চিং চেণ্টাৰ স্থাপন কৰিবলৈ আহ্বান জনাওক৷ সকলোৰে লক্ষ্য এটাই হোৱা উচিত– দক্ষ হওক আমাৰ নৱপ্ৰজন্ম৷