Logo
image

বানৰ পাছতেই মূৰ দাঙি উঠিল এনকেফেলাইটিছ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ জুলাইঃ জ্বৰে এৰিলেও কৰ্পটিয়ে যেন নেৰে ৰাজ্যক৷ প্ৰলংকাৰী বানৰ পাছতেই ৰাজ্যৰ সৰ্বত্ৰ এতিয়া ছানি ধৰিছে বাহকজনিত ৰোগে৷ বিশেষকৈ ভূতৰ ওপৰত দানহ পৰাদি সংক্ৰামক ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছ, এনকেফেলাইটিছ সদৃশ, মেলেৰিয়া আদি ৰোগে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনস্থ ৰাজ্যিক বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কতৃৰ্পক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষত অসমত জাপানিজ এনকেফেলাইটিছত মৃত্যু হৈছে ৮জন লোকৰ৷ 



বিগত ২৪ ঘণ্টাত শিশুসহ নতুনকৈ দুজন ৰোগী জাপানিজ এনকেফেলাইটিছৰ চিকাৰ হয়৷ তদুপৰি ৰাজ্যত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ১৮৭জন ৰোগী৷ বিশেষকৈ উজনি অসমত জাপানিজ এনকেফেলাইটিছ তথা এনকেফেলাইটিছ সদৃশ ৰোগে কালৰূপ ধাৰণ কৰিছে৷ মঙলবাৰে গোলাঘাটৰ দেৰগাঁৱত জাপানিজ এনেকেফেলাইটিছত ৰাকেশ ৰাগ গগৈ নামৰ এজন উদীয়মান কণ্ঠশিল্পীৰ মৃত্যু হয়৷ ৩৭ বছৰীয়া কণ্ঠশিল্পীজনৰ ঘৰ দেৰগাঁৱৰ ভিতৰুৱা হাঁহপানী গাঁৱত৷ নুমলীগড়ত এখন বৃত্তিমুখী শৈক্ষিক প্ৰতিষ্ঠান চলাই অহা ৰাকেশ ৰাগ তীব্ৰ জ্বৰত আক্ৰান্ত হোৱাত ২ জুলাইত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ ইফালে মঙলবাৰে ৰহাৰ আমচৈ নকুছিৰ মাধুৰ্য কোঁৱৰ নামৰ এজন ১৩ বছৰীয়া ছাত্ৰৰ জি  এম চি এইচত জাপানিজ এনকেফেলাইটিছত মৃত্যু হয়৷  স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জে ইত যোৰহাটত এজন, কামৰূপত এজন, শিৱসাগৰত ৩জন, শোণিতপুৰত ৰজন আৰু ধেমাজিত ২জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যৰ ৩৫খন জিলাৰ ভিতৰত যোৰহাট জিলাতে সৰ্বাধিক লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে৷ জিলাখনত এইপৰ্যন্ত ৪০টা জে ই পজিটিভ কেচ ধৰা পৰিছে৷ দ্বিতীয় সৰ্বাধিক আক্ৰান্তৰ জিলা হিচাপে ডিব্ৰুগড় আৰু ধেমাজিত ১৬জনকৈ লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ 

ইয়াৰোপৰি শিৱসাগৰত ১৫জন, বৰপেটাত ১৩জন, গোলাঘাটত ১৩জন, লখিমপুৰত ৯জন, কামৰূপত ৭জন, কামৰূপ মহানগৰত ৭জন, শোণিতপুৰত ৬জন, নগাঁৱত ৬জন, মৰিগাঁৱত ৭জন, বিশ্বনাথত ৩জন, চৰাইদেউত ৬জন, দৰঙত ৫জন, তিনিচুকীয়াত ৬জন আৰু নলবাৰীত ৪জন লোক আক্ৰান্ত হৈছে৷ তদুপৰি গোৱালপাৰা, বঙাইগাঁও, পূব কাৰ্বি আংলং জিলাত ২জনকৈ আৰু কোক্‌ৰাঝাৰ, বাগ্‌সা, মাজুলী জিলাত এজনকৈ লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে৷ লক্ষণীয়ভাৱে বিগত ৯ জুলাইত নলবাৰীত দৰ্পণজ্যোতি দাস নামৰ এটি ৮ বছৰীয়া শিশুৰ জাপানিজ এনকেফেলাইটিছত মৃত্যু হৈছিল৷ বিশেষকৈ গাহৰিৰ দেহৰ পৰা কিউলেক্স নামৰ এবিধ মহে মানুহৰ দেহলৈ জাপানিজ এনকেফেলাইটিছৰ বাহকৰ ভূমিকা গ্ৰহণ কৰে৷ জাপানিজ এনকেফেলাইটিছৰ সমান্তৰালভাৱে ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগেও সংক্ৰামক ৰূপ ধাৰণ কৰিছে৷ নলবাৰী জিলাত এ ই এছত ৪০জন আৰু বঙাইগাঁৱত ১২জন লোক আক্ৰান্ত হৈছে৷ চলিত জুলাই-আগষ্ট মাহত জাপানিজ এনকেফেলাইটিছ উচ্ছহাৰত সংক্ৰমিত হয় যদিও স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো সাৱধানতা তথা সজাগতা কাৰ্যসূচী গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে বিগত পহিলা এপ্ৰিলৰ পৰা বৰ্তমানলৈ জে ইত আক্ৰান্ত ২২জন আৰু এ ই এছত আক্ৰান্ত ৩৫জন লোক চিকিৎসাধীন হৈ আছে৷ একেদৰে জি এম চি এইচত ১২জন ডেংগীত আক্ৰান্ত ৰোগীও চিকিৎসাধীন হৈ আছে৷ ইফালে, ডেংগীৰ লগতে ঠায়ে ঠায়ে মেলেৰিয়াই সংক্ৰামক ৰূপ ধাৰণ কৰিছে৷