চিৰিয়াখানাত ‘হেপী বাৰ্থডে’
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৭ নৱেম্বৰ : বিগত ২০২৩ বৰ্ষত আজিৰ দিনটোতে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত আলহী হৈ অহা পাৰিজাতৰ এক বছৰীয়া জন্মদিনটো শনিবাৰে চিৰিয়াখানা চৌহদত কেক কাটি হেপী বাৰ্থডে হিচাপে উলহ-মাহৰে সকলোৱে পালন কৰা হয়৷ উল্লেখ্য যে ৰাজ্যিক চিৰিয়াখানাত মাত্ৰ এটাহে জিৰাফৰ পৰিয়াল আছে৷ সেই পৰিয়ালটোলৈ ২০২৩ বৰ্ষৰ ১৬ নৱেম্বৰত নতুনকৈ আলহী হৈ আহিছিল এটা জিৰাফৰ মাইকী পোৱালী৷ পাছত চিৰিয়াখানা কতৃৰ্পক্ষই তাইৰ নাম ৰাখিছিল পাৰিজাত৷ পিতৃ-মাতৃৰ উপৰিও চিৰিয়াখানাৰ বনকৰ্মী, জন্তু পালক, বন বিষয়া, পশু চিকিৎসকৰ মৰমৰ মাজত ডাঙৰ হোৱা পাৰিজাতে শনিবাৰে এটা বছৰ পূৰ্ণ কৰা উপলক্ষে পিতৃ-মাতৃৰ উপস্থিতিত চিৰিয়াখানাত থকা সিঁহতৰ বাসস্থানতে কেক কাটি জন্মদিন পালন কৰা হয়৷
এটুকুৰা কেক তাইৰ মুখত দি হেপী বাৰ্থডে টু পাৰিজাত বুলি জন্মদিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যিক চিৰিয়াখানাৰ বন সংমণ্ডল প্ৰাধিকাৰী অশ্বিনী কুমাৰে৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত ৰাজ্যিক চিৰিয়াখানাৰ সহকাৰী বনসংৰক্ষক জয়ন্ত কুমাৰ গোস্বামী, আঞ্চলিক বন বিষয়া ইন্দ্ৰাণী বৰগোহাঁই, বন পশু চিকিৎসা বিষয়া ডাঃ প্ৰণৱ কুমাৰ দাস, পশু চিকিৎসক ডাঃ পঞ্চমী শৰ্মাকে ধৰি চিৰিয়াখানাৰ কৰ্তব্যৰত বনকৰ্মী, জন্তুপালক, পৰিচালকসকল উপস্থিত থাকে৷ আনকি চিৰিয়াখানা দৰ্শন কৰিবলৈ অহা একাংশ দৰ্শনাৰ্থীয়েও পাৰিজাতৰ জন্মদিনৰ কাৰ্যসূচীৰ ভাগ লৈ বিৰল মুহূৰ্তৰ সাক্ষী হোৱাৰ সৌভাগ্য লাভ কৰে৷ উল্লেখ যে সম্প্ৰতি পাৰিজাতৰ লগতে তাইৰ পিতৃ-মাতৃয়ে চিৰিয়াখানালৈ অহা সকলো দৰ্শনাৰ্থীক মনোৰঞ্জন দিবলৈ সক্ষম হোৱাৰ লগতে এক কথাত আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে৷ কিয়নো চিৰিয়াখানাত তাইৰ পৰিয়ালটোৱেই এতিয়া জিৰাফৰ অস্তিত্ব ৰক্ষা কৰি আহিছে৷ ইফালে ৰাজ্যিক চিৰিয়াখানালৈ শেহতীয়াকৈ নতুনকৈ এটা গড়ৰ পোৱালীও নতুনকৈ আলহী হৈ আহিছে৷ জ্জ নৱেম্বৰত জন্মগ্ৰহণ কৰা গঁড়ৰ পোৱালীটো বৰ্তমান সুস্থ অৱস্থাত আছে যদিও নামাকৰণ কৰা হোৱা নাই৷ অহা কেইদিনমানৰ ভিতৰতে নতুনকৈ আলহী হৈ অহা গড়ৰ পোৱালীটোৰ নামাকৰণ কৰা হ’ব বুলি চিৰিয়াখানাৰ কতৃৰ্পক্ষৰ এক সূত্ৰই সদৰি কৰিছে৷