অন্তৰ্ৱৰ্তী জামিন পোৱা অভিযুক্ত পুনৰ বিপদত, শিৱসাগৰত চিবিআই
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ নৱেম্বৰ : বিশাল ফুকনৰ ট্ৰেডিং কোম্পানীত বিনিয়োগ কৰিছিল ডিব্ৰুগড়ৰ চিকিৎসকে৷ ডিব্ৰুগড়ৰ দুজন চিকিৎসকে অধিক মুনাফা লাভৰ আশাত বন্দী হৈ বিশাল ফুকনৰ ওচৰত ট্ৰেডিঙৰ নামত বিনিয়োগ কৰিছিল ৬লাখ টকাকৈ ধন৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইৰ তদন্তত বিশাল ফুকনত ট্ৰেডিং কোম্পানীত চিকিৎসকে ধন বিনিয়োগৰ এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ অৱশ্যে, ডিব্ৰুগড়ৰ এই দুই চিকিৎসকক অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ ককায়েক ৰাজীৱ বৰাৰ পত্নী জিংকি মিলিয়ে প্ৰৱঞ্চনাৰ জালত বন্দী কৰি ধন বিনিয়োগ কৰিবলৈ বাধ্য কৰোৱাইছিল৷– এই চাঞ্চল্যকৰ তথ্য চিবিআইৰ তদন্তকাৰী বিষয়াই আদালতকো অৱগত কৰিছে৷ উল্লেখ্য, বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ৩৫২/২০২৪ নম্বৰত গোচৰটোৰ অন্যতম অভিযুক্ত জিংকি মিলিয়ে ইতিপূৰ্বে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল৷ জিংকি মিলিয়ে অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ সময়ত গোৰটোৰ শুনানিত চৰকাৰী অধিবক্তাজনে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগত দিছপুৰৰ ৰোষত পৰিবলগীয়া হৈছিল চৰকাৰী অধিবক্তাজন৷
শেহতীয়াকৈ জিংকি মিলিৰ পূৰ্ণাংগ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ে চিবিআইৰ অধিবক্তাৰ যুক্তিৰ ভিত্তিত পূৰ্বৰ আন্তৱৰ্তীকালীন জামিন নাকচ কৰে৷ এই জামিন আবেদনৰ শুনানিৰ সময়তে চিবিআইৰ অধিবক্তাই গুৱাহাটী উচ্ছ ন্যায়ালয়ক অভিযুক্ত জিংকি মিলিয়ে কি দৰে একাংশ চিকিৎসকক প্ৰৱঞ্চনাৰ জালত বন্দী কৰি বিশাল ফুকনৰ ওচৰত ধন বিনিয়োগ কৰিবলৈ বাধ্য কৰোৱাইছিল তাৰ সবিশেষ অৱগত কৰে৷ চিবিআইৰ অধিবক্তাই আদালতক অৱগত কৰা অনুসৰি জিংকি মিলিয়ে ডিব্ৰুগড়ৰ দুজনকৈ চিকিৎসকক মোহিত কৰি বিশাল ফুকনৰ সৈতে পৰিচয় কৰোৱাই দিছিল৷ আৰু এই পৰিচয়ৰ জৰিয়তে অধিক লাভ দিয়াৰ ভুৱা প্ৰতিশ্ৰুতি চিকিৎসকদ্বয়ক বিশালৰ ওচৰত ৬ লাখ টকাকৈ ট্ৰেডিঙত বিনিয়োগ কৰিবলৈ বাধ্য কৰোৱাইছিল৷ কিন্তু চিবিআইৰ তদন্তকাৰী বিষয়াৰ আগত ভুক্তভোগী চিকিৎসকদ্বয়ে বিশাল ফুকন আৰু জিংকি মিলিৰ প্ৰলোভনত ভোল গৈ ধন বিনিয়োগ কৰি মূলধন পৰ্যন্ত হেৰুওৱা বুলিহে স্বীকাৰ কৰিছিল৷ তদুপৰি ট্ৰেডিঙৰে ধনেৰে বিশাল ফুকনে খোলা মেচাৰ্ছ পেলেচিয়া নামৰ ঔষধ কোম্পানীটোৰ বেংক একাউণ্টৰ পৰা বিগত পহিলা মাৰ্চত অভিযুক্ত জিংকি মিলিৰ বেংক একাউণ্টলৈ ১০ লাখ টকা হস্তান্তৰ হোৱাৰ তথ্যৰ আদালতক অৱগত কৰে চিবিআয়ে৷ এই সমগ্ৰ ট্ৰেডিং-কাণ্ডত জিংকি মিলি জড়িত থকাৰ অভিযোগ কৰি জামিনৰ বিৰোধিতা কৰাত উচ্ছ ন্যায়ালয়ে পূৰ্বৰ অন্তৱৰ্তীকালীন জামিন নামাঞ্জুৰ কৰে৷ ইফালে জিংকি মিলিৰ স্বামী তথা চুমি বৰাৰ ককায়েক ৰাজীৱ বৰায়ো অন্তৱৰ্তীকালীন জামিন আবেদন জনাইছিল যদিও উচ্ছ ন্যায়ালয়ে তেওঁৰো জমিন নাকচ কৰিছে৷ বিশাল ফুকনৰ মেৰ্চাছ পেলেচিয়া কোম্পানীৰ অন্যতম সঞ্চালক ৰাজীৱ বৰাও বৰ্তমান পলাতক হৈ আছে৷
শিৱসাগৰত বিত্তীয় প্ৰতিষ্ঠানত চিবিআইৰ অভিযান
‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধি : কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আইৰ এটা দলে শুকুৰবাৰে শিৱসাগৰ নগৰৰ মেলাচকত অৱস্থিত লখিমী সঞ্চয় ঋণদান সমবায় সমিতি লিমিটেড নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ কাৰ্যালয়ত অভিযান চলাই বহুতো গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে৷ অভিজিত গগৈ আৰু জিতামণি গগৈ নামৰ দুই দম্পতীয়ে শিৱসাগৰ নগৰৰ মেলাচকত লখিমী সঞ্চয় ঋণদান সমবায় সমিতি লিমিটেড নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান খুলি বিগত ফেব্ৰুৱাৰী মাহৰ পৰা গ্ৰাহকক জমা ধন ঘূৰাই দিয়া নাছিল৷ গ্ৰাহকৰ অভিযোগৰ ভিত্তিত বিগত ফেব্ৰুৱাৰী মাহতেই লখিমী সঞ্চয় ঋণদান সমবায় সমিতি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ সেই সময়তেই শিৱসাগৰ সদৰ আৰক্ষী থানাত ১১৩/২৪নম্বৰত এক গোচৰ পঞ্জীয়ন হৈছিল৷ পৰৱৰ্তী সময়ত এই গোচৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে অভিজিত গগৈ আৰু জিতামণি গগৈ - এই দম্পতীৰ লগতে বিত্তীয় প্ৰতিষ্ঠানটোৰ কেচিয়াৰ বিকি ঘোষক গ্ৰেপ্তাৰ কৰি শিৱসাগৰ জিলা কাৰাগাৰলৈ নিক্ষেপ কৰিছিল৷ এতিয়াও এই তিনি অভিযুক্ত শিৱসাগৰ জিলা কাৰাগাৰৰ ভিতৰত৷ প্ৰাপ্ত অভিযোগ অনুসৰি, লখিমী সঞ্চয় ঋণদান সমবায় সমিতি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ দুই হাজাৰৰো অধিক গ্ৰাহকৰ পৰা এই তিনি অভিযুক্তই ২০কোটিৰো অধিক টকা আত্মসাৎ কৰিছে৷ প্ৰথমপৰ্যায়ত গ্ৰাহকক ধন ঘূৰাই দিছিল যদিও বিগত ফেব্ৰুৱাৰী মাহৰ পৰা গ্ৰাহকে পাবলগীয়া সুদৰ ধন দূৰৈৰ কথা, গ্ৰাহকে নিজৰ জমা ধন পোৱা নাছিল৷ এই বিত্তীয় প্ৰতিষ্ঠানটোত প্ৰায় ২০০ এজেণ্ট আছিল৷ প্ৰথমপৰ্যায়ত একাংশ এজেণ্টে গ্ৰাহকৰ জমা ধন আত্মসাৎ হোৱাৰ বিষয়ে পোহৰলৈ আনিছিল৷
‘লিংক’ ওলাইছে পলাতক প্ৰৱঞ্চক আল্পনাৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : এ ডি ষ্টক ব্ৰেকিঙৰ কেলেংকাৰিৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি নতুন নতুন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীৰ তদন্তত এ ডি ষ্টক ব্ৰেকিংৰ স্বত্ত্বাধিকাৰী আল্পনাৰ লিংক নেপাল-কলকাতা-মহাৰাষ্ট্ৰত ওলাইছে৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত এগৰাকী অধিবক্তাই প্ৰবঞ্চক আল্পনাৰ সহযোগী হিচাপে কাম কৰিছিল৷ জুলাই মাহতে মোবাইল বন্ধ কৰি গুৱাহাটীৰ পৰা টকা লুটি উধাও হৈছিল প্ৰৱঞ্চক আল্পনা দাসে৷ কলকাতাৰ অধিবক্তাৰে মিলি আল্পনাই এ ডি ষ্টক চলাইছিল৷ প্ৰথমে দীপাংকৰ বৰ্মনেৰে অল্পনা দাসৰ সম্পৰ্ক হৈছিল ডি বি ষ্টকত৷ প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ জৰিয়তে আল্পনাই আয়ত্ত কৰিছিল ট্ৰেডিঙৰে লুণ্ঠনৰ কৌশল৷ আল্পনাই অধিবক্তাগৰাকীৰ পাঠশালাৰ ঘনিষ্ঠ মমতাজ বেগম, আল্পনাৰ ভাতৃ শুভম দাস বিনিয়োগকাৰীৰে চুক্তিপত্ৰৰ কাম কৰিছিল৷ অধিবক্তায়ো নিশাটোৰ ভিতৰতে বিলাসী বাহন, বিলাসী সামগ্ৰীৰ গৰাকী হৈ পৰিছিল৷ আল্পনাই বিনিয়োগকাৰীক বছৰেকীয়া স্কীমত সৰ্বাধিক তিনিগুণ ধন লাভ দিয়াৰ প্ৰলোভন দিছিল৷ বিভিন্ন উৎসৱৰ সময়ত আল্পনাই ১৩ শতাংশ কৈ অতিৰিক্ত অফাৰ দিছিল গ্ৰাহকক৷ বিগত দুটা বছৰতে এ ডি ষ্টকত প্ৰায় ১৫০০ কোটি টকা বিনিয়োগ হৈছিল৷ ৰাজ্যৰ লগতে নেপাল, দিল্লী, মহাৰাষ্ট্ৰ, বেংগালুৰুৰ লোকেও কোটিৰ ঘৰত বিনিয়োগ কৰিছিল৷ বৰ্তমানো পলাতক হৈ আছে আল্পনা দাসৰ লগতে আল্পনাৰে জড়িত মমতাজৰ দৰে বহু প্ৰবঞ্চক৷ উল্লেখযোগ্য যে, দুদিন পূৰ্বে মহানগৰীত আন এক ট্ৰেডিং কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে৷ ডিবি ষ্টকৰ পিছত পুনৰ আন এক ট্ৰেডিং কেলেংকাৰি পোহৰলৈ আহিছে৷ ডি বি ষ্টকৰ পাছত এইবোৰ এডি ষ্টকৰ লুণ্ঠন৷ তিনিমাহত ডাবল কৰা অৰ্থাৎ বিনিয়োগকাৰীক মাহিলি ১৩ শতাংশ সুদ দিয়াৰ প্ৰতিশ্ৰুতিৰে বহুজনৰ পৰা কোটি কোটি লুণ্ঠন কৰি গুৱাহাটীৰ পৰা সংগোপনে পলায়ন কৰে আল্পনা দাস নামৰ আন এগৰাকী মহা প্ৰৱঞ্চকে৷ প্ৰাপ্ত খবৰ অনুসৰি তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ আল্পনা দাস নামৰ যুৱতী গৰাকীয়ে মহানগৰীৰ হেঙেৰাবাৰীত AD Stock Broking Financial Service নামেৰে খুলিছিল এটা কাৰ্যালয়৷ এই প্ৰতিষ্ঠানৰ জৰিয়তে আল্পনাই বহু বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰিছিল কে’বাশ কোটি টকা৷ কিন্ত বিশদিন পূৰ্বে হেঙেৰাবাৰীস্থ কাৰ্যালয় বন্ধ কৰি বহু কোটি টকা লুণ্ঠন কৰি গুৱাহাটীৰ পৰা পলায়ন কৰে৷ আনহাতে আল্পনা দাসে কাৰ্যালয় বন্ধ কৰি পলায়নৰ পাছতে হাহাকাৰ লাগে এডি ষ্টকৰ বিনিয়োগকাৰীৰ মাজতে৷ প্ৰাপ্ত খবৰ অনুসৰি ভুক্তভোগী বিনিয়োগকাৰীয়ে দিছপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে প্ৰৱঞ্চক আল্পনা দাসৰ কাৰ্যালয় আৰু তিনিচুকীয়া বাসগৃহত তালাচী চলোৱাৰ লগতে তেওঁৰ সন্ধানত আৰম্ভ কৰিছে অভিযান৷ প্ৰৱঞ্চক আল্পনা দাসে পূৰ্বতে মহা প্ৰৱঞ্চক তথা বৰ্তমান কাৰাৰুদ্ধ দিপাংকৰ বৰ্মনৰ ডি বি ষ্টকত মেনেজাৰ হিচাপে কৰ্মৰত আছিল যদিও দুবছৰ পূৰ্বে হেঙেৰাবাৰীত এডি ষ্টক নামৰ সুকীয়াকৈ এটা প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰিছিল৷