Logo
image

ডানিছ সুন্দৰীলৈ মিছ ইউনিভাৰ্ছ’ খিতাপ

নতুন দিল্লী, ১৮ নৱেম্বৰ : চলিত বৰ্ষৰ মিছ ইউনিভাৰ্ছৰ মুকুট দখল কৰিবলৈ সক্ষম হৈছে ডানিছ সুন্দৰী ভিক্টোৰিয়া কেয়া থিলভিগে৷ উল্লেখ্য যে এইবাৰ ৭৩সংখ্যক মিছ ইউনিভাৰ্ছ সৌন্দৰ্য প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছিল মেক্সিকোত৷ ভাৰতৰ  হৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ১৯ বছৰীয়া সুন্দৰী ৰিয়া সিংহই৷ কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰতিযোগিতাৰ শীৰ্ষৰ ১২ গৰাকী প্ৰতিযোগীৰ মাজতো স্থান লাভ কৰিবলৈ সক্ষম নহ’ল ৰিয়াই৷ ইয়াৰ বিপৰীতে ডেনমাৰ্কৰ ২১ বছৰীয়া ভিক্টোৰিয়াই ১২৫ গৰাকী সুন্দৰী প্ৰতিযোগীক চেৰ পেলাই মিছ ইউনিভাৰ্ছৰ মুকুট আজুৰি আনিবলৈ সক্ষম হয়৷ আনহাতে মেক্সিকোৰ মাৰিয়া ফৰণাণ্ডা বেলট্ৰানে দ্বিতীয় স্থান দখল কৰাৰ লগতে নাইজেৰিয়াৰ সুন্দৰীয়ে তৃতীয় স্থান দখল কৰে৷


উল্লেখ্য যে ভাৰতৰ হৈ এইবাৰৰ মিছ ইউনিভাৰ্ছ সৌন্দৰ্য প্ৰতিযোগিতাখনিত ভাগ লোৱা ৰিয়া সিংহই যোৱা ছেপ্টেম্বৰ মাহত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ মুকুট দখল কৰিছিল৷ স্বাভাৱিকতে এই সাফল্যক লৈ দেশবাসীয়ে ৰিয়াই মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধিব নোৱাৰিলেও অন্ততঃ শীৰ্ষৰ তিনিগৰাকী প্ৰতিযোগীৰ মাজত থাকিব বুলি আশা কৰিছিল৷ কিন্তু দেশবাসীক× আশাহত কৰি ৰিয়াই শীৰ্ষৰ ১২ গৰাকী প্ৰতিযোগীৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বেই প্ৰতিযোগিতাৰ পৰা বাদ পৰে৷ প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডত অন্তৰ্ভুক্ত হয় মেক্সিকো, নাইজেৰিয়া, থাইলেণ্ড, ভেনিজুৱেলা আৰু ডেনমাৰ্কৰ প্ৰতিযোগী৷ ইয়াৰ পৰৱৰ্তী আৰু চূড়ান্ত ৰাউণ্ডত মিছ ইউনিভাৰ্ছৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ডেনমাৰ্কৰ ললনা ভিক্টোৰিয়াই৷