ফেব্ৰুৱাৰীত উভতিব সুনীতা, গৱেষণা সামগ্ৰী প্ৰেৰণ
নিউয়ৰ্ক, ৬ ডিচেম্বৰ : মহাকাশলৈ গৈ তাত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়াম্ছক প্ৰত্যাৱৰ্তন কৰোৱাটো ‘নাছা’ৰ বাবে প্রত্যাহ্বান হৈ পৰিছে৷ মাত্ৰ আঠটা দিনৰ বাবে গৈ মহাকাশত ইতিমধ্যে ছমাহ অতিক্ৰম কৰিছে ভাৰতীয় মূলৰ মহাকাশচাৰীগৰাকীৰ লগতে তেওঁৰ সহযাত্ৰী বুশ্ব উইলম’ৰে৷ নাছাই সদৰী কৰা মতে অহা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত হয়তো সুনীতা আৰু উইলম’ৰক ওভতাই আনিব পৰা যাব৷ ইয়াৰ বাবে সাজু কৰি থকা হৈছে এখন বিশেষ স্পেচ এক্স ড্ৰেগন স্পেচএয়াৰ ক্ৰাফ্ট৷ উল্লেখ্য, যোৱা জুন মাহৰ ৫ তাৰিখে সুনীতা আৰু বুশ্ব উইলম’ৰে মহাকাশ অভিমুখে যাত্ৰা কৰিছিল৷ তাত তেওঁলোকে ৮ দিনত মহাকাশ সম্পৰ্কীয় গৱেষণা কৰ্ম সামৰি পৃথিৱীলৈ উভতি অহাৰ কথা আছিল৷ কিন্তু কাৰিকৰী বিজুতিৰ বাবে মহাকাশচাৰীদুগৰাকী বিগত প্ৰায় দুমাহ ধৰি মহাকাশকেন্দ্ৰতে আবদ্ধ হৈ থাকিবলগা হৈছে৷
ফেব্ৰুৱাৰীত তেওঁলোকে পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত কৰা গৱেষণাসমূহৰ নমুনা তথা গৱেষণা সামগ্ৰীসমূহ পৃথিৱীলৈ কঢ়িয়াই অনাৰ বাবে নাছাই ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ উল্লেখ্য, মহাকাশ আস্থানত চলিত সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা গৱেষণাৰ নমুনাসমূহ ডীপ ফ্ৰীজৰ পৰা প’ৰ্টেল ফ্ৰীজলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়৷ দ্বিতীয়বাৰৰ বাবে মহাকাশলৈ যোৱা সুনীতা উইলিয়াম্ছ আৰু সহযাত্ৰী বুশ্ব উইলম’ৰে এই সময়ছোৱাত বিভিন্ন অণুজীৱ, বেক্টেৰীয়া, বীজাণু, আণুবংশিক গতিবিধি, জীৱৰ প্ৰতিৰোধ ক্ষমতা আদিৰ বিষয়ে গৱেষণা কৰে৷তদুপৰি মহাকাশ গৱেষণা কেন্দ্ৰত আবদ্ধ হৈ থকা এই দীঘলীয়া সময়ছোৱাত সুনীতা আৰু উইলম’ৰে ‘লেটুছ’ (চালাদ পাত) জাতীয় কৃষি কৰে৷ পিছে নাছাই জনোৱা মতে খোৱাৰ বাবে নহয়, বৰঞ্চ গৱেষণাৰ স্বাৰ্থত সুনীতা আৰু উইলম’ৰে এই খেতি কৰে৷ নাছাৰ মতে মহাকাশ গৱেষণা আস্থানত মাইক্ৰ’গ্ৰেভিটীৰ মাজতো লহপহকৈ বৃদ্ধি পায় লেটুছ৷ এই গৱেষণাৰ মূল লক্ষ্য হৈছে গছক কিমান পৰিমাণৰ পানী দিলে তাৰ শ্ৰীবৃদ্ধি কিমান হয় তথা পুষ্টিগুণ কিমান বাঢ়ে৷নাছাৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে মহাকাশলৈ ৰাওনা হোৱাৰ পূৰ্বে সুনীতা আৰু উইলম’ৰে এই বিষয়ে পৰীক্ষা-নিৰীক্ষাৰ প্ৰস্তুতি লৈছিল৷ তদুপৰি মহাকাশত চালাদ পাত জাতীয় ‘লেটুছ’ৰ খেতি কৰাৰ পূৰ্বে ইয়াক পৰিচৰ্যা কৰাৰ বাবে ব্যৱহাৰ কৰা পানীৰ নমুনাও পৰীক্ষা কৰে৷ এই গৱেষণা সফল হ’লে অদূৰ ভৱিষ্যতে দীঘলীয়া মহাকাশ অভিযানৰ ক্ষেত্ৰত খাদ্যৰ সমস্যা পূৰণ কৰিব পৰা যাব৷ তদুপৰি মহাকাশৰ দৰে প্ৰতিকূল পৰিৱেশত নিয়ন্ত্ৰিত পৰিমাণৰ পানী ব্যৱহাৰেৰে কৰা কৃষিত সফল হ’লে পৃথিৱীৰ খৰাংপ্ৰৱণ অঞ্চলত সহজেই কৃষিকাৰ্য সম্পাদন কৰিব পৰা যাব বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে৷