Logo
image

বিজেপি নেতাক দেখিলেই মানুহে ভয় খায়! গৌৰৱ

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি, ১৬ জানুৱাৰীঃ ‘ব্যক্তিগত ধনৰ বলত দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত নৱম স্থান পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ যদি পৰিয়ালৰ সদস্যসকলৰ ধন সামৰি ল’লে তেওঁ এক নম্বৰ স্থান পাব৷ অলপ ধন লুকাই ৰাখিছে৷ এটা ঠাই নাই, য’ত বিজেপি দলৰ নেতাসকলে মাটি লোৱা নাই৷’ এই মন্তব্য যোৰহাট  লোকসভা সমষ্টিৰ সাংসদ তথা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ৷ আজি দলীয় কাৰ্যসূচী লৈ নলবাৰীত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈয়ে কয়-‘অসমৰ ভিতৰত বিজেপি দলৰ ভয় আৰু দুৰ্নীতি সম্ৰাজ্য আমি দূৰ কৰিব বিচাৰোঁ৷ বিজেপি নেতাসকলক দেখিলেই মানুহৰ হৃদয়ত ভয়ৰ সৃষ্টি হয় আৰু কংগ্ৰেছক দেখিলেই সেই ভয় নাইকিয়া হয়, মানুহৰ মুখত হাঁহি ওলায়৷ সেইবাবে বিজেপিয়ে এতিয়া নিজেই ভয় খাইছে৷ সেইকাৰণে আমাক বাধা প্ৰদান কৰিবলৈ বিচাৰিছে৷ সেই ভয়তে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ বিচৰা নাই৷ নলবাৰীত এটা ধৰ্মীয় অনুষ্ঠানত যাবলৈ বিচাৰিছোঁ৷ তাতো আমাক বাধা দিবলৈ বিচাৰিছে৷ সেয়েহে বিজেপি দলৰ নেতা, মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলক সুধিছোঁ ইমান ভয় কিয়? মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনক লৈ কিয় ভয় খাইছে৷’ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ সাংসদ গৌৰৱ গগৈয়ে কয় যে যেতিয়ালৈকে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থাকিব তেতিয়ালৈকে ছিণ্ডিকেটৰাজ থাকিব৷ তেওঁ কয়-‘নলবাৰীতো আজি মানুহ উন্নয়নৰ পৰা বঞ্চিত৷ ইয়াৰে স্থানীয় বিধায়ক তথা মন্ত্ৰীয়ে নিজৰ বিভাগ চলাব পৰা নাই৷ নিজৰ ঘৰখন বহল কৰিলে৷ ব্যক্তিগত ধন-সম্পত্তি বহল কৰিলে৷’ সংবাদ মাধ্যমক সম্বোধন কৰি সাংসদ গৌৰৱ গগৈয়ে কয়-‘অসমৰ মিডিয়াৰ প্ৰতি মোৰ বন্ধুত্বভাব আৰু সমবেদনা আছে৷ সংবাদ মাধ্যমে এতিয়া ভালদৰে প্ৰশ্ন কৰিব নোৱাৰে৷ সাংবাদিকসকলৰ দায়িত্ব শাসনক প্ৰশ্ন কৰা৷ কিন্তু সংবাদ মাধ্যমক প্ৰশ্ন সোধাৰ পৰা বঞ্চিত কৰিছে শাসকীয় দলে৷ সাংবাদিকসকল ৰাইজৰ প্ৰতিনিধি৷ ৰাইজৰ হৈ, ৰাইজৰ কথা-ৰাইজৰ সমস্যা প্ৰকাশ কৰা মিডিয়াৰ দায়িত্ব আৰু নৈতিক কৰ্তব্য৷ কিন্তু যেতিয়া সংবাদ মাধ্যমে নিজৰ নৈতিক কৰ্তব্য পালন কৰে তেতিয়াই সংবাদ মাধ্যমক নিমাত কৰা দেখা গৈছে৷’ উল্লেখ্য, আজি দলীয় কাৰ্যসূচী লৈ নলবাৰীত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈক পুৱাৰ ভাগত নলবাৰীৰ চ’ক বজাৰত দলীয় নেতা-কৰ্মীসকলে আদৰণি জনায়৷ তাৰ পৰা সাংসদজনে নলবাৰী সমষ্টিৰ অন্তৰ্গত বৰআজাৰাত উপস্থিত হৈ শ্ৰীশ্ৰীবাসন্তী মন্দিৰ আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ঘৰৰ দুৱাৰমুখতে থকা শ্ৰীশ্ৰীদুৰ্গা মন্দিৰত সেৱা লয়৷ বৰ আজাৰাৰ পৰা পোনে পোনে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মিলন বজাৰত আয়োজিত এখন কৰ্মী সভা সম্বোধন কৰে কংগ্ৰেছ নেতাজনে৷ মধ্য বাঁহজানী মণ্ডল কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত কংগ্ৰেছৰ দলীয় সভাত গৌৰৱ গগৈয়ে ভাষণত প্ৰসংগত কয় যে- ‘অসমৰ বাবে চিন্তা কৰাৰ সময় আহি পৰিছে৷ আমাৰ নিজৰ জাতি-ভাষা-সংস্কৃতিৰ বাবে চিন্তা কৰাৰ সময় আহি পৰিছে৷ অসমত টকা-পইচাৰ বলত অপশাসন চলি আছে যি অপশাসন আমি উৎখাত কৰিব লাগিব৷ আজিৰ তাৰিখত অসমৰ শাসকীয় দলৰ ৰাজনীতি সমাজৰ বিকাশৰ নহয়, নিজৰ ব্যক্তিগত বিকাশৰহে৷ অসমত চলাই থকা ছিণ্ডিকেটৰাজ ৰাজনৈতিক আশীবাৰ্দপুষ্ট৷ আজি শাসকীয় চৰকাৰখনে উন্নয়ন চলি থকা বুলি ক’লেও বৃহত্তৰ বাঁহজানী অঞ্চলৰ লগতে সমগ্ৰ নলবাৰী জিলাতে ৰাস্তা-পদূলি, সংস্থাপনৰ বাৰুকৈয়ে অভাৱ৷ একাংশ শাসকীয় বিধায়কে বিঘাই বিঘাই মাটি ক্ৰয় কৰিছে৷ এনেদৰে বিধায়কসকলৰ নিজৰ বিকাশৰ পথ ৰাইজৰ আগত উদঙাই দিছে৷’ সাংসদ গগৈয়ে পুনৰ কয় যে কংগ্ৰেছে কৃষক, বনুৱা, শ্ৰমিক, শিল্পী, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিকে ধৰি সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ লগত একগোট হৈ এখন সুস্থ সমাজ গঢ়াৰ বাবে আগবাঢ়ে, যিয়ে শাসকীয় দলৰ নীতি আদৰ্শৰ পৰা বিৰোধীক পৃথক কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰদু্যৎ ভূঞাই আঁত ধৰা দলীয় সভাত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে৷ সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন উপস্থিত থাকি বিজেপি দলক চোকা ভাষাৰে সমালোচনা কৰি আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত ভ্ৰষ্টাচাৰী বিজেপি দলক উৎখাত কৰিবলৈ ৰাইজক আহ৩ান জনায়৷ সভাত প্ৰাক্তন বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধায়ক মনোজ কলিতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ছ’চিয়েল মিডিয়া চেলৰ অধ্যক্ষ ৰাতুল কলিতাকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে৷ উল্লেখ্য, এই সভাৰ পিছতেই দক্ষিণ বাঁহজানীৰ জাহা চেৰাবাৰীত চলি থকা শ্ৰীশ্ৰীমহাপ্ৰভু বাৰগোপাল থানৰ ৩৮ সংখ্যক বাৰ্ষিক সভা মহোৎসৱত উপস্থিত হৈ বাৰগোপালৰ সেৱা লৈ উপস্থিত তীৰ্থযাত্ৰীসকলৰ লগত মত বিনিময় কৰে সাংসদজনে৷ তাৰ পৰা প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা অশোক শৰ্মাৰ নলবাৰীৰ বৰকুৰাস্থিত বাসগৃহত ভালেসংখ্যক নেতা-কৰ্মীৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে৷ আবেলি  টিহু সমষ্টিৰ অন্তৰ্গত চামতা ৰূপকোঁৱৰ কলা পৰিষদ প্ৰাংগণত আয়োজিত ‘আশীৰ্বাদ বিচাৰি’ শীৰ্ষক সম্বৰ্ধনা অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰে কংগ্ৰেছ সাংসদজনে৷


মিথ্যাচাৰত অস্কাৰ পাব বিজেপিয়েঃ  গৌৰৱৰ কটাক্ষ

‘আমাৰ অসম’ৰ চামতাৰ প্ৰতিবেদকঃ  ‘ৰাইজৰ ধনেৰে হিমন্ত বিশ্ব শৰ্মা ধনী মুখ্যমন্ত্ৰীৰ তালিকাৰ ৯ নম্বৰ স্থান দখল কৰিছে৷ পৰিয়ালৰ সম্পত্তি লগ লাগিলে ৰ নম্বৰ স্থানত থাকিব’৷ এই মন্তব্য লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ৷ আজি বিয়লি নলবাৰী জিলাৰ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত কংগ্ৰেছৰ ৰাইজৰ সৈতে ‘মত বিনিময়’ অনুষ্ঠানত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে এনেদৰে কোৱাৰ লগতে আৰু কয় যে-এতিয়া অসমত সু-শাসন নাই৷ চৰকাৰত থকাসকলে নিজকে ৰজা বুলি ভাবে বুলিও বিজেপিক কটাক্ষ কৰে কংগ্ৰেছ নেতাজনে৷ গৌৰৱ গগৈয়ে পুনৰ কয় যে-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ৰ অচিলা লৈ পঞ্চায়ত নিৰ্বাচনৰ মাহ ঘোষণা কৰি আছে৷ তেওঁ সঠিককৈ এতিয়াও নিৰ্বাচনৰ দিন ঘোষণা কৰিব পৰা নাই৷ বিজেপি দলে মিছা কথাৰে ৰাজনীতি কৰি আছে৷ কেৱল মিথ্যাচাৰ৷ মিথ্যাচাৰৰ ক্ষেত্ৰত দলটোৱে পি এইচ ডি অথবা অস্কাৰ বঁটা লাভ কৰিব৷ মুখ্যমন্ত্ৰীয়ে মিছা কথাৰে জনসাধাৰণক বিপথে পৰিচালনা কৰে৷ সেয়ে তেওঁ ডাঙৰ ডাঙৰ লোকৰ কিতাপ অধ্যয়ন কৰি জনতা জনাৰ্দনক ক্ষমা খুজিব লাগে৷ সম্প্ৰতি বিজেপিৰ প্ৰতি ৰাইজৰ মোহভংগ ঘটিছে৷ ৰাইজে এতিয়া শাসনত কংগ্ৰেছ দল অহাটো বিচাৰিছে৷ সেয়ে আজি চামতাত ৰাইজৰ সৈতে মত বিনিময় কৰিছে কংগ্ৰেছ দলে৷ কংগ্ৰেছে ৰাইজৰ ক্ষোভ আৰু সমস্যাসমূহক আগস্থান দি পুনৰ নতুন উদ্যমেৰে ভৱিষ্যতৰ ৰাজনীতিত আগবাঢ়িব বিচাৰিছে বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে৷ অনুষ্ঠানতে গৌৰৱ গগৈ সমন্বিতে কংগ্ৰেছ নেতৃত্বই বিহুৰ বতৰত তামোল-পাণৰ বঁটাৰে ৰাইজৰ ওচৰত সেৱা লয়৷ তদুপৰি, শতাধিক জ্যেষ্ঠ নাগৰিকক গামোচা-ধুতি আৰু মহিলাক চাদৰ-মেখেলাৰে বিহুৰ শুভেচ্ছা প্ৰদান কৰে৷ এই অনুষ্ঠানত সাংসদজনক সংগ প্ৰদান কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, উপ-সভাপতি হৰেকৃষ্ণ ডেকা, তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি সিং, নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, কংগ্ৰেছ নেতা প্ৰদু্যৎ ভূঞা, দিব্যজ্যোতি হালৈ, আব্দুল কাদেৰ আদিয়ে৷

কৃষ্ণগুৰুৰ আশীৰ্বাদ বিচাৰিলে গৌৰৱ গগৈয়ে

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ  ভোগালী বিহুৰ উলহ-মালহৰ মাজতে মাঘ মাহৰ দ্বিতীয়টো দিনত নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আজি সন্ধিয়া উপস্থিত হয় সাংসদ গৌৰৱ গগৈ৷ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ সাংসদজনে কীৰ্তন ঘৰত সেৱাগ্ৰহণ কৰি কৃষ্ণগুৰুৰ পৰা আশীৰ্বাদ বিচাৰে৷ ইয়াৰ পাছত গৌৰৱ গগৈয়ে কৃষ্ণগুৰু সেৱাশ্ৰমৰ আধ্যাত্মিক আদি গুৰুৰ সমাধিস্থলত উপস্থিত হৈ গুৰুগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আধ্যাত্মিক আদি গুৰুগৰাকীৰ সমাধিস্থলৰ পৰা পোনে পোনে সাংসদজনে নসত্ৰ সেৱাশ্ৰমৰ গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ সৈতে প্ৰায় এঘণ্টা সময় ধৰি বাৰ্তালাপ কৰাৰ উপৰি গুৰুগৰাকীৰ আশিস গ্ৰহণ কৰে৷ তদুপৰি, আৰু ৩১ জানুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আৰম্ভ হ’বলগীয়া ১২ দিনীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীত্তৰ্নৰ বুজ লয়৷ উক্ত বাৰদিনীয়া একনাম অখণ্ড কীৰ্তনত দেশ-বিদেশৰ হাজাৰ হাজাৰ কৃষ্ণগুৰু ভকতৰ লগতে দৰ্শনাৰ্থীয়ে নসত্ৰৰ কৃষ্ণগুৰু আশ্ৰমত উপস্থিত হয়৷ ইফালে, সাংসদ গৌৰৱ গগৈয়ে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ সংযোগী পথ সন্দৰ্ভত মন্তব্য কৰি সাংবাদিকৰ আগত কয় যে,  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সেৱাশ্ৰম থকাৰ পাছতো বৰপেটা জিলাৰ নসত্ৰৰ সেৱাশ্ৰম সংযোগী বাট-পথৰ আজিপৰ্যন্ত মেৰামতি নোহোৱাত সাংসদজনে অসন্তুষ্টি প্ৰকাশ কৰে৷