Logo
image

সোণাৰাম চুতীয়া ক্ষেত্ৰত ভাগৱত ভ্ৰমণ, ধৰ্মধবজা উত্তোলন পদাধিকাৰৰ

যোৰহাটৰ ম’হবন্ধাৰ এৰালতলি পথাৰৰ পৰা নিৰঞ্জন মহন্ত আৰু ৰমেন শইকীয়া  আমাৰ অসমঃ  যোৰহাট ম’হবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনা পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাক লৈ এক বৰ্ণাঢ্য ভাগৱত  শোভাযাত্ৰা উলিওৱা হয়৷ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিৰ দলসহ ভকত-বৈষ্ণৱ, আই-মাতৃ, যুৱক-যুৱতীসহ অগণন লোকে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাই প্ৰায় ১৯ কিল’মিটাৰ পথ অতিক্ৰম কৰে৷ ইয়াৰ পূৰ্বে ৯৪ সংখ্যক অধিৱেশনৰ লগত সংগতি ৰাখি ৯৪ যোৰা গায়ন-বায়নৰ লগতে বিভিন্ন মাংগলিক ধ্বনি, আইসকলৰ উৰুলি, ভকতৰ জয় ধ্বনিৰ মাজতে পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই ধৰ্মধবজা উত্তোলন কৰে৷ সংঘৰ প্ৰধান সম্পাদক ৰজনীকান্ত দত্তই আঁতধৰা অনুষ্ঠানত উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱাল, আদৰণী সমিতিৰ সভাপতি ড॰ নবীনচন্দ্ৰ বৰা, কাৰ্যকৰী সভাপতি অজন্তা নেওগ, সাধাৰণ সম্পাদক ধীৰেন চন্দ্ৰ ডেকা, সংঘৰ যোৰহাট জিলাৰ সভাপতি খগেন ফুকন, সম্পাদক বিশ্বজ্যোতি গগৈসহ বিষয়ববীয়াসকলৰ সৈতে পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা বাটচ’ৰাৰে কাছসদৃশ বেদীত উঠি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীকযুক্ত পতাকা উত্তোলন কৰে৷ সংঘৰ পতাকাৰ তলত সমবেত হোৱাসকলক উদ্দেশ্যি দিয়া ভাষণত সত্ৰাধিকাৰজনে সংঘৰ চমু ইতিবৃত্তৰ অৱলোকন কৰে৷ তাৰ পাছতেই পদাধিকাৰসহ সকলো নামঘৰৰ অভিমুখে ৰাওনা হয় আৰু তাতে উৰুলি ধ্বনি, ডবা, শংখ, তাল, খোল আদি পৰিৱেশনৰ মাজতে পদাধিকাৰজনে নামঘৰৰ পৰা শিৰত ভাগৱত লৈ গায়ন-বায়নৰ সৈতে মূল তোৰণৰ দিশে আগবাঢ়ে৷ সেৱা বাহিনীৰ লোকসকলে শৃংখলিত কৰি ৰখা ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰাত কলহ লৈ আয়তী, মূগা বৰণৰ সাজ পৰিধান কৰা যুৱতী, আইসকল, ট্ৰাকত সজ্জিত নামঘৰ, এশিঙীয়া গড়, হাতী, ঘোঁৰা, মাছ আদিৰ লগতে অসমীয়াৰ বিহু, চাহ জনগোষ্ঠীৰ ঝুমুৰ, মিচিং, দেউৰী, তিৱা, ঠেঙ্গাল কছাৰী শিল্পীসকলে বাদ্য-যন্ত্ৰ, নগাসকলে যাঠি নৃত্য কৰি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷ তদুপৰি, ৰাম-সীতাৰ সন্মুখত হনুমানে সেৱা কৰি থকা, বিষ্ণুৰ সন্মুখত গ্ৰাহ-গজেন্দ্ৰ আদিৰ ভাৱৰীয়াসকলৰ পিছত প্ৰতিনিধিসকলে হৰিনাম গাই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷ এই শোভাযাত্ৰাত অসমৰ জাতীয় প্ৰতীক গঁড প্ৰদৰ্শন কৰা হয়৷ ৰাষ্ট্ৰীয় পথেৰে গাঁৱৰ মাজেৰে ঢাপকটালৈকে গৈ ৩৭নং ৰাষ্ট্ৰীয় পথেৰ ছাবৱেৰে অধিৱেশনস্থলীলৈ উভতি আহে আৰু শ্ৰীমদ্ভাগৱত নামঘৰত প্ৰতিষ্ঠা কৰি সকলোৱে সমূহীয়াকৈ সেৱা লয়৷ ভাগৱত পৰিভ্ৰমণৰ সময়ত ম’হবন্ধা এৰালতলি পথাৰৰ পৰা পূবে নেইষ্টৰ সমীপৰ ঢাপকটালৈকে অগণন জনতাই ভাগৱতসহ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা দৰ্শন কৰাৰ লগতে সেৱা লয়৷

মুকলি সভাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ১৫ লাখ টকা অনুদান ঘোষণাঃ  অধিৱেশনস্থলীত আজি পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত মূল মঞ্চত মুকলি সভা অনুষ্ঠিত হয়৷ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্তই উদ্বোধন কৰা মুকলি সভাখনত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ পদ্মলোচন দাস, ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা, বিজ্ঞান-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্ত, বিত্ত আৰু শিশু-মহিলা উন্নয়ন দপ্তৰৰ মন্ত্ৰী অজন্তা নেওগ, উজনি অসমৰ প্ৰায়সকল বিধায়ক, বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই প্ৰমুখ্যে বহুজন গণ্যমান্য ব্যক্তিৰ লগতে নিৰ্দিষ্ট বক্তাৰূপে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড॰ ৰত্নোত্তমা দাস, শিশু বক্তাৰূপে হিমলীনা বৰুৱা, যুৱ বক্তা হিচাপে অলংকৃতা হাজৰিকা, আই-মাতৃ বক্তা হিচাপে ৰূপালী বৰাই অংশগ্ৰহণ কৰে৷ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই  লিখিত অভিভাষণ পাঠ কৰাৰ লগতে সম্পাদক ৰজনীকান্ত দত্তই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে৷ প্ৰত্যেকগৰাকী বক্তাই অসমীয়া জাতিক সংগঠিত কৰি থৈ যোৱা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অৱদান ব্যাখ্যা কৰাৰ লগতে কেৱল দেশতেই নহয়, বিশ্বত শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱক প্ৰতিষ্ঠা কৰিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৯৪ বছৰত কৰি অহা কাম-কাজৰ প্ৰশংসা কৰাৰ লগতে ১৯৩০ চনত প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘই ২০৩০ চনত শতবৰ্ষত পদাৰ্পণ কৰাৰ সময়ছোৱাত কৰা কাম-কাজৰ পৰ্যালোচনা কৰাৰ উপৰি নতুন পৰিকল্পনাৰে শ শ বছৰলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘক বৰ্তাই ৰখাৰ বাবে এই অধিৱেশনৰ পৰাই পৰিকল্পনা প্ৰস্তুত কৰি কৰ্মত অগ্ৰসৰ হ’বলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে সহযোগিতা কৰাৰো জনপ্ৰতিনিধিসকলে আশ্বাস প্ৰদান কৰে৷ শংকৰদেৱ সম্পৰ্কীয় ইংৰাজী ভাষাত লেখা দুখন গ্ৰন্থ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই উন্মোচন কৰি নগাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কাম-কাজৰ প্ৰশংসা কৰাৰ লগতে পূৰ্বতে দিয়া অনুদানৰ উপৰি আজিৰ মুকলি সভাতে যোৰহাটৰ তৰাজান গায়ন গাঁওস্থিত শিৱপ্ৰসাদ বৰুৱাই দান দিয়া ভূমি গৃহত থকা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোৰহাট কেন্দ্ৰটোৰ উন্নয়নৰ বাবে ১৫ লাখ টকাৰ অনুদান ঘোষণা কৰে৷ সভাত বিজেপি-ৰ সভাপতি দিলীপ শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰকাশ কৰি অহা ‘নামধৰ্ম’ নামৰ আলোচনীখনৰ শেহতীয়া সংখ্যাটো আনুষ্ঠানিকভাৱে ৰাইজক ক্ৰয়ৰ বাবে মুকলি কৰি দিয়ে৷ উপস্থিত থকা অন্যান্য জাতি-জনগোষ্ঠী, অনুষ্ঠানৰ বিষয়ববীয়াসকলৰ অধিৱেশনখন সফল, শৃংখলিত হোৱাৰ লগতে ৰাইজৰ সমাগম দেখি উৎফুল্লিত হৈ কেন্দ্ৰীয় সমিতিৰ লগতে যোৰহাট জিলা সমিতি আৰু আদৰণী সমিতিৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি, সংঘৰ প্ৰতিগৰাকী সংগী, সেৱকৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷

উপস্থিত নহ’ল মুখ্যমন্ত্ৰীঃ শ্ৰীউপস্থিত নহ’ল মুখ্যমন্ত্ৰীঃ  শ্ৰীমন্ত্ৰ শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনলৈ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছিল যদিও এজনো উপস্থিত নহ’ল৷ কালি ৰাজ্যপাল উপস্থিত থাকিব নোৱৰাৰ পাছত আজি মুখ্যমন্ত্ৰীজনো উপস্থিত হ’ব নোৱাৰিলে৷ অৱশ্যে মন্ত্ৰী অতুল পৰাই মুখ্যমন্ত্ৰীক প্ৰতিনিধিত্ব কৰি মুকলি সভাত ভাষণ দিয়ে৷ মন্ত্ৰী বৰাই কয় যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ষোড়শ শতিকাৰ আগভাগতে যেনেদৰে অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধি থৈ গ’ল – সেই শক্তিশালী বন্ধনক আজিও তেৰাৰ অমৃতবাণীৰে দীক্ষিত  ভকত-বৈষ্ণৱসকলে সম্পূৰ্ণ অক্ষত কৰি ৰাখিছে৷ জাতি- ধৰ্ম-বৰ্ণ, ভাষা নিৰ্বিশেষে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত গুৰুজনাৰ আদৰ্শ জীয়াই আছে বাবেই আজিও উচ্চ শিৰে অসমীয়া জাতি জীয়াই থাকিবলৈ সক্ষম হৈছে৷ তেওঁ লগতে কয়–“শ্ৰীমন্ত শংকৰদেৱ সংঘই ইতিমধ্যে দেশৰ ভিতৰতে এটি শক্তিশালী বৈপ্লৱিক অনুষ্ঠান হিচাপে মান্যতা লাভ কৰিবলৈ সক্ষম হৈছে৷  ৰূপান্তৰৰ প্ৰতীক গুৰুজনাৰ আদৰ্শ আৰু নীতিক সাৰোগত কৰি পৰিচালিত হোৱা আমাৰ দেশৰ এক উল্লেখযোগ্য  আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক তথা জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি-আদৰ্শ আজি এক জন-আন্দোলনত পৰিণত হৈছে৷”


জনসমুদ্ৰত চোৰৰ উপদ্ৰৱ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু পশ্চিম যোৰহাটৰ প্ৰতিবেদকঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন উপলক্ষে আজি এক বিশাল সমদল উলিওৱাৰ লগতে অধিৱেশনস্থলীত লক্ষ লক্ষ জনতাৰ সমাগম হয়৷ কাজেই যোৰহাটৰ পৰা দেৰগাঁৱলৈকে ৭১৫ নং ৰাষ্ট্ৰীয় পথত অভাৱনীয় যান-জঁটৰ সৃষ্টি হয়৷ সৰু-বৰ ব্যক্তিগত বাহনৰ উপৰিও ব্যৱসায়িক বাহনসমূহে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথটো জব্দ কৰি পেলায়৷ অধিৱেশনস্থলীত কাৰ পাৰ্কিঙৰ স্থান পৰ্যাপ্ত নোহোৱাত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বেছি সংক্যক যান-বাহন পাৰ্কিং কৰিব লগা হয়৷ এনেদৰে অধিৱেশনস্থলীৰ দুয়ো দিশে ২-৩ কিল’মিটাৰ দূৰত্বলৈকে যান-বাহনসমূহ পাৰ্কিং কৰিব লগা হয়৷ ইফালে অধিৱেশনৰ পৰা অহা-যোৱা অসংখ্য যান-বাহন চলাচল কৰাৰ লগতে ম’হবন্ধা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথটো লোকে লোকাৰণ্য হোৱাৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হয়৷ যাৰ ফলত যোৰহাট আৰু দেৰগাঁৱৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যান-বাহন চলাচল কৰাটো দুৰ্বিসহ হৈ পৰে৷ যোৰহাটৰ পৰা দেৰগাঁও পৰ্যন্ত প্ৰায় ২৮ কিল’মিটাৰ পথ অতিক্ৰম কৰোঁতে ৫-৬ ঘণ্টাৰো অধিক সময়ৰ প্ৰয়োজন হয়৷ এনে পৰিস্থিতিত যান-বাহনসমূহে যাত্ৰীৰ পৰা অধিক ভাৰা আদায় লোৱা বুলি জানিব পৰা গৈছে৷ 

বহু সংখ্যক বৰ্ষীয়ান লোক অসুস্থঃ  কাহিলী পুৱাতেই শয্যা ত্যাগ কৰি গা-পা ধুই, চুৰিয়া-পাঞ্জাৱী পৰিধান কৰি কান্ধত চেলেং-গামোচা লৈ শ্ৰীমদ্ভাগৱতক সেৱা কৰাৰ উদ্দেশ্যে খালী পেটেৰে বৰ্ষীয়ান ব্যক্তিসকল ৰ’দ, ধূলিময় পৰিৱেশ আদিত ঘণ্টা-ঘণ্টা থিয় হৈ থাকি নাম-কীৰ্তন কৰি হাত চাপৰি, গুৰু বাদ্য আদি বজাই কেইবা কিল’মিটাৰ জোৰা শোভাযাত্ৰাত অংশগ্ৰহণ পাছত বহু কেইজন বৰ্ষীয়ান লোক  অসুস্থ হৈ পৰে৷ অধিৱেশনস্থলীতে থকা অস্থায়ী চিকিৎসা সেৱা কেন্দ্ৰলৈ ১০৮ সেৱাৰ জৰিয়তে সেৱা বাহিনীৰ লোকসকলে কঢ়িয়াই অনাৰ দৃশ্যই বহুতকে ভবাই তোলে৷ স্বাস্থ্য সেৱা সঞ্চালকৰ যোৰহাট কাৰ্যালয়ে দায়িত্ব দিয়া অধিকসংখ্যক চিকিৎসক, চিকিৎসা কৰ্মীয়ে তেওঁলোকক পৰীক্ষা-নিৰীক্ষা কৰাৰ লগতে সেৱা-শুশ্ৰূষা কৰে৷

জনসমুদ্ৰৰ সুযোগ লৈছে চোৰেঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ম’হবন্ধা এৰালতলি অধিৱেশনলৈ যে কেৱল সাত্ত্বিক ভাব লৈ ভকত-বৈষ্ণৱ আৰু শুভাকাংক্ষী লোকৰহে সমাবেশ ঘটিছে তেনে নহয়৷ অধিৱেশনৰ জনসমুদ্ৰৰ সুযোগ গ্ৰহণ কৰি চৌৰ্যবৃত্তিৰে ধন ঘটাৰ বাবেও আহিছে অপৰাধীৰ দল৷ তেনে এগৰাকী মহিলা পকেটমাৰৰ হাতত সৰ্বস্বান্ত হ’ল মনিকা ৰাজবংশী নাৰ গোৱালপাৰাৰ এগৰাকী মহিলা৷ জানিব পৰা মতে মহিলাগৰাকীয়ে কান্ধত এটা বেগসহ অধিৱেশনৰ ভিৰৰ মাজত থকা অৱস্থাতে তেওঁৰ বেগৰ চেইন খুলি পকেটমালে এটা পাৰ্চ চুৰি কৰি নিয়ে৷ পাৰ্চটোত নগদ দহ হাজাৰ টকাৰ উপৰি এটিএম আৰু পান কাৰ্ড আছিল৷ মহিলাগৰাকীয়ে সাংবাদিকক জনোৱা মতে তেওঁৰ পিছত চুলিত ৰং কৰা এজনী ছোৱালী আছিল আৰু তায়েই তেওঁৰ বেগটো খুলি নিয়া বুলি তেওঁ সন্দেহ কৰিছে৷ ইফালে সংঘৰ সেৱাবাহিনীৰ দলে অধিৱেশনৰ প্ৰথম দিনাও দুটা পকেটমাৰক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিছিল৷