Logo
image

দিল্লীতকৈও বায়ু দূষণ বৃদ্ধি গুৱাহাটীত

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৬ মাৰ্চঃ  উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ বাসিন্দাসকলৰ বাবে বিপজ্জনক খবৰ৷ বিশ্বৰ সৰ্বাধিক বায়ু প্ৰদূষিত চহৰৰ তালিকাৰ ৩৯সংখ্যক স্থান লাভ কৰিছে গুৱাহাটীয়ে৷ আনকি গুৱাহাটীৰ বায়ু প্ৰদূষণে পূৰ্বৰ সকলো অভিলেখভংগ কৰি বৃহস্পতিবাৰৰ দিনটোত দেশৰ অন্যতম বায়ু প্ৰদূষিত চহৰ হিচাপে চিহ্নিত হোৱাটো মহানগৰবাসীৰ বাবে ভয়াৱহ খবৰ হিচাপে বিবেচিত হৈছে৷ বৃহস্পতিবাৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটীৰ পিএম ২.৫ৰ গাঢ়তা প্ৰতি ঘনমিটাৰত ৫১ মাইক্ৰ’গ্ৰামৰ পৰা ১৫৩ মাইক্ৰ’গ্ৰামলৈ বৃদ্ধি পাইছে৷ একে সময়চোৱাত দিল্লীত ইয়াৰ মান আছিল ১৩৭৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বায়ুত পিএম ২.৫১ গাঢ়তা ৫-১০ মাইক্ৰ’গ্ৰাম থাকিব লাগে৷ বায়ুমণ্ডলত এ কিউ আইৰ মান ৫০ হ’লে তাক স্বাভাৱিক বুলি কোৱা হয়৷ তাৰ পাছত ১০০১ ভিতৰত থাকিলে সন্তোষজনক, ১০০তকৈ অধিক হলে মানৱদেহৰ বাবে ক্ষতিকাৰক আৰু ১৫০তকৈ অধিক হ’লে তাক বিপদজনক বুলি ধৰা হয়৷ কিন্তু গুৱাহাটীত পিএম ২.৫১ গাঢ়তা ১৫৩ মাইক্ৰ’গ্ৰাম হৈছে৷ অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা বায়ুৰ মানতকৈ গুৱাহাটীৰ পিএম ২.৫১ গাঢ়তা ১০ গুণতকৈও অধিক৷ ইয়ে মহানগৰবাসীৰ বাবে ভয়াৱহ সংকেত কঢ়িয়াই আনিছে৷ তথ্য মতে, গুৱাহাটীৰ  পিএম ২.৫১ গাঢ়তা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে বিগত কেইবামাহ ধৰি বৰষুণ নোহোৱাৰ বাবে বায়ুমণ্ডলত ধূলিৰ আৱৰণৰ সৃষ্টি৷


ইয়াৰ দ্বাৰা বায়ু প্ৰদূষণ ৪০ৰ পৰা ৪৮ শতাংশ,  ডিজেল, পেট্ৰ’ল তথা জীৱাশ্ম ইন্ধনৰ দ্বাৰা পৰিচালিত যান-বাহনৰ দ্বাৰা ১২ শতাংশ, উৰণীয়া সেতুকে ধৰি চলি থকা বিভিন্ন নিৰ্মাণকাৰ্যৰ বাবে ২০ শতাংশ, উদ্যোগ আদি প্ৰতিষ্ঠানৰ ১০ শতাংশ, উন্নয়নৰ নামত চলি থকা কামে ১০ শতাংশ প্ৰদূষণ সৃষ্টিত অৰিহণা যোগাইছে৷ গুৱাহাটীত প্ৰতিদিনে যান-বাহনৰ সংখ্যা বৃদ্ধি হৈ থকাই নহয়, চহৰখনৰ প্ৰায়বোৰ পথতেই প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হয়৷ ইয়াৰ বাবে যান-বাহনৰ পৰা নিৰ্গত হয় মাত্ৰাধিক কাৰ্বন৷ এই বৰ্ধিত কাৰ্বনৰ মাত্ৰা বায়ুমণ্ডলত ভিৰ কৰাত বায়ুমণ্ডল প্ৰদূষিত হৈ পৰিছে৷ ইয়াৰ উপৰি জীৱাশ্ম ইন্ধনৰ দ্বাৰা পৰিচালিত কল-কাৰখানাও আছে৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সূত্ৰই সদৰি কৰা অনুসৰি ২০২৩ চনৰে পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বিশাল বিশাল আন্তঃগাঁথনি প্ৰকল্পৰ নিৰ্মাণ চলিছে৷ ইয়ে বায়ুমণ্ডলত কাৰ্বনৰ মাত্ৰা বৃদ্ধি কৰাত অৰিহণা যোগাইছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বায়ুমণ্ডল প্ৰদূষিত হৈছে৷ বিভিন্ন সংস্থাৰ আই কিউ এয়াৰৰ প্ৰতিবেদনত ৰাজধানী চহৰ গুৱাহাটীৰ বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধিয়ে বাসিন্দাসকলৰ স্বাস্থ্যৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ এক কথাত ক’বলৈ হ’লে গুৱাহাটীত বায়ু প্ৰদূষণে সম্প্ৰতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ইফালে গুৱাহাটীৰ পৰা কিছু নিলগত থকা মেঘালয়ৰ অন্যতম উদ্যোগিক চহৰ বৰ্ণিহাটৰ বায়ু প্ৰদূষণে সম্প্ৰতি ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ যিটো কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদকো উদ্বিগ্ন কৰি তুলিছে৷ লক্ষণীয় কথা এয়ে যে দিল্লীতকৈ গুৱাহাটীৰ বায়ুমণ্ডল অধিক প্ৰদূষিত হোৱাৰ পাছত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বাদেই অসমৰ সংবাদ মাধ্যমতো বিষয়টো বিশেষ চৰ্চা হোৱা নাই৷ অথচ ইয়াৰ বিপৰীতে গুৱাহাটীৰ কিছু নিলগত থকা মেঘালয়ৰ বৰ্ণিহাটৰ প্ৰদূষণৰ বিষয়টোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে৷ আনকি মেঘালয়ৰ সংবাদ মাধ্যমতো প্ৰায়ে বৰ্ণিহাটৰ প্ৰদূষণৰ বিষয়টো চৰ্চা হৈ আহিছে৷