Logo
image

যু*দ্ধবিমান এফ-৩৫ উৰুওৱাৰ পূৰ্বে ভাৰতে ‘অ’টিপি’ ল’ব লাগিব আমেৰিকাৰ পৰা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ মাৰ্চঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া দুৰ্দান্ত সফল আমেৰিকা ভ্ৰমণত ভাৰতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা পোৱা ‘সৰ্বোত্তম উপহাৰ’ এফ-৩৫ যুদ্ধ বিমান কণা হাঁহক দিয়া পতান নেকিঞ্জ ‘ফিফ্‌থ জেনেৰেচন’ যুদ্ধ বিমানখন ভাৰতীয় উপ-মহাদেশৰ বাবে ‘গেম চেঞ্জাৰ’ বুলি বৰ্ণনা কৰা হ’লেও জেট বিমানখনৰ পৰিচালনাৰ ছাবি-কাঠি সদায় আমেৰিকাৰ হাতত থকাৰ কথাই সমৰ বিশেষজ্ঞক তেতিয়াই সন্দিহান কৰি তুলিছিল৷ কিয়নো পেণ্টাগনৰ ক’ড বা সহজ ভাষাত ‘অ’টিপি’ নাপালে এফ-৩৫ জেটৰ পাখি এখনো লৰচৰ নকৰে৷ শনিবাৰে এফ-৩৫ যুদ্ধবিমান ক্ৰয়ক ঘৰলৈ ফ্ৰীজ-ৱাশ্বিং মেচিন ক্ৰয় কৰি অনাৰ দৰে বিষয় নহয় বুলি স্বয়ং দেশৰ বায়ুসেনাবাহিনীৰ মুৰব্বী এয়াৰ চিফ মাশ্বৰ্াল অমৰপ্ৰীত সিঙে কোৱাৰ দৰে ট্ৰাম্পৰ মোদীলৈ আগবঢ়োৱা ‘বিগেষ্ট প্ৰাইজ’টোক লৈ সমৰ বিশাৰদে প্ৰকাশ কৰা সন্দেহ সাধাৰণ লোকৰ মাজলৈও বাগৰিছে৷ এয়াৰ চিফ মাৰ্শ্বাল এপি সিঙে এফ-৩৫ৰ ভাৰতীয় বায়ু সেনা বাহিনীত গ্ৰহণযোগ্যতা সন্দৰ্ভত ‘ইণ্ডিয়া টুডে’ৰ সমাৱৰ্তনত কয়– ‘এফ-৩৫ ফ্ৰীজ বা ৱাশ্বিং মেচিন ক্ৰয় কৰাৰ দৰে কিনি আনিব নোৱাৰি৷ তাৰ পূৰ্বে বহু দিশ বিবেচনা কৰিব লাগিব৷ সন্দেহ নাই, ভাৰতীয় বায়ুসেনা বাহিনীক শক্তিশালী কৰিবলৈ হ’লে পঞ্চম প্ৰজন্মৰ জেট যুদ্ধবিমানৰ প্ৰয়োজন আছে৷ কিন্তু এফ-৩৫ ষ্টিলথ ফাইটাৰ জেটখনেই যে আমাৰ বাবে উপযুক্ত হ’ব, সেয়া এনেদৰে উপৰুৱাকৈ কৈ দিব নোৱাৰি৷ ক্ৰয়ৰ সিদ্ধান্তৰ পূৰ্বে বায়ুসেনা বাহিনীয়ে ইয়াৰ কাৰিকৰী গ্ৰহণযোগ্যতা আৰু সক্ষমতা বিশে¡ষণ কৰিব৷ তদুপৰি ব্যয়ৰ কথাও আছে৷ একোখন এফ-৩৫ ৰ দাম ভাৰতীয় মুদ্ৰাত ৬৭০ কোটি টকা৷ আনহাতে, এতিয়াও আমেৰিকাই ভাৰতক আনুষ্ঠানিকভাৱে এফ-৩৫ জেট ক্ৰয়ৰ বাবে প্ৰস্তাৱ দিয়া নাই৷’ 

ভাৰতীয় বায়ুসেনা বাহিনীৰ মুৰব্বী, এয়াৰ চিফ মাৰ্শ্বাল অমৰপ্ৰীত সিঙে মাৰ্কিন যুদ্ধবিমান এফ-৩৫ ক্ৰয় সন্দৰ্ভত ৰাজহুৱাভাৱে এই মন্তব্য কৰাৰ লগে লগে নতুন দিল্লীয়ে বৰ্ণনা কৰা মোদীৰ আমেৰিকা ভ্ৰমণৰ ‘বিগেষ্ট প্ৰাইজ’ক লৈ বিৰূপ চৰ্চা আৰম্ভ হৈছে৷ কিয়নো প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণত ভাৰতৰ বৃহত্তম লাভ হিচাপে চিহ্নিত কৰা হৈছিল এফ-৩৫ যুদ্ধবিমান৷ কোৱা হৈছিল, মাৰ্কিন এফ-৩৫ যুদ্ধবিমানে ভাৰতীয় উপ-মহাদেশৰ আকাশৰ পৰিস্থিতি সলনি কৰি পেলাব৷ উপ-মহাদেশৰ আকাশ নিয়ন্ত্ৰণ কৰিব ভাৰতীয় বায়ুসেনা বাহিনীয়ে৷ পিছে এফ-৩৫ক লৈ যিমান ঢাকঢোল বজোৱ হৈছে, প্ৰকৃততে সেয়া নহয় নেকি? এয়া কি ভাৰতক ড’নাল্ড ট্ৰাম্পৰ কনা হাঁহক পতান দিয়াৰ দৰে ঘটনা? এয়াৰ চিফ মাশ্বৰ্ালে বিশদভাৱে এই সন্দৰ্ভত নক’লেও তেওঁৰ বক্তব্যই তেনে ধাৰণাকে জন্ম দিছে৷ তেওঁ কয়– ‘সম্প্ৰতি চীনে ষষ্ঠ প্ৰজন্মৰ যুদ্ধবিমান নিৰ্মাণ কৰি পৰীক্ষা চলাই আছে৷ এনে পৰিস্থিতিত আমি ২০৩৫ত পঞ্চম প্ৰজন্মৰ জেট যুদ্ধবিমান পালে কি লাভ হ’ব?’ চীনে ‘ছিক্সথ জেনেৰেচন’ যুদ্ধবিমান প্ৰদৰ্শন কৰাৰ পাছত মাৰ্কিন এফ-৩৫ৰ ভাৰতীয় বায়ুসেনা বাহিনীয়ে উপ-মহাদেশৰ আকাশ শাসন কৰিব বুলি হাস্যকৰ কথা যেনেই অনুভৱ হৈছে৷ অন্ততঃ এয়াৰ চিফ মাশ্বৰ্ালৰ বক্তব্যত তাৰেই ইংগিত আছে৷


কেৱল সেয়াই নহয়, আক্ষৰিক অৰ্থতে আমেৰিকাৰ সশস্ত্ৰ বাহিনীৰ মুখ্য কাৰ্যালয় পেণ্টাগনৰ পৰা দৈনিক ক’ড নাপালে এফ-৩৫ যুদ্ধ বিমান ভাৰতৰ মাটিত থাকিলেও উৰুও ৱাটো সম্ভৱ নহয়৷ সেই ক’ড আমি বহুক্ষেত্ৰত ব্যৱহাৰ কৰা ‘ৱান টাইম পাছৱৰ্ড’ বা অ’টিপিৰ দৰে৷ কাৰোবাক আক্ৰমণ কৰিবলৈ চো-মাৰি উৰাই নিয়া দূৰৰে কথা এফ-৩৫ৰ, ‘ছৰ্টি’ বা দৈনন্দিন অনুশীলনৰ বাবেও ক’ড লোৱাৰ প্ৰয়োজন হ’ব৷ পেণ্টাগনে ক’ড নিদিয়ালৈকে এফ-৩৫ৰ পাখি এখনো লৰচৰ নকৰিব৷ ইয়াৰ অন্যাৰ্থ এয়াই যে, ভাৰতৰ হাতত পঞ্চম প্ৰজন্মৰ যুদ্ধবিমান থাকিলেও তাৰ পৰিচালনা-ব্যৱহাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব আমেৰিকাৰ হাতত৷ যুদ্ধকালীন পৰিস্থিতিত যদি ভাৰতে কোনোসময়ত এফ-৩৫ জেটেৰে পাকিস্তানক আক্ৰমণ  কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হয় আৰু যদি ভাৰতৰ সেই ইচ্ছাত আমেৰিকাৰ সন্মতি নাথাকে; তেন্তে এফ-৩৫ হাতত থাকিও ‘হেংগাৰ’তে সোমাই থাকিব৷ আমেৰিকাৰ মিত্ৰ দেশৰ বিপক্ষে ভাৰতে এফ-৩৫ ব্যৱহাৰ কৰা দূৰ-অস্ত৷ আনদেশক বিক্ৰী কৰিলেও এফ-৩৫১ ছফ্‌টৱেৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ সদায় থাকে পেণ্টাগনৰ হাতত৷ লকহিড মাৰ্টিন কোম্পানীয়ে সেই ছফ্‌টৱেৰৰ নিয়ন্ত্ৰণ পেণ্টাগনৰ বাহিৰে আন কাৰো হাতত দিয়াৰ নজিৰ নাই৷ সেয়ে এয়াৰ চিফ মাৰ্শ্বালৰ শনিবাৰৰ বক্তব্যৰ পাছত এফ-৩৫ ক্ৰয়ৰ উপযোগিতা আৰু লাভালাভক লৈ দেশত চৰ্চা আৰম্ভ হৈছে৷