অস্বস্তিত নিৰ্বাচন আয়োগ ! তিনি মাহৰ ভিতৰতে ইউনিক এপিক নাম্বাৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ মাৰ্চঃ দীৰ্ঘদিন ধৰি অব্যাহত থকা অভিযোগৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি অস্বস্তিৰ সন্মুখীন হৈছে নিৰ্বাচন আয়োগ৷ এয়া যেন উপৰ্যুপৰি বিপদ, অন্যাৰ্থত ‘ডাবল ট্ৰাবল’৷ দেশৰ বিভিন্ন ভোটাৰৰ পৰিচয় পত্ৰ অথবা ‘এপিক’ নম্বৰ একে হোৱাৰ বাবে সমালোচিত হৈ আছিল নিৰ্বাচন আয়োগ৷ শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক ‘এপিক’ নম্বৰৰ জৰিয়তে ‘অশৰীৰি’ ভোটাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ অভিযোগ ক্ৰমাৎ গুৰুতৰ হৈ অহাৰ সময়ত এক সন্দেহৰ বাতাবৰণৰ মাজতে ‘এপিক’ নম্বৰ বিতৰ্কৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ল নিৰ্বাচন আয়োগ৷ শুকুৰবাৰে নিৰ্বাচন আয়োগে বাধ্য হৈ ঘোষণা কৰিলে, এতিয়াৰ পৰা দেশৰ ভোটাৰৰ পৰিচয়ৰ ক্ষেত্ৰত একে ‘এপিক’ নম্বৰ ভিন ভিন ভোটাৰৰ ক্ষেত্ৰত নাথাকিব৷ ইয়াৰ পৰিৱৰ্তে প্ৰত্যেক ভোটাৰৰ বাবে ‘ইউনিক এপিক’ নম্বৰ অৰ্থাৎ পৃথক বা একক নম্বৰৰ ব্যৱস্থা কৰিব নিৰ্বাচন আয়োগে৷ অহা ৩ মাহৰ ভিতৰতে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত প্ৰাথমিক কাম-কাজ আৰম্ভ কৰিব৷ এই পদক্ষেপৰ বিষয়ে ঘোষণা কৰিয়েই পুনৰ আন এক বিপদ অথবা ততোধিক গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে নিৰ্বাচন আয়োগ৷ কিয়নো তাৎক্ষণিকভাৱে তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দলে হুলস্থূল আৰম্ভ কৰি দিছে যে, তেওঁলোকে উত্থাপন কৰা অভিযোগ সত্য আছিল৷ অৰ্থাৎ একেটা ‘এপিক’ নম্বৰ ব্যৱহাৰৰ জৰিয়তে দেশত অনেক ‘ভৌতিক’ বা ‘অশৰীৰি’ ভোটাৰ সৃষ্টি কৰা হৈছিল৷ তৃণমূল কংগ্ৰেছ আৰু বিৰোধী দলৰ অভিযোগ সত্য আছিল বুলি দেশজুৰি দাবী আৰম্ভ হৈ গৈছে৷ তাৎক্ষণিকভাৱে সৃষ্টি হোৱা অভিযোগত ‘ডাবল ট্ৰাবল’ৰ সন্মুখীন হৈছে নিৰ্বাচন আয়োগ৷ সেয়ে নিৰ্বাচন আয়োগে লগে লগে পুনৰ স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে৷ নিৰ্বাচন আয়োগে জনাইছে, ভিন ভিন ৰাজ্যত থকা ভোটাৰৰ ‘এপিক’ নম্বৰ একে হ’লেও তেওঁলোক পৃথক পৃথক ভোটাৰ, তেওঁলোকৰ প্ৰত্যেকৰে একক কায়িক অস্তিত্ব আছে, ভৌতিক নহয়৷ নিৰ্দিষ্ট সমষ্টিত প্ৰত্যেকৰে ভোটাৰ তালিকাত নামসহ নম্বৰ অন্তৰ্ভুক্ত আছে৷ সেয়ে নম্বৰ একে হ’লেও য’তে ত’তে তেওঁলোকে ভোটদান কৰিব নোৱাৰে৷ একেটা ‘এপিক’ নম্বৰ সৃষ্টি হৈছে ভোটাৰৰ নাম ‘মেনুৱেলী’ অন্তৰ্ভুক্ত কৰাৰ বাবে আৰু ঠায়ে ঠায়ে বিকেন্দ্ৰীভূতভাৱে তালিকাভুক্ত কৰাৰ ফলত৷ একে ‘এপিক’ নম্বৰ থকাৰ অৰ্থ দেশৰ কোনো ভোটাৰ ‘ডুপ্লিকেট’ বা ভৌতিক নহয়৷
নিৰ্বাচন আয়োগে দিয়া স্পষ্টীকৰণ এইবাৰ ৰাজ্যিক নিৰ্বাচনী বিভাগেও পুনৰ জনাবলগীয়া হৈছে৷ এই সংক্ৰান্তত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচন আয়োগৰ প্ৰতি সন্দেহৰ আঙুলি উঠাত ৰাজ্যিক নিৰ্বাচনী বিভাগে এক বিবৃতিৰ জৰিয়তে বিষয়টো স্পষ্ট কৰি দিছে৷ তেওঁলোকে জনোৱা অনুসৰি দীৰ্ঘদিনৰ পৰাই নিৰ্বাচন আয়োগে ‘ইউনিক এপিক’ নম্বৰৰ ব্যৱস্থা কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছিল৷ বিভিন্ন ৰাজনৈতিক দলে কৰা অভিযোগৰ বাবে আয়োগে তাৎক্ষণিকভাৱে এই সিদ্ধান্ত লোৱা নাই৷ আয়োগে অহা তিনি মাহৰ ভিতৰত এই পদক্ষেপ আৰম্ভ কৰিব৷






