শিক্ষক বদলিৰ সময়সীমা হ্ৰাস
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ নৱেম্বৰঃ দুৰ্গম আৰু চৰ অঞ্চলত চাকৰি কৰা শিক্ষকৰ বাবে ভাল খবৰ৷ বদলিৰ বাবে শিক্ষা বিষয়াৰ কাৰ্যালয়ে কাৰ্যালয়ে তাঁত-বাতি কাঢ়ি অহা শিক্ষকে চৰ্ত পূৰণ কৰিলেই এতিয়াৰে পৰা বদলিৰ সুবিধা লাভ কৰিব পাৰিব৷ পূৰ্বে ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ বদলিৰ বাবে ১০ বছৰৰ ধাৰাবাহিক চাকৰি কৰি অহাৰ সময়সীমাৰ চৰ্ত পূৰণ কৰিব লাগিছিল৷ কিন্তু এতিয়া শিক্ষকৰ বদলিৰ বাবে পূৰ্বৰ ১০ বছৰৰ সময়সীমা হ্ৰাস কৰা হৈছে৷ বুধবাৰে ৰাজ্য চৰকাৰে শিক্ষকৰ বদলিক লৈ বিধানসভাত দাখিল কৰে এখন সংশোধনী বিধেয়ক৷ অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক [নিয়োগ আৰু বদলি নীতি] সংশোধনী বিধেয়ক-২০২৫ অনুসৰি বাংলাদেশ সীমান্তৱৰ্তী ভিতৰুৱা আৰু দুৰ্গম অঞ্চলত বিশেষকৈ ধুবুৰী, দক্ষিণ শালমাৰা আৰু চৰ অঞ্চলত কৰ্মৰত পুৰুষ শিক্ষকে ৭ বছৰ আৰু মহিলা শিক্ষকে ৫ বছৰ ধাৰাবাহিকভাৱে শিক্ষকতা কৰি থকাৰ চৰ্ত পূৰণ কৰিলেই বদলিৰ বাবে আবেদন কৰিব পাৰিব৷
পূৰ্বে উক্ত আইন অনুসৰি এনে শিক্ষকৰ বদলিৰ বাবে চাকৰিত কৰ্মৰত সময় ১০ বছৰ ধাৰ্য কৰা হৈছিল যদিও এতিয়া সেই সময়সীমা মহিলাৰ ক্ষেত্ৰত ৫বছৰ আৰু পুৰুষৰ ক্ষেত্ৰত জ্জ বছৰলৈ হ্ৰাস কৰা হৈছে৷ এই বিধেয়কে স্বাভাৱিকতেই দুৰ্গম অঞ্চলত সেৱা আগবঢ়াই অহা শিক্ষকৰ মুখলৈ হাঁহি আনি দিছে যদিও বিপৰীতে ভিতৰুৱা তথা দুৰ্গম এনে অঞ্চলৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো দুৰ্গম তথা চৰ অঞ্চলত যদি কোনোৱে শিক্ষকতাৰ সেৱা আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ নকৰে, তেনেহ’লে সেই অঞ্চলসমূহৰ শিক্ষাৰ্থীয়ে জ্ঞানৰ পোহৰ লাভ কৰিব কেনেকৈ বুলিও প্ৰশ্ন উঠিছে৷ বুধবাৰে বিধানসভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই সংশোধনী বিধেয়কখন উত্থাপন কৰে৷ চলিত শীতকালীন অধিৱেশনতে এই বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে৷






