Logo
image

৮ ডিচেম্বৰত প’ষ্ট মেলনৰ কনচাৰ্ট, পাছদিনাহে জুবিন-মৃত্যুৰ চাৰ্জশ্বীট!

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ অসমৰ পৰ্যটন উদ্যোগত পোন প্ৰথমবাৰৰ বাবে সংযোগ হ’ল কনচাৰ্ট পৰ্যটন৷ বিশ্ব বিখ্যাত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টেৰে সংগীত পৰ্যটনৰ ক্ষেত্ৰখনত প্ৰথমটো খোজ দিবলৈ সাজু হৈছে অসমে৷ অহা ৮ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সংগীতানুষ্ঠান পৰিৱেশন কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ৰেপাৰ প’ষ্ট মেলনে৷ ২০২২ চনত ভাৰতত প্ৰথমবাৰৰ বাবে মুম্বাইত অনুষ্ঠান পৰিৱেশন কৰা প’ষ্ট মেলনে তেওঁৰ বিশ্ববিখ্যাত ‘Big Ass World Tour’ৰ অধীনত এইবাৰ গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে৷ কিন্তু ৮ ডিচেম্বৰৰ প’ষ্ট মেলনৰ কনচাৰ্টক লৈ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো আমেৰিকান ৰেপাৰজনৰ কনচাৰ্টৰ দিনটোতে অৰ্থাৎ ৮ ডিচেম্বৰত অসমীয়াৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ ‘হত্যাকাণ্ড’ৰ অভিযোগনামা দাখিল কৰাৰ কথা আছিল অসম আৰক্ষীৰ এছ আই টিয়ে৷ ৮ ডিচেম্বৰত জুবিনৰ মৃত্যুৰ ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰা হ’ব বুলি ইতিপূৰ্বে অসম বিধানসভাৰ মজিয়াত ঘোষণা কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অভিযোগনামা দাখিল হোৱাৰ লগে লগে ৰাজ্যবাসীয়ে জুবিন ‘হত্যা’ৰ কাহিনী জানি মনোকষ্ট পাব বুলিও ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে৷

অসমীয়া জাতিৰ আৱেগ জুবিন গাৰ্গ কিদৰে ছিংগাপুৰত মৃত্যুমুখত পৰিছিল, সেই কথা জনাৰ বাবে আজিও ৰাজ্যবাসী উদগ্ৰীৱ হৈ আছে৷ জুবিনক ন্যায় প্ৰদানৰ দাবীত প্ৰতিদিনেই হাজাৰ হাজাৰ অনুৰাগীয়ে সোণাপুৰৰ সমাধিক্ষেত্ৰত দিনে-নিশাই চাকি-বন্তি জ্বলাই ‘মায়াৱিনী ৰাতি’ গোৱা পৰিলক্ষিত হৈছে৷ অসমীয়াৰ প্ৰাণৰ শিল্পীজনৰ ‘হত্যা’ৰ অভিযোগনামা দাখিল কৰিবলগীয়া দিনটোতে খানাপাৰা খেলপথাৰত এজন পপষ্টাৰৰ কনচাৰ্ট পতাক লৈ একাংশ অনুৰাগীয়ে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে৷ শিল্পীজনৰ মৃত্যুক লৈ ৰহস্য অব্যাহত থকাৰ মাজতে কিয় আমেৰিকান পপষ্টাৰৰ কনচাৰ্ট পাতিবলগীয়া হ’ল বুলিও প্ৰশ্ন কৰিছে একাংশই৷ অৱশ্যে, একাংশ জুবিন অনুৰাগীয়ে প’ষ্ট মেলনৰ কনচাৰ্টক লৈ আপত্তি দৰ্শালেও আন একাংশ জুবিন অনুৰাগীয়ে আকৌ প’ষ্ট মেলনৰ কনচাৰ্টক আদৰণি জনাইছে৷ সংগীতক ভালপোৱা, শিল্পীক শ্ৰদ্ধা জনোৱা অসমত বিশ্ববিখ্যাত গায়কৰ কনচাৰ্ট অনুষ্ঠিত হোৱাটো কেনেকৈ বেয়া হ’ব পাৰে বুলিও প্ৰশ্ন কৰা দেখা গৈছে একাংশ জুবিন অনুৰাগীয়ে৷ এইসকল অনুৰাগীৰ যুক্তি– ‘জেন-জি’ৰ মাজত অতিকে জনপ্ৰিয় আমেৰিকান ৰেপাৰ পষ্ট মেলনৰ কনচাৰ্টৰ বাবে অতি কমেও এবছৰ আগতেই যোগাযোগ কৰি দিন চূড়ান্ত কৰিব লাগে৷ মেলনৰ শ্ব’ৰ টিকট পোৱাটোও ইমান সহজ নহয়৷ কিয়নো শিল্পীজনৰ কোটি কোটি অনুৰাগী আছে৷


২০২২ চনত মুম্বাইত অনুষ্ঠান পৰিৱেশনৰ পাছত ভাৰতত দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত কনচাৰ্টৰ বাবে সন্মতি দিছে প’ষ্ট মেলনে৷ ২১ শতিকাৰ বিশ্বৰ শীৰ্ষ সংগীত শিল্পীৰ চতুৰ্থ স্থানত থকা প’ষ্ট মেলনৰ গুৱাহাটীৰ কনচাৰ্ট ‘জুবিন দেশৰ বাবে গৌৰৱ কথা’ বুলিও সেই অনুৰাগীসকলে যুক্তি দিছে৷ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ জীয়াই থকা হ’লে তেওঁ প’ষ্ট মেলনৰ কনচাৰ্ট উপভোগ কৰিলহেতেঁন বুলিও তেওঁলোকে কৈছে৷ ইফালে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা ১০ ডিচেম্বৰৰ ভিতৰত কোনো এটা দিনত এছ আই টিয়ে দাখিল কৰিব৷ কোনদিনা অভিযোগনামা দাখিল কৰিব, সেয়া এছ আই টিয়ে চূড়ান্ত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷

অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ অভিযোগনামা পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টৰ দিনটোত অৰ্থাৎ ৮ ডিচেম্বৰত যে এছ আই টিয়ে দাখিল নকৰে, সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে৷ মেলনৰ কনচাৰ্টৰ পাছদিনা অৰ্থাৎ ৯ ডিচেম্বৰত চাৰ্জশ্বীট দাখিলৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷ কিয়নো ১০ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং৷ ৰাজনাথ সিঙৰ অসম ভ্ৰমণৰ বাবে গৃহ বিভাগে এছ আই টিক ১০ ডিচেম্বৰত চাৰ্জশ্বীট দাখিল কৰিবলৈ অনুমতি নিদিয়াৰ সম্ভাৱনাই অধিক৷ প’ষ্ট মেলনৰ গুৱাহাটীৰ এই শ্ব’টো অসম চৰকাৰৰ সহযোগত বুক মাই শ্ব’ লাইভৰ দ্বাৰা আয়োজন কৰা হৈছে৷ অসম চৰকাৰৰ কনচাৰ্ট টুৰিজিম পলিচীৰ অধীনত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ অনুষ্ঠান আয়োজন কৰা হৈছে৷ প’ষ্ট মেলনৰ কনচাৰ্টৰ জৰিয়তে অসমলৈ সমগ্ৰ ভাৰতৰ পৰ্যটক আহিব বুলিও আশা ব্যক্ত কৰিছে ৰাজ্যৰ পৰ্যটন বিভাগে৷