Logo
image

নিমিলা অংক! অখিলৰ খৰখেদা, গৌৰৱ নিৰ্লিপ্ত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰীঃ  অখিল গগৈ তথা ৰাইজৰ দলে যিমানেই আসন বুজাবুজিৰ নতুন নতুন ডেডলাইন দি কংগ্ৰেছৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে, সিমানেই অখিল গগৈৰে দূৰত্ব বৃদ্ধি কৰি একপ্ৰকাৰে নিলিপ্ত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ৷ উল্লেখ্য, শুকুৰবাৰে ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা ভাস্কো ডি শইকীয়া আৰু দিলীপ বৰাই এক সংবাদ মেলৰ  আয়োজন কৰি ৩১ জানুৱাৰীৰ ভিতৰত কংগ্ৰেছক ২০ খন আসন এৰি দিবলৈ চৰমসীমা বান্ধি দিছিল৷ নেতাদ্বয়ে অন্যথা ৪০টা বিধানসভা সমষ্টিত ৰাইজৰ দলে নিজাকৈ প্ৰাৰ্থী দিব বুলিও হুমুকি দিছিল৷ পিছে অখিল গগৈৰ ৰাইজৰ দলৰ এই হুমুকিৰ প্ৰতি তিলমাত্ৰও গুৰুত্ব দিয়া নাই গৌৰৱ গগৈয়ে৷ ৰাইজৰ দলৰ ডেডলাইন সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়– ‘মই আমাৰ বিৰোধী দলৰ সতীৰ্থসকলক কৈছোঁ– তেওঁলোকে বিজেপি তথা তেওঁলোকৰ মিত্ৰ দলৰ পৰিস্থিতি চাই আনন্দ লওক৷ মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ ৰাজনৈতিক বিৰোধীসকলেনো কিমান আগবাঢ়ি গৈছে৷ গোৱালপাৰাত ৰাভা যৌথ মঞ্চৰ কোনে টিকট পাব নিশ্চিত হোৱা নাই৷ বিটিচিতো অসমৰ ভাগ-বটোৱাৰা হোৱা নাই৷ উজনি-উত্তৰ অসমত ক’ত এজেপিয়ে খেলিব, ক’ত বিজেপিয়ে খেলিব নিশ্চিত হোৱা নাই৷ বিজেপিত এতিয়া তিনিটা শিবিৰ৷ সৰ্বানন্দ সোণোৱাল শিবিৰ, হিমন্ত বিশ্ব সৰ্মা শিবিৰ আৰু দিলীপ শইকীয়া শিবিৰ৷ হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰত স্থান পাবলৈ সৰ্বানন্দ সোণোৱালক গালি পাৰিব লাগিব৷ এইবোৰকে চাই আমাৰ মিত্ৰসকলেও আনন্দ লওঁকচোন৷’ ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে অখিলৰ ডেডলাইন সন্দৰ্ভত কয়– কংগ্ৰেছ দলে অত্যন্ত সংবেদনশীলতাৰে সকলো চালিজাৰি চাইহে সিদ্ধান্ত ল’ব৷ অখিল গগৈয়ে কিবা এটা ডেডলাইন দিলে কংগ্ৰেছে পটককৈ কিবা এটা কৰি দিব নোৱাৰে৷ অখিল গগৈয়ে এককভাৱেই বহুত কাম কৰি আছে, তেওঁ তাৰিখো আগতে কেইবাবাৰো দিছে৷ ৩১ জানুৱাৰীৰ ভিতৰতে যে মিত্ৰতা চূড়ান্ত হ’ব ইয়াৰ গেৰাণ্টি কংগ্ৰেছ দলে তেওঁক দিয়া নাই৷’ অৱশ্যে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়াৰ পিছতো পিছ হুহুকা নাই অখিল গগৈ৷ তেওঁ কয় যে ৩১ জানুৱাৰীৰ ভিতৰত অসমৰ ভাগ-বটোৱাৰা নহ’লে বিজেপিক পৰাভূত কৰাটো অসম্ভৱ হৈ পৰিব৷ অখিল গগৈয়ে কয়– কংগ্ৰেছ দলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাইছো৷ ৩১ জানুৱাৰীৰ ভিতৰত কৰি দিবলৈ চেষ্টা কৰক৷ সোনকালে আসন ঘোষণা কৰি দিলে আমাৰ কাজিয়া-পেছাল বিলাক সাত ফেব্ৰুৱাৰীৰ আগতে শেষ হৈ যাব৷ ফেব্ৰুৱাৰীৰ আঠ তাৰিখ মানৰ পৰা আমি ঐক্যবদ্ধভাৱে কেম্পেইন কৰিব পাৰিম৷’ কাজেই অখিল আৰু কংগ্ৰেছৰ মিত্ৰতা এতিয়া নিমিলা অংকত পৰিণত হৈছে৷

গৰু ছিণ্ডিকেট চলোৱা মানুহো মন্ত্ৰী হৈছে অসমতঃ গৌৰৱ

‘আমাৰ অসম’ৰ ৰঙিয়াৰ বিশেষ প্ৰতিবেদকঃ  বক্তৃতা দিয়া সময় শেষ, কামেৰে নিৰ্বাচন জিকাৰ দায়িত্ব আৰম্ভ৷ অসমৰ ৰাইজে কংগ্ৰেছ দলক ভোট দি জিকাবলৈ প্ৰস্তুত৷ নিৰ্বাচনী ৰণত জয়ী কৰাৰ দায়িত্ব সৰ্বস্তৰৰ দলীয় কৰ্মীয়ে ল’ব লাগিব৷ কিয়নো কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰ কোনো নেতা নহয়, সাধাৰণ বুথৰ কৰ্মীহে৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ৷ আজি ৰঙিয়াৰ মৰাণজানা হাতীখলা পথাৰত অনুষ্ঠিত বিশাল সভাত অংশগ্ৰহণ কৰি গগৈয়ে কোন হয় হিমন্ত বিশ্ব শৰ্মা বুলি প্ৰশ্ন উত্থাপন কৰে৷ পিতৃ তৰুণ গগৈৰ উদ্ধৃতিৰে হু ইজ বদৰুদ্দিন আজমলৰ পৰিৱৰ্তে অসমৰ ৰাইজে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক’ব লাগিব বুলিও ভাষণ প্ৰসঙ্গত দোহাৰে গগৈয়ে৷ ৰাজ্যত কংগ্ৰেছ দলৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাই আকৌ কংগ্ৰেছলৈ আহিব বিচাৰিব যদিও তেওঁক ভৱিষ্যতে কেতিয়াও কংগ্ৰেছ দলত লোৱা নহ’ব বুলি ঘোষণা কৰি পুনৰ মুখ্যমন্ত্ৰীক চোকা সমালোচনা কৰি কয় যে আদানিক বিঘাই বিঘাই মাটি দিছে৷ হাইৱেৰ অৱস্থা বেয়া যদিও টোলগেটৰ মাচুল বৃদ্ধিৰে দুখীয়াক হাৰাহাস্তি কৰি আহিছে বৰ্তমানৰ চৰকাৰে৷ হিন্দু ধৰ্মৰ নামত ৰাজনীতি কৰি গৰুৰ ছিণ্ডিকেট চলোৱা লোকক মন্ত্ৰী বনোৱাৰ অভিযোগ তুলি মাটি, জাতি আৰু গৰু বচোৱাৰ বাবে আহ্বান জনাই গগৈয়ে কয় যে বিজেপি আহিলে আমাৰ হাতত মাটি নাথাকিব৷ আদানি, পতঞ্জলি, মন্ত্ৰীৰ হাতলৈ যাব৷ মাটি চোৰ, ভোট চোৰ, গৰু চোৰ বিজেপি৷ নল আছে জল নাই বুলি দোহাৰি বিধানসভা নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে হাতত হাত ধৰো, নতুন বৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংসদ গৌৰৱ গগৈয়ে৷ কামৰূপ গ্ৰাম্য, মেট্ৰ’, ওদালগুৰি তামুলপুৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত সভাত ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী তথা অসমৰ নিৰ্বাচনী পৰ্যবেক্ষক বন্ধু কীৰ্তি, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক মনোজ চৌহান, সাংসদ ৰকিবুল হুছেইন, প্ৰদু্যৎ বৰদলৈ, চেলেং চাংমা উপস্থিত থাকি ভাষণ ৰাখে৷ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ভাষণেৰে আৰম্ভ কৰা সভাত প্ৰাক্তন সভাপতি ৰিপুন বৰা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, দিগন্ত বৰ্মন, বিধায়িকা নন্দিতা দাস, শিৱামণি বৰাকে ধৰি জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে৷ কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰাণজিৎ চৌধুৰীয়ে আঁত ধৰা সভাত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰশান্ত কুমাৰ মহন্ত প্ৰমুখ্যে আন কেইবাজনো দলীয় নেতা তথা সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে৷ সভাৰ প্ৰাক্‌ক্ষণত উষ্ম আদৰণি গ্ৰহণৰে সভাস্থলীত উপস্থিত হৈ সভাপতি গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷


ভুৱা অভিযোগ দিয়াসকল বিজেপিৰ এজেণ্টঃ  কংগ্ৰেছ

‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধিঃ ৰাজ্যৰ নিৰ্বাচন আয়োগৰ দ্বাৰা ২০২৬ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত অসমত বিশেষ সংশোধনীৰ [ এছ আৰ] যি ব্যৱস্থা কৰা হৈছে এই ব্যৱস্থাটোক স্বয়ং শাসক দল বিজেপিৰ দ্বাৰা নিয়োজিত একাংশ এজেণ্টেই বেমেজালিৰ সৃষ্টি কৰি আহিছে৷ যোৱা ২০ জানুৱাৰীত নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ন-পাম বাৰুৱাতী গাঁও পঞ্চায়তৰ এটা বাৰ্ডৰে ২১ গৰাকী জীৱিত লোকক মৃত সজাই নিৰ্বাচন আয়োগত বিজেপিৰ এজেণ্টে ভুৱা অভিযোগ দাখিল কৰাৰ পিছত ২৩ জানুৱাৰীত শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাং ধাইআলি গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলদৰিয়লি বাৰ্ডৰ ১০৯গৰাকী জীৱিত লোকক বিজেপিৰ এজেণ্টে মৃত সজাই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ভুৱা অভিযোগ দাখিল কৰিছিল৷ এই প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি ২৪ জানুৱাৰীত শিৱসাগৰ সমষ্টিৰে চাউলকৰা গাঁও পঞ্চায়তৰ এটা ৱাৰ্ডৰে প্ৰায় ডেৰ শতাধিক লোকক মৃত সজাই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ভুৱা অভিযোগ দাখিল কৰাৰ অভিযোগ পোৱা গৈছে৷ অঞ্চল বিশেষত বিজেপি এজেণ্টৰ দ্বাৰা বিধানসভা নিৰ্বাচনক প্ৰভাৱিত কৰিবৰ বাবে যিদৰে ভুৱা অভিযোগ দাখিল কৰা হৈছে ইয়াক লৈ সমগ্ৰ শিৱসাগৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই সন্দৰ্ভত শিৱসাগৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শুভমিত্ৰ গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সমগ্ৰ ভাৰতবৰ্ষত বিজেপিয়ে কি দৰে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈ আহিছে ইয়াক দেশৰ জনসাধাৰণৰ আগত ইতিমধ্যে উদঙাই দিছে৷ কোনোকালে অসমত নোহোৱা ঘটনা এতিয়া বিজেপিৰ দ্বাৰা অসমত হৈছে৷ অসমত এনে ভোট চুৰি চৰকাৰ থাকিবলৈ দিয়া নহ’ব বুলি তেওঁ মন্তব্য কৰে৷ ইয়াৰ লগতে সাধাৰণ সম্পাদকজনে কয় যে, পূৰ্বতে দেশৰ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰিছিল ভোটাধিকাৰ কোনে লাভ কৰিব৷ কিন্তু আজিৰ সময়ত বিজেপিয়ে নিৰ্ধাৰণ কৰিবলৈ লৈছে ভোটাধিকাৰ কাক দিয়া হ’ব৷ দেশৰ নিৰ্বাচন আয়োগ বিজেপিৰ ওচৰত এনেদৰে দুৰ্বল হৈ পৰাটো এক দুৰ্ভাগ্যজনক বিষয়৷ তেওঁ লগতে কয় যে, অসম তথা শিৱসাগৰত বিজেপি আৰু নিৰ্বাচন আয়োগে মিলিজুলি কৰা ৰাজনৈতিক সমীকৰণ কেতিয়াও বাস্তৱ হ’ব দিয়া নহ’ব৷ যিহেতু য’তেই জীৱিত মানুহক মৃত বুলি অভিযোগ দিয়া হৈছে তাতেই ভুৱা অভিযোগ দাখিল কৰাসকল বিজেপিৰ এজেণ্ট বুলি ইতিমধ্যে ধৰা পৰিছে৷ বিজেপিয়ে সমাগত বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ আশংকাতে এনেদৰে ভোট চুৰি কাৰ্যত লিপ্ত হৈছে বুলি শুভমিত্ৰ গগৈয়ে উল্লেখ কৰে৷ ইফালে দিচাং ধাইআলি গাঁও পঞ্চায়তৰ দিঘলদৰিয়লি ৱাৰ্ডৰ ১০৯ গৰাকী জীৱিত লোকক মৃত সজাই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ভুৱা অভিযোগ দাখিল কৰা বিজেপিৰ এজেণ্ট মণিৰাম পাংগিং, ৰাজীৱ শৰ্মা আৰু অভিনন্দন গগৈৰ বিৰুদ্ধে স্থানীয় ব্যক্তিয়ে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে৷