মৰাণৰ ৰাজপথত নামিব প্ৰধানমন্ত্ৰী, বন্ধ কৰা হ’ল গাড়ী-মটৰৰ চলাচল
‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৫ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে’ৰ দিনা পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ আহি প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ামতে, ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰাৰ লগতে পলাশবাৰীত নিৰ্মাণ কৰা আই আই এমৰ অস্থায়ী চৌহদ শুভাৰম্ভ কৰিব৷ একেদৰে গুৱাহাটী মহানগৰবাসীৰ বাবে ১০০খন বৈদু্যতিক বাছৰ চলাচল শুভাৰম্ভ কৰি গুৱাহাটীত নেচনেল ডাটা চেণ্টাৰৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে৷ ইয়াৰ পাছতে এখন দলীয় সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে৷ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ বুথ সন্মিলনত দলীয়া কৰ্মীসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ এই কাৰ্যসূচী সামৰি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ ৰাওনা হ’ব৷ গুৱাহাটী-উত্তৰ গুৱাহাটী দলং মুকলি কৰাৰ লগে-লগে অধিক সূচল হ’ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াত ব্যৱস্থা৷ প্ৰায় ৩ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই দলংখন৷ ১৪ ফেব্ৰুৱাৰীৰ কাৰ্যসূচীৰ পাছতে পুনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ আহিব৷ মৰাণত নিৰ্মাণ সম্পূৰ্ণ হোৱা বায়ুসেনাৰ জৰুৰীকালীন অৱতৰণ সুবিধা [ইমাৰজেন্সি লেণ্ডিং ফেচিলিটি] উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰী মোডীয়ে ই এল এফত বিশেষ বিমানেৰে অৱতৰণ কৰিব৷ প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণ কাৰ্যসূচীক লৈ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন৷ মৰাণৰ ৰাজপথত যুঁজাৰু বিমানৰ জৰুৰীকালীন অৱতৰণ সেৱা উদ্বোধনৰ প্ৰাকমুহূৰ্তত ডিব্ৰুগড় জিলা প্ৰশাসনে কেওবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে৷ ইতিমধ্যে মৰাণৰ চাৰিলেনযুক্ত পথত নিৰ্মাণ কৰা বায়ুসেনাৰ জৰুৰীকালীন অৱতৰণ সুবিধা উদ্বোধনী কাৰ্যসূচীক লৈ প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷
৬ ফেব্ৰুৱাৰীৰ পৰা উদ্বোধনী অনুষ্ঠান সম্পূৰ্ণ নোহোৱালৈকে উক্ত পথৰ দুয়োফালৰ পথত সকলো ধৰণৰ যান-বাহনৰ চলাচল আৰু সাধাৰণ জনসাধাৰণৰ বাবে সাময়িকভাৱে বন্ধ ঘোষণা কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে৷ ডিব্ৰুগড় জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি মৰাণৰ ৰানৱেটোৰ উদ্বোধনী অনুষ্ঠানত দেশৰ উচ্ছপদস্থ বিষয়ববীয়াসকল উপস্থিত থাকিবলগা হোৱাৰ সম্ভাৱনাৰ লগতে বায়ুসেনাৰ বিশেষ প্ৰদৰ্শনী আৰু প্ৰযুক্তিগত সম্পৰীক্ষা অনুষ্ঠিত হ’ব৷ সেইবাবেই নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে৷ উক্ত সময়ছোৱাত কেৱল অনুমোদিত বাহন আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলকহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব৷ জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে যে, সাধাৰণ ৰাইজে বিকল্প পথ সমূহ ব্যৱহাৰ কৰিব লাগিব আৰু প্ৰশাসনৰ নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ অনুৰোধ জনাইছে৷ লগতে অপ্ৰয়োজনীয় সমাগম পৰিহাৰ কৰিবলৈ জনসাধাৰণক আহ৩ান জনাইছে৷ মৰাণৰ এই জৰুৰীকালীন অৱতৰণ সুবিধা উদ্বোধনৰ পাছত ভাৰতীয় বায়ুসেনাৰ ৰাফেল, সুখয়, মিগ আদিৰ দৰে আধুনিক যুঁজাৰু বিমানসমূহে প্ৰয়োজন অনুসৰি এই পথত অৱতৰণ কৰিব পাৰিব৷ প্ৰায় ১৫০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই অত্যধুনিক আন্তঃগাঁথনিৰে পথটো নিৰ্মাণ কৰিছে এম এল জৈন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে৷ মৰাণৰ এই ৰানৱে হিচাপে নিৰ্মাণ হোৱা পথছোৱা চ্ছ্ৰ.২ কিলোমিটাৰ আৰু পথটোৰ বহল হৈছে ৩০ মিটাৰ৷ এই পথছোৱা যুদ্ধকালীন অৱস্থাত বা জৰুৰীকালীন পৰিস্থিতিত বায়ুসেনাৰ বিমান অৱতৰণ কৰিব পাৰিব৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মৰাণৰ ৰানৱেত বিমান যোগে অৱতৰণ কৰাৰ কথা ঘোষণা কৰিছিল৷ বৰ্তমান এই প্ৰকল্পই অসমৰ লগতে উত্তৰ-পূবৰ কৌশলগত সুৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব বুলি ধাৰণা কৰা হৈছে৷ আজি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে সমগ্ৰ নিৰাপত্তাৰ ব্যৱস্থা বুজ লয়৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ই এল এফ উদ্বোধনীৰ দিনা ৰাফেল, সুখয়, মিগ আদিৰ দৰে যুঁজাৰু বিমান অৱতৰণ কৰিব৷






